ETV Bharat / entertainment

পিতৃয়ে প্ৰকাশ কৰিলে সুহানী ভাটনাগৰৰ মৃত্যুৰ প্ৰকৃত কাৰণ

Suhani Bhatnagar Death: ১৯ বছৰ বয়সত দেহাৱসান ঘটে সুহানী ভাটনাগৰৰ । দংগল ছবিখনত দেখা গৈছিল সুহানীক। আমিৰ খানৰ কন্যাৰ চৰিত্ৰত অভিনয় কৰিছিল সুহানীয়ে ।

author img

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 1:27 PM IST

Dangal Actor Suhani Bhatnagar's father revealed true cause of her death
সুহানী ভাটনাগৰৰ মৃত্যুৰ প্ৰকৃত কাৰণ

চিটাৰা ডেস্ক, ১৮ ফেব্ৰুৱাৰী: দংগল ছবিত শৈশৱৰ ববিতা ফোগাটৰ চৰিত্ৰত অভিনয় কৰা সুহানী ভাটনাগৰ আৰু নাই । শনিবাৰে ১৯ বছৰ বয়সত মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ । কম বয়সতে অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰে সকলোকে স্তম্ভিত কৰি তুলিছে ৷ ইফালে সুহানীৰ মৃত্যুৰ পিচত এতিয়া তেওঁৰ পিতৃ সুমিত ভাটনাগৰে সংবাদ মাধ্যমৰ সৈতে কথা পাতি মৃত্যুৰ প্ৰকৃত কাৰণৰ কথা উল্লেখ কৰিছে ।

পিটিআইৰ সৈতে হোৱা কথা-বতৰাত সুমিত ভাটনাগৰে কয় যে সুহানী ডাৰ্মাট’মাইঅ’চাইটিছ ৰোগত আক্ৰান্ত আছিল । এইটো এটা অতি বিৰল ৰোগ, য’ত ছালত ফোহা ওলায় আৰু পেশীবোৰ দুৰ্বল হৈ পৰে ।

চিকিৎসাৰ সময়ত মৃত্যু

তথ্য অনুসৰি ৭ ফেব্ৰুৱাৰীত দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছিল সুহানীক ৷ কিন্তু দুৰ্ভাগ্যবশতঃ ১৬ ফেব্ৰুৱাৰীত শেষ নিশ্বাস ত্যাগ কৰে অভিনেত্ৰীগৰাকীয়ে ।

মাত্ৰ দুমাহৰ ভিতৰতে সুহানীৰ অৱস্থা অতি বেয়া হৈ পৰিছিল

সুহানীৰ পিতৃয়ে এই সন্দৰ্ভত কয়, ‘‘দুমাহ আগতে সুহানীৰ হাতত এটা ৰঙা দাগ দেখা পোৱা গৈছিল । আমি এলাৰ্জী হ’ব পাৰে বুলি ভাবি ফৰিদাবাদৰ বহু চিকিৎসালয়ৰ সৈতে যোগাযোগ কৰিলোঁ যদিও ৰোগ ধৰা পেলাব পৰা নাছিলো । যেতিয়া সুহানীৰ অৱস্থা দ্ৰুতগতিত অৱনতি ঘটিবলৈ ধৰিলে, তেতিয়া আমি তাইক এইমছত ভৰ্তি কৰাইছিলো ৷ যদিও সুহানীৰ অৱস্থাৰ কোনো উন্নতি নহ’ল । এক্সেছ ফ্লুইড নিৰ্গত হোৱাৰ বাবে সুহানীৰ হাওঁফাওঁ অতি ক্ষতিগ্ৰস্ত হৈছিল ।’’

উল্লেখ্য যে, সুহানীয়ে পৰিয়ালৰ সৈতে ফৰিদাবাদত বাস কৰিছিল । বহুদিনৰে পৰা অভিনয়ৰ পৰা বিৰতি লৈছিল যাতে পঢ়া-শুনাত মনোনিৱেশ কৰিব পাৰে । ইফালে শনিবাৰে দিল্লীত তেওঁৰ অন্তিম ৰীতি-নীতি সম্পন্ন কৰা হয় ।

দংগলত সুহানীৰ সৈতে একেলগে কাম কৰা অভিনেত্ৰী জাইৰা ৱাছিমেও সুহানীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । জাইৰাই ছ’চিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰি লিখিছে,‘‘মই থতমত খাইছো । তেওঁৰ পৰিয়ালৰ কি অৱস্থা হৈছে সেয়া ভাবি মোৰ হৃদয় কপি উঠিছে । তেওঁৰ মাক-দেউতাকে নিশ্চয় যি কষ্টৰ মাজেৰে পাৰ হৈছে সেয়া অনুভৱ কৰাটোও টান হ’ব ৷ মই বাকৰুদ্ধ হৈ পৰিছো ।’’

উল্লেখ্য যে, আমিৰ খানৰ ছবি দংগল ২০১৬ চনত মুক্তি লাভ কৰিছিল । এই ছবিখনত দেখুওৱা হৈছিল ফোগাট ভগ্নীৰ কাহিনী । এই ছবিখনতেই সুহানীয়ে ববিতা ফোগাটৰ শৈশৱৰ চৰিত্ৰত অভিনয় কৰিছিল । একেখন ছবিতে গীতা ফোগাটৰ চৰিত্ৰত অভিনয় কৰিছিল জাইৰা ৱাছিমে । মহাবীৰ ফোগাটৰ চৰিত্ৰত অভিনয় কৰিছিল আমিৰ খানে ।

লগতে পঢ়ক: সুহানীৰ মৃত্যুত ভাঙি পৰিছে দংগলৰ সহ অভিনেত্ৰী জাইৰা ৱাছিম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.