চিটাৰা ডেস্ক, ২৭ ফেব্ৰুৱাৰী: বলীউডৰ খিলাড়ী অৰ্থাৎ অক্ষয় কুমাৰ বৰ্তমান তেওঁৰ পৰৱৰ্তী ছবি ‘বড়ে মিঞা ছোটে মিঞা’ৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে । এই ছবিখনত তেওঁৰ সৈতে টাইগাৰ শ্ৰফকো মুখ্য চৰিত্ৰত দেখা যাব । এনে পৰিস্থিতিত দুয়োগৰাকী তাৰকাই নিজৰ ছবিখনৰ প্ৰচাৰ জোৰদাৰভাৱে চলাই আছে । সোমবাৰে দুয়োগৰাকী তাৰকাই নিজৰ ছবিখনৰ প্ৰচাৰৰ বাবে লক্ষ্ণৌত উপস্থিত হৈছিল ৷ কিন্তু এই সময়ছোৱাত তাৰকা দুগৰাকীক চাবলৈ ভিৰ কৰেহি হাজাৰ হাজাৰ লোকে ৷ যাৰ বাবে ভিৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যায়, ফলত আৰক্ষীয়ে লাঠি চালনা কৰিবলগীয়া হয় । এতিয়া ইয়াৰে এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।
এই ভাইৰেল ভিডিঅ'টোত দেখা গৈছে যে অক্ষয় আৰু টাইগাৰক চাবলৈ হাজাৰ হাজাৰ লোক গোট খাইছে । একে সময়তে দুয়োগৰাকী তাৰকাই নিজৰ অনুৰাগীক লাইভ একশ্যন ষ্টাণ্টো দেখুৱাইছিল । এনে পৰিস্থিতিত টাইগাৰ আৰু অক্ষয়ক দেখি অনুৰাগীসকল অতিশয় উৎফুল্লিত হৈ পৰে । একে সময়তে ভিৰ ইমানেই বাঢ়ি যায় যে তেওঁলোকক নিয়ন্ত্ৰণ কৰাটোও কঠিন হৈ পৰে ।
ৰাইজে দলিয়ালে চেণ্ডেল
আনহাতে, ভিৰৰ মাজৰ পৰা বহু লোকে চেণ্ডেল নিক্ষেপ কৰাও দেখা গ’ল, যাৰ বাবে হঠাতে বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয় । ফলত ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠি চালনাৰ আশ্ৰয় ল’বলগীয়া হৈছিল । অৱশ্যে অক্ষয় আৰু টাইগাৰৰ নিৰাপত্তাৰ বাবে তেওঁলোকক ভিৰৰ পৰা দূৰত ৰখা হৈছিল ।
কেতিয়া মুক্তি পাব বাড়ে মিঞা ছোটে মিঞা ?
উল্লেখযোগ্য যে, আলী আব্বাছ জাফৰৰ পৰিচালনাত নিৰ্মিত ‘বড়ে মিঞা ছোটে মিঞা’ ছবিখনত অক্ষয় আৰু টাইগাৰৰ প্ৰচণ্ড একশ্যন দেখা যাব । মনুষী চিল্লাৰ, সোনাক্ষী সিনহা, আলয়া এফ, ৰণিত ৰয়ৰ দৰে তাৰকাকো ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব । ঈদ উপলক্ষে চিনেমাগৃহত মুকলি হ'ব ছবিখন ।
লগতে পঢ়ক: কোন আলিয়া ভাটৰ জিগ্ৰা ? অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিলে সামৰণি ফটো