ETV Bharat / entertainment

মাজুলীৰ বিহু অনুষ্ঠানত বিতৰ্ক জৰুৰী নেকি ? - manas robin bihu show in majuli - MANAS ROBIN BIHU SHOW IN MAJULI

Manas Robin bihu show in Majuli : মাজুলীৰ বিহু অনুষ্ঠানত পুনৰ বিতর্ক ৷ এইবাৰ মানস ৰবীনৰ সংগীতানুষ্ঠানত বিতর্ক ৷ বিহু সমিতিৰ এজনে কৰিলে পলায়ন ! সবিশেষ আগলৈ-

controversy erupts during manas robin bihu show in majuli over payment issue with organising committee
বিহু অনুষ্ঠানত বিতৰ্ক (etv bharat assam)
author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 2:18 PM IST

বিহু অনুষ্ঠানত বিতৰ্ক (etv bharat assam)

মাজুলী, 15 মে’ : যেনেদৰে কিছুমান মানুহৰ নাম শুনিয়ে মানুহৰ মনলৈ বিতৰ্ক শব্দটো মনলৈ আহে, এইবাৰ বিহুৰ বতৰত যেন মাজুলীয়ে ল’লে সেই বিশেষ ঠাই ৷ বহাগৰ বিহুতে ভাল লগ ল’লে বিতৰ্কই মাজুলীক ৷ প্ৰতিটো অনুষ্ঠানতে ঘটিছে সৰু-বৰ কাণ্ড ৷ বহুদিন ধৰি জুবিন গাৰ্গৰ নামৰ সৈতে বিতৰ্কত সোমাই থাকিল মাজুলী ৷ এতিয়া আকৌ আন এজন জনপ্ৰিয় সংগীতশিল্পী মানস ৰবীনৰ অনুষ্ঠানতো ঘটিল আজৱ কাণ্ড ৷ টোপ দি দি যেন বিহু সমিতিৰ বিষয়ববীয়াই মানস ৰবীনক মঞ্চত উঠালে ঘটনাটো ঠিক তেনেকুৱা ধৰণৰ ৷

কালি মাজুলীত সংগীতানুষ্ঠান আছিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীনৰ । মাজুলীত সংগীতানুষ্ঠান পৰিবেশন কৰিবলৈ কণ্ঠশিল্পী গৰাকীক নিমন্ত্ৰণ জনাইছিল মাজুলীৰ এটা ছাত্ৰ সংগঠনে । মানস ৰবীনৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ সেই ঠাইলৈ আহিছিল মাজুলীৰ বিভিন্ন ঠাইৰ লোক । মানস ৰবীনৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈকে দুপৰ নিশালৈকে ৰৈ আছিল মাজুলীৰ বিভিন্ন স্থানৰ লোকসকল । পিছে বাতিল হৈছিল মানস ৰবীনৰ সংগীতানুষ্ঠান ৷

মাজুলী জিলাৰ এটা ছাত্ৰ সংগঠনৰ উদ্যোগত অনুষ্ঠিত হোৱা এই কেন্দ্ৰীয় মুকলি বিহু অনুষ্ঠানত সমিতিৰ সদস্যই লগালে খেলিমেলি ৷ নিশা দুপৰলৈকে অপেক্ষা কৰাৰ পাচতো চুক্তি কৰি অনা ধন আদায় নিদিলে মানস ৰবীনক । বহু সময় ধৰি অপেক্ষা কৰি থকা ৰাইজৰ মাজত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় । কণ্ঠশিল্পী গৰাকীয়ে উপস্থিত ৰাইজক উদ্দেশ্যি কয়, ‘মোক এটা নিৰ্দিষ্ট চুক্তিত গীত পৰিৱেশন কৰিবৰ বাবে নিমন্ত্ৰণ জনাই আনিছিল কিন্তু সেই চুক্তি ৰূপায়ণ কৰিব নোৱাৰিলে কমিটিয়ে । আমাক যি সময়ত উপস্থিত হ’ব কৈছিল সেই সময়তে উপস্থিত হৈছিলো । আমাক দিবলগীয়া আগধনো আজি দিম কালি দিম কৰি আছিল আৰু শেষ মুহূৰ্তত তেওঁলোকে অনুষ্ঠান পৰিৱেশন কৰাৰ আগত চুক্তি মতে সকলো টকা আদায় দিম বুলি আমাক কৈছিল । তেওঁলোকে সেইয়া কৰিব নোৱাৰিলে যাৰ বাবে আজি এনে ঘটনা ঘটিবলৈ পালে ।’

উপস্থিত ৰাইজৰ বাবে পইচা নোলোৱাকৈয়ে কণ্ঠশিল্পী গৰাকীয়ে নিজে গীত পৰিৱেশন কৰে । জানিব পৰা মতে, গীত পৰিৱেশন কৰাৰ আগ মুহূৰ্তত বিহু সমিতিৰ সভাপতি সম্পাদক সকলো পলাই যায় । প্ৰাপ্ত তথ্য অনুসৰি, প্ৰায় ২ ৰ পৰা ৩লাখৰ ভিতৰত সমিতিয়ে চুক্তি কৰিছিল শিল্পীগৰাকীৰ সৈতে ৷

লগতে পঢ়ক : বিহু ফাংশ্যনত গাঁত খান্দি বোকাত নচাক লৈ চিন্তিত অভিনেতা অৰুণ হাজৰিকা - actor arun hazarika bihu dance

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.