ETV Bharat / entertainment

‘জয় হনুমেন’ ক লৈ চলিছে নেকি ষড়যন্ত্ৰ !

‘চামুচেৰে দি, বেলচা মৰি নিয়া’ গানটোৰ বাবে একাংশই জয় হনুমেনক লৈ চলাইছে নেকি ষড়যন্ত্ৰ ! ভিডিঅ’যোগে পৰিচালক হিমাংশু প্ৰসাদ দাসে কি ক’লে শুনক-

Himanshu prasad das
জয় হনুমেনক লৈ চলাইছে নেকি ষড়যন্ত্ৰ ! (Photo: ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : 3 hours ago

গুৱাহাটী : মুক্তিৰ পূৰ্বেৰে পৰাই বিতৰ্কৰ মাজত থকা ‘জয় হনুমেন’ মুক্তিৰ পিছতো চৰ্চাত আছে । বিগত 18 অক্টোবৰ তাৰিখে ছবিগৃহত মুক্তি পোৱা নতুন অসমীয়া ছবি ‘জয় হনুমেন’ এ যিমানখিনি সঁহাৰি লাভ কৰিব লাগিছিল সিমানখিনি সঁহাৰি লাভ কৰা নাই । কিন্তু মন কৰিবলগীয়া কথা যে, ছবিখনক লৈ সামাজিক মাধ্যমত ঋণাত্মক মন্তব্যতকৈ ধনাত্মক মন্তব্যহে সকলোৰে চকুত পৰিছে ৷ ছবিখন চাই আহি বেছি সংখ্যক দৰ্শকেই ছবিখন সন্দৰ্ভত পজিটিভ ৰিভিউ দিছে ৷ লগতে সকলোকে ছবিখন চাবলৈয়ো অনুৰোধ জনাইছে ৷ ইয়াৰ পিছতো কোনোবাখিনিত কিয় দৰ্শক গোটাব পৰা নাই ছবিখনে ? এই কথাই নিশ্চয়কৈ চিন্তিত কৰি তুলিছে নিৰ্মাতাৰ লগতে চলচ্চিত্ৰপ্ৰেমীসকলক ৷ নৱ-প্ৰজন্মৰ উঠি অহা নিৰ্মাতাসকলেও আনকি ছবিখনে দিয়া বাৰ্তাক লৈ গৌৰৱ কৰা দেখা গৈছে ৷

মুক্তিৰ পূৰ্বে এই ছবিখনে হিন্দু ধৰ্মক আঘাত কৰিছে বুলি বহুতে বিতৰ্ক কৰা পৰিলক্ষিত হৈছিল । কিন্তু এই ঋণাত্মক মন্তব্য অৱশ্যে ছবিখন উপভোগ কৰাৰ পাছত ধনাত্মকলৈ পৰিৱৰ্তিত হোৱাও পৰিলক্ষিত হৈছে । এই সন্দৰ্ভত এটা ভিডিঅ’যোগে আজি ছবিখনৰ পৰিচালক হিমাংশু প্ৰসাদ দাসে উল্লেখ কৰি কয়, “বহুতে কৈ আছে হনুমেন নহয়, হনুমান হ’লে ছবিখন বেছি মানুহে চালেহেঁতেন । হনুমেন নামটো দি আমি হিন্দু ধর্মক অপমান কৰিছো । কিন্তু যি সকলে ছবিখন চাইছে তেওঁলোকে এইটো কথা বাৰে বাৰে কৈ আছে যে, ইয়াত হিন্দু ধৰ্মক অপমান কৰাটো দূৰৰে কথা ইয়াৰ যি আস্থা তাৰ প্ৰতি সন্মানহে প্ৰদৰ্শন কৰিছে ।”

তেওঁ লগতে আৰু কয়, “ছবিখন চোৱা বহু হিন্দুত্ববাদী নেতাইয়ো ছবিখনৰ নাম হনুমেন দি কোনো ভুল কৰা নাই বুলি প্ৰশংসা কৰিছে । কিন্তু ছবিখন নোচোৱাকৈ বহুতে ছবিখনক লৈ বিতৰ্ক কৰি আছে । তাক লৈ মই কোনো মন্তব্য দিবলৈ নাযাওঁ ।” ছবিখনৰ মুক্তিৰ দিনা এটা হোৱাটছএপ গ্ৰুপ খুলি ছবিখন ডুবাবলৈ, কিবা কৰি ছবিখনক বদনাম কৰিবলৈ কিছুমান মানুহে কথা পাতিছিল বুলি তেওঁ অভিযোগ তুলিছে । তেনে বাৰ্তালাপৰ এটা স্ক্ৰীণশ্বট তেওঁৰ হাতত আহি পৰিছে বুলিও উল্লেখ কৰে তেওঁ । “যদিহে ছবিখনৰ নাম আমি হনুমান দিলোহেঁতেন তেতিয়াহে হিন্দু ধর্মক অপমান কৰা হ’লহেঁতেন । ছবিখনক আক্ৰমণ কৰি লোৱাৰ কাৰণ মই নিজেই । যোৱা কিছুদিনত মোৰ যি সমাজিকস্থিতি, সেই সমাজিকস্থিতিয়ে কিছুমান ব্যক্তিৰ লগত লগত মোৰ সম্পৰ্ক বেয়া কৰি তুলিছিল”, এইদৰে কয় তেওঁ ৷

লগতে পঢ়ক : ছবিগৃহলৈ নাই দৰ্শকৰ সোঁত, ব্যৱসায়িকভাৱে বিফল হ’ল 'জয় হনুমেন' বুলি আক্ষেপ হিমাংশু প্ৰসাদ দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.