ETV Bharat / entertainment

শীঘ্ৰেই ছবিগৃহলৈ আহি আছে দীপলিনা অভিনীত "অভিমন্যু" - Assamese news movie release - ASSAMESE NEWS MOVIE RELEASE

Assamese news movie release : গ্ৰাম্য জীৱনৰ এটা প্ৰেম কাহিনীৰে আহি আছে 'অভিমন্যু'। ঘোষণা হ'ল 'অভিমন্যু'ৰ মুক্তিৰ তাৰিখ । ২০২৪ বর্ষৰ শেষৰ ভাগত ৰাজ্যৰ প্ৰায়কেইটা ছবিগৃহতে মুক্তি লাভ কৰিব ছবিখনে ।

Etv BharatAssamese news movie release
শীঘ্ৰেই ছবিগৃহলৈ আহি আছে দীপলিনা অভিনীত "অভিমন্যু"
author img

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 4:40 PM IST

গুৱাহাটী, 15 এপ্ৰিল : ৰাজ্যৰ চলচ্চিত্ৰপ্ৰেমী সকললৈ সুখবৰ ৷ দীঘলীয়া হৈছে চলিত মাহত মুক্তিলাভ কৰিবলগীয়া ছবিৰ তালিকা । এই বর্ষতেই মুক্তি লাভ কৰিবলগীয়া ছবি সমূহৰ ভিতৰত এখন চৰ্চিত ছবি হৈছে "অভিমন্যু"।

Deeplina starrer
অভিমন্যুৰ দৃশ্যগ্ৰহণৰ ছবি

অহা ৮ নৱেম্বৰত ছবিগৃহলৈ আহি আছে এই নতুন অসমীয়া ছবিখন ৷ স্ববনম এণ্টাৰটেইনমেন্টৰ বেনাৰত মতলেবুদ্দিন আহমেদৰ দ্বাৰা প্ৰযোজিত এই ছবিখনৰ কাহিনী আৰু পৰিচালনা অচিন্ত শংকৰৰ । মূলতঃ গ্ৰাম্য জীৱনৰ এটা প্ৰেম কাহিনীক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হৈছে এই নতুন অসমীয়া ছবিখন ।

ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেতা কমল লোচন আৰু জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই । লগতে ছবিখনত অভিনয় কৰিছে বিশিষ্ট অভিনেতা দেৱজিৎ হাজৰিকা, হিৰণ্য ডেকা, ৰিম্পি দাস, ভাগৱত প্ৰীতম, ৰাজীৱ গোস্বামী, হিমাংশু প্ৰসাদ দাস, চাংকু নিৰঞ্জন নাথ, জলি লস্কৰ, অসীম কৃষ্ণ বৰুৱা, শ্ৰেয়া বৰঠাকুৰ, কৌশিক নাথকে ধৰি বহু ন-পুৰণি কলা-কুশলীয়ে । ছবিখনৰ সংগীত কৰিছে দিগন্ত ভাৰতী, অৰূপজ্যোতি বৰুৱা আৰু ৰাজদ্বীপে । গীতৰ কথা লিখিছে দিগন্ত ভাৰতী, অৰূপজ্যোতি বৰুৱা, ৰাজদ্বীপ আৰু ৰাহুল গৌতম শৰ্মাই ।

আহিবলগীয়া এই নতুন অসমীয়া ছবিখনত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, পাপন আদিয়ে । ছবিখনৰ এটা আইটেম গীতত এগৰাকী ৰাছিয়ান শিল্পী "লিজা"ই অভিনয় কৰিছে বুলি জানিব পৰা গৈছে । মহানগৰীৰ জ্যোতি চিত্ৰবনত দৃশগ্ৰহন কৰা হৈছিল এই গীতটোৰ । লগতে ছবিখনৰ এক্সন কৰিছে দক্ষিণৰ এটা দলে । অসমৰ লগতে দেশৰ বিভিন্ন স্থানত কৰা হৈছে ছবিখনৰ দৃশ্যগ্ৰহণ ।

ছবিখনৰ চিত্ৰনাট্য তথা সংলাপ হিমাংশু নাথৰ । প্ৰদীপ দৈমাৰীৰ দৃশ্যগ্ৰহণেৰে নিৰ্মিত ছবিখনৰ ছাউণ্ড চাইছে অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমাইয়ে । কৰিঅ'গ্ৰাফাৰ দীপক দে' । এতিয়া ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা হোৱাৰ লগে লগে ৰাজ্যবাসীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে ৷

লগতে পঢ়ক: ছলমান খানৰ বাসগৃহৰ বাহিৰত গুলীচালনাৰ দায়িত্ব স্বীকাৰ : এয়া ট্ৰেইলাৰহে আছিল, এয়া অন্তিম সতৰ্কবাণী - Firing in Salman Khan house

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.