ETV Bharat / entertainment

5 দিনৰ অন্তত জামিন লাভ এলভিছৰ - YouTuber Elvish Yadav got bail - YOUTUBER ELVISH YADAV GOT BAIL

Snake Venom Case: ইউ টিউবাৰ তথা বিগ বছ অ’টিটি ২ বিজয়ী এলভিছ যাদৱে সাপৰ বিষ সৰবৰাহৰ অভিযোগত কাৰাগাৰত আৱদ্ধ হৈ আছে ৷ ইয়াৰ পিচতে শুকুৰবাৰে এলভিছ যাদৱক আদালতে জামিন প্ৰদান কৰে ৷ ছিষ্টেম নামেৰে জনাজাত ইউ টিউবাৰজনক ১৭ মাৰ্চত গ্ৰেপ্তাৰ কৰা হৈছিল ৷

YOUTUBER ELVISH YADAV GOT BAIL
5 দিনৰ জামিন লাভ এলভিছৰ
author img

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 9:59 PM IST

Updated : Mar 22, 2024, 10:39 PM IST

নেশ্যনেল ডেস্ক, 22 মাৰ্চ : বিগ বছ অ’টিটি ২ বিজয়ী আৰু জনপ্ৰিয় ইউ টিউবাৰ 'ছিষ্টেম' এলভিছ যাদৱৰ অনুৰাগীসকলৰ বাবে সুখবৰ ৷ শুকুৰবাৰে এলভিছক সাপৰ বিষ চোৰাংভাৱে ব্যৱসায়ৰ কৰা গোচৰত জামিন প্ৰদান কৰে আদালতত ৷ এলভিছে পাঁচদিনৰ পিচত এই গোচৰটোত জামিন লাভ কৰে ৷ বিগ বছ ১৭ ৰ প্ৰতিযোগী অনুৰাগ ডোভালে সামাজিক মাধ্যমযোগে এই কথা জানিবলৈ দিছে ৷ এলভিছক ১৭ মাৰ্চত গ্ৰেপ্তাৰ কৰা হৈছিল ৷ তাৰ পিচতে এলভিছক ১৪ দিনৰ বাবে ন্যায়িক জিম্মাত লোৱা হৈছিল ৷

উল্লেখ্য যে, এলভিছৰ প্ৰথমখন জামিন আবেদন আদালতে নাকচ কৰিছিল ৷ তাৰ পিচতে দ্বিতীয়বাৰ আবেদনৰ শুনানিৰ দিনা আদালতে এলভিছক জামিনত মুক্তি দিয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

অনুৰাগ ডোভালে তেওঁৰ এক্স পোষ্টত এলভিছৰ জামিনৰ খবৰটো শ্বেয়াৰ কৰিছে ৷ অনুৰাগে লিখে, 'ঈশ্বৰে কেতিয়াও ভুল নকৰে , এলভিছে জামিন লাভ কৰিলে ৷'

এই খবৰৰ পিচতে, সামাজিক মাধ্যমত এলভিছৰ অনুৰাগীসকলৰ মাজত আনন্দৰ বন্যা বৈছে ৷ এগৰাকী অনুৰাগীয়ে লিখিছে, ' ভাই ওলাই আহিছে'৷

আন এজনে আকৌ লিখিছে, 'ভাই কী জীত' ৷

এলভিছক শেহতীয়াকৈ দিল্লী আৰক্ষীয়ে চাৰি মাহ পূৰ্বে নয়ডাত অনুষ্ঠিত এটা ৰেভ পাৰ্টিত সাপৰ বিষ যোগান ধৰাৰ বাবে গ্ৰেপ্তাৰ কৰিছিল ৷ এলভিছক সুৰজপুৰৰ এখন বিশেষ আদালতত হাজিৰ কৰোৱা হৈছিল আৰু ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল ৷

এলভিছৰ বিৰুদ্ধে আইপিচিৰ (বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২) ধাৰা ১২০বি, ২৮৪ আৰু ২৮৯ ৰ অধীনত গোচৰ পঞ্জীয়ন কৰা হৈছিল ৷ 20 মাৰ্চৰ শুনানিৰ সময়ত, এলভিছৰ জামিন মঞ্জুৰ কৰা হোৱা নাছিল৷ সূত্ৰ অনুসৰি, বাৰ এছ'চিয়েশ্যনৰ ধৰ্মঘটৰ বাবে এলভিছৰ জামিনত বিলম্ব হয় ৷

লগতে পঢ়ক: কাৰাগাৰত বন্দী এলভিছ, কান্দি কান্দি অৱস্থা বেয়া মাতৃৰ, সমৰ্থনত নামিল এইসমূহ অভিনেতা

Last Updated : Mar 22, 2024, 10:39 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.