ETV Bharat / entertainment

কাঁ চলচ্চিত্ৰ মহোৎসৱত অভিষেক ঘটোৱা কিয়াৰাৰ লুকে মুহিছে সকলোকে - Cannes Film Festival 2024

author img

By ETV Bharat Entertainment Team

Published : May 18, 2024, 12:06 PM IST

Cannes Film Festival 2024: কাঁ চলচ্চিত্ৰ মহোৎসৱ 2024: ৰেড কাৰ্পেট অভিষেক ঘটোৱাৰ আগতে উৰুলৈকে কটা গাউন পৰিহিত কিয়াৰাক সপোনকুঁৱৰী দৰে দেখা গৈছে ৷

Cannes Film Festival 2024: Kiara Advani Looks Dreamy in Thigh-high Slit Gown Ahead of Red Carpet Debut
কিয়াৰা আদৱানী (etv bharat)

চিটাৰা ডেস্ক, 18 মে’ : ২০২৪ চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত ৰেড কাৰ্পেটত অভিষেক ঘটোৱাৰ পূৰ্বে কিয়াৰা আদৱানীয়ে এক আকৰ্ষণ ৰূপ ধাৰণ কৰিছে । প্ৰবাল গুৰুঙৰ ডিজাইনত অভিনেত্ৰীগৰাকীয়ে এক মাৰ্জিত লুক পৰিধান কৰে ।

কিয়াৰাই কাঁ চলচ্চিত্ৰ মহোৎসৱত ফ্ৰান্স ৰিভেৰাৰ শোভা বঢ়াইছে ৷ প্ৰবাল গুৰুঙৰ ডিজাইনাৰ গাউনত কিয়াৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷ গাউনটোৰ সৈতে কিয়াৰাই পৰিধান কৰিছে কিছু পৃথক ডিজাইনৰ মুকুতাৰ কাণফুলি ৷

ষ্টাইল আৰু মোহনীয় ৰূপেৰে ভাৰতক প্ৰতিনিধিত্ব কৰি কাঁ-ত অনুষ্ঠিত হোৱা ৰেড ছি ফিল্ম ফাউণ্ডেশ্যনৰ উইমেন ইন চিনেমা গালা নৈশ আহাৰত অংশগ্ৰহণ কৰে কিয়াৰাই । কাঁ ফিল্ম ফেষ্টিভেল আৰম্ভ হোৱাৰ লগে লগে সামাজিক মাধ্যমত তাৰকাসকলৰ ফেশ্বন ষ্টেটমেণ্ট লৈ চৰ্চা আৰম্ভ হৈ গৈছে ৷ এই দৃষ্টিকোণৰ পৰা কিয়াৰা আদৱানীয়ে কাকো নিৰাশ কৰা নাই ৷

য’ত নেকি ঐশ্বৰ্য ৰায় বচ্চনে এই বছৰ কাঁ ফিল্ম ফেষ্টিভেলত তেওঁৰ 21 সংখ্যক উপস্থিতি নিশ্চিত কৰিছে, সেই সময়ত কিয়াৰা ষ্টাইলিছ লুকেৰে সাজু হৈছে কাঁ ফিল্ম ফেষ্টিভেলত আত্মপ্ৰকাশ কৰিবলৈ ৷ নিজৰ ফেশ্বন গেমৰ বাবে পৰিচিত কিয়াৰাই অনায়াসে পৰম্পৰাগত আৰু আধুনিক শৈলীৰ মিশ্ৰণ ঘটাই সদায়ে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।

কাঁ-ত অভিষেক ঘটাবলৈ কিয়াৰাই প্ৰবাল গুৰুঙৰ এটা মন্ত্ৰমুগ্ধকৰ বগা গাউন বাছি লয় ৷ মুকুতাৰ কাণফুলি আৰু এটা ষ্টেটমেন্ট আঙঠিৰে সৈতে কিয়াৰাই নিজৰ লুকটো সম্পূৰ্ণ কৰে ৷ লক্ষ্মী লেহৰৰ দ্বাৰা ষ্টাইল কৰা কিয়াৰাই আইকনিক খ্ৰীষ্টান লৌবাউটিন হীলছ আৰু সূক্ষ্ম কিন্তু মনোমোহা মেকআপৰ সৈতে নিজক উপস্থাপন কৰে । কাঁ ২০২৪ ত কিয়াৰাৰ উপস্থিতিয়ে ফেশ্বন অনুৰাগীসকলক মোহাচ্ছন্ন কৰি ৰাখে ৷

লগতে পঢ়ক : কাঁ 2024 ত ঐশ্বৰ্য-আৰাধ্যাৰ মায়াজাল - AISHWARYA RAI BACHCHAN AT CANNES

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.