গুৱাহাটী, 3 ছেপ্টেম্বৰ : হঠাৎ অন্তৰ্ধান অভিনেত্ৰী-নৃত্যশিল্পী চুমী বৰা । ট্ৰেডিঙৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগত বিশাল ফুকন গ্ৰেপ্তাৰ হোৱাৰ পাছতে সোমবাৰে নিশাৰে পৰা অন্তৰ্ধান অভিনেত্ৰীগৰাকী ।
বিতৰ্কত অভিনেত্ৰী-নৃত্যশিল্পী চুমী বৰা
মানী ট্ৰেডিঙৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বিশাল ফুকনৰ লগত নাম সাঙোৰ খাইছে অভিনেত্ৰী-নৃত্যশিল্পী চুমী বৰাৰ । বিশাল ফুকনৰ গ্ৰেপ্তাৰৰ পাচত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য । বিশাল ফুকনৰ সৈতে অসমীয়া ছবি জগতৰ লগতে সাংস্কৃতিক জগতৰ বহু নামজ্বলা লোকৰ আছে ঘনিষ্ঠ সম্পৰ্ক । এতিয়া এই অভিযোগ উঠিছে যে চুমীক ঢাল হিচাপে ব্যৱহাৰ কৰি বিশালে সৰকাইছিল বহু টকা ৷ তাৰকা শিল্পীৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক জগতৰ বহু কলা-কুশলী পৰিছে এই জালত ।
লগতে পঢ়ক : আৰক্ষীৰ জালত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত বিশাল ফুকন - Bishal Phukan Detain
চুমী বৰাক ঢাল হিচাপে ব্যৱহাৰ বিশাল ফুকনৰ ?
ইটিভি ভাৰতক এক বিশ্বাসযোগ্য সূত্ৰই জনোৱা অনুসৰি, ‘চুমী বৰাক ঢাল হিচাপে ব্যৱহাৰ কৰিছিল পাতি লোৱা ভাতৃ বিশাল ফুকনে । চুমীয়ে বহু লালসা দি ছবি জগতৰ লগতে সাংস্কৃতিক জগতৰ বহু নামজ্বলা লোকক বিশালৰ কোম্পানীত ধন বিনিয়োগ কৰিবলৈ মান্তি কৰাইছিল । অধিক মুনাফা প্ৰদান কৰাৰ লোভ দি নীতিবহিৰ্ভূতভাৱে ধন আদায় কৰিছিল চুমী আৰু বিশালে । প্ৰাপ্ত খবৰ অনুসৰি, চুমী আৰু বিশালৰ এই জালত পৰিছে অসমীয়া ছবিজগতৰ এজন বিশিষ্ট অভিনেতাৰ পত্নী, যিয়ে দুখনকৈ আগশাৰী বাণিজ্যিক অসমীয়া ছবি প্ৰযোজনা কৰিছে, লগতে আছে এটা আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যগোষ্ঠীৰ প্ৰযোজিকা তথা অসমীয়া বোলছবিৰ এক আগশাৰীৰ অভিনেত্ৰীও ৷ ইয়াৰ লগতে এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী আৰু তেওঁৰ মেক-আপ আৰ্টিষ্ট পত্নীকে ধৰি বহু কলা-কুশলীয়ে ভৰি দিছে এই জালত ।
লগতে পঢ়ক : অসমত অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাক লৈ সষ্টম আৰক্ষী : গুৱাহাটীত আটক স্বপ্ননীল দাস - SAPNANIL DAS DETAINED
চুমীৰ ডেষ্টিনেশ্যন ৱেডিঙত পানীৰ দৰে টকা খৰচ কৰিছিল বিশালে ?
ধন বিনিয়োগ কৰা একাংশ তাৰকা শিল্পী উপস্থিত আছিল চুমীৰ ৰাজস্থানৰ উদয়পুৰত অনুষ্ঠিত হোৱা ডেষ্টিনেশ্যন ৱেডিঙতো । আনহাতে এক সূত্ৰ অনুসৰি জানিব পৰা গৈছে যে ছবি প্ৰযোজনাৰ নামত ক’লা ধন ব্যয় কৰাৰ বাবেও উঠি পৰি লাগিছিল বিশাল । অভিযোগ অনুসৰি চুমী বৰাৰ পাতি লোৱা ভাতৃ বিশাল ফুকনে অভিনেত্ৰীগৰাকীৰ ডেষ্টিনেশ্যন ৱেডিঙত 1 কোটিৰো অধিক টকা খৰচ কৰিছিল ।
চুমীৰ ডিব্ৰুগড়ৰ লগতে গুৱাহাটীৰ বাসগৃহত অভিযান
মন কৰিবলগীয়া কথাটো হ’ল যে বিশাল ফুকনক গ্ৰেপ্তাৰ কৰাৰ পাছৰে পৰা মোবাইল ফোন অফ হৈ আছে চুমীৰ । চুমীক বিচাৰি ইতিমধ্যে আৰক্ষীয়ে তেওঁৰ ডিব্ৰুগড়ৰ লগতে মহানগৰীৰ বাসগৃহত চলাইছে অভিযান, কিন্তু আৰক্ষীৰ অভিযানৰ পূৰ্বেই অন্তৰ্ধান হৈছে অভিনেত্ৰী চুমী বৰা । জানিব পৰা অনুসৰি, বিশাল ফুকনৰ লগত লগ লাগি চুমী আৰু চুমীৰ ভাতৃয়ে খুলিছিল এটা মেডিচিন কোম্পানী । মেডিচিন কোম্পানীত ধন বিনিয়োগৰ নামতো বহুতৰে পৰা টকা লোৱা অভিযোগ উত্থাপন হৈছে ।
অৱশ্যে চুমী বৰাৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ সঁচা নে মিছা তাৰ উত্তৰ পাবলৈ আৰু কিছুসময় বাকী ৷ কিন্তু চুমী বৰাৰ অন্তৰ্ধানে বহু প্ৰশ্নৰ অৱতাৰণা কৰাটো নিশ্চিত ৷
লগতে পঢ়ক : দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে পল্টনবজাৰ আৰক্ষী থানাত দাখিল গোচৰ - DB Stock Consultancy case