ETV Bharat / entertainment

সুদীৰ্ঘ ১২ বছৰৰ পিচত ৰূপালী পৰ্দাত আকাশদ্বীপ: কিন্তু এইবাৰ ভিন্ন ৰূপত - Agniveer

author img

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 7:24 PM IST

Agniveer: বহুবছৰৰ বিৰতিৰ পাছত পুনৰ ৰূপালী পৰ্দাত দৰ্শকে দিবলৈ পাব অভিনেতা আকাশদ্বীপক । অগ্নিবীৰ"ৰ জৰিয়তে নিজ উভতনি যাত্ৰা ৰূপায়ণ কৰিছে এসময়ৰ জনপ্রিয় অভিনেতাগৰাকীয়ে ।

Agniveer
সুদীৰ্ঘ ১২ বছৰৰ পিচত ৰূপালী পৰ্দাত আকাশদ্বীপ: কিন্তু এইবাৰ ভিন্ন ৰূপত (ETV Bharat)

গুৱাহাটী, 11 আগষ্ট: এসময়ত ৰূপালী পৰ্দাত দপদপাই থকা এগৰাকী অভিনেতা আকাশদ্বীপ ডেকা ৷ চল গৌৰী লে যাব তোকে মোৰ গাঁও....এই গীতটিত অভিনয় কৰি অসমবাসীৰ মন জয় কৰা অভিনেতাগৰাকী চিনি নোপোৱা মানুহ হয়টো কমেই ওলাব ৷ "I Love You" ছবিৰ যোগেৰে অসমীয়া ছবিজগতত খোজ পেলোৱা অভিনেতাগৰাকীয়ে কেইবাখনো ছবিত অভিনয় কৰাৰ লগতে, এসময়ৰ জনপ্ৰিয় ভিচিডি জানমণি অঞ্জনা আদিকে ধৰি কেইবাখনো ভিচিডিত অভিনয় কৰে ৷ ইয়াৰোপৰি পৰি প্ৰায় ১০ বছৰ সময় তেওঁ ভ্ৰাম্যমাণতো অভিনয় কৰিছিল ৷ তেওঁৰ পত্নী আঙুৰলতাৰ সৈতে কৰা মিলন-মালা নাটকৰ জৰিয়েও ভ্ৰাম্যমাণ জগতত খুবেই জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

নতুন ৰূপত আকাশদ্বীপ

সম্প্ৰতি আকাশদ্বীপৰ অনুৰাগীসকলৰ বাবে আহিছে এটি ভাল খবৰ ৷ সুদীৰ্ঘ ১২ বছৰৰ পিছত আকাশদ্বীপক ৰূপালী পৰ্দাত দেখিব দৰ্শকে ৷ শীঘ্ৰেই আহিবলগীয়া এখন নতুন অসমীয়া ছবি "অগ্নিবীৰ"ৰ জৰিয়তে নিজ উভতনি যাত্ৰা ৰূপায়ণ কৰিছে এসময়ৰ জনপ্ৰিয় অভিনেতাগৰাকীয়ে ৷ কিন্তু এইবাৰ হিৰোৰ ৰূপত নহয় ভিলেইনৰ ৰূপতহে দেখিবলৈ পোৱা যাব আকাশদ্বীপ ডেকাক ৷

কেতিয়া মুক্তিলাভ কৰিব ছবিখন

শেহতীয়াকৈ মুকলি কৰা হয় আহিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ পোষ্টাৰ ৷ আৰ.বি প্ৰডাকচন হাউচৰ বেনাৰত নিৰ্মাণ কৰা এই নতুন অসমীয়া ছবিখনৰ পৰিচালনা ৰজনী বৰ্মনৰ ৷ একচন আৰু ৰোমান্সকৰ কাহিনীৰে নিৰ্মাণ কৰা ছবিখন প্ৰযোজনা কৰিছে মনীষ আগৰৱাল আৰু সৰোজিনী বসুমতাৰীয়ে ৷

ইফালে, ছবিখনৰ সহঃ প্ৰযোজনা কৰিছে হেমাংগ শইকীয়া, অমৰেন্দ্ৰ ভাগৱতী, গণেশ প্ৰসাদ আৰু কুমাৰেশ দত্তই ৷ ছবিখনত অভিনেতা আকাশদ্বীপৰ উপৰিও অভিনয় কৰিব সিদ্ধান্ত কলিতা, কিংকিনী ভট্টাচাৰ্য, বাহাৰুল ইছলাম, বিক্ৰম ৰাজখোৱা (বিকি), হিৰণ্য দাস, শ্যামন্তিক শৰ্মা, ভ্ৰান্তি মেধি, নয়ন নিৰ্বাণ, চিৰঞ্জীত বৰা, অতুল পাঁচনি, দীনেশ দাস, বাবলি বৰা, জলী লস্কৰ, ৰমেন তামুলী, অনুশ্ৰী দাস, পৰাগ শৰ্মা, কবিন ৰাজ, সিদ্ধু ডেকা, নৱৰাজ বৰুৱা, পিংকি শৰ্মা, মনিষা গগৈ আৰু কুমাৰেশ দত্তৰ লগতে আন বহুতো ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ৷ লগতে অজয় ফুকনৰ সংগীত পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, পাপৰি গগৈ আৰু নীল আকাশে ৷

জানিব পৰা মতে, গুৱাহাটীৰ লগতে গহপুৰ, চানডুবি, বৰপেটা, নগাঁৱত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছে ৷ ৰজনী বৰ্মনৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখন নিৰ্মাতাগোষ্ঠীয়ে

চলিত বৰ্ষতেই মুক্তি দিয়াৰ মানস কৰিছে যদিও ইয়াৰ এতিয়াও ছবিখনে কেতিয়া মুক্তিলাভ কৰিব সেই সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই ৷ উল্লেখ্য যে,"লংকাকাণ্ড" ৰ পিচত আৰ. বি প্ৰডাকচন হাউচে নিৰ্মাণ কৰি উলিওৱা এইখন হৈছে তেওঁলোকৰ দ্বিতীয়খন ছবি ৷

লগতে পঢক: অচিৰেই মুক্তিৰ অপেক্ষাত ৰসৰাজৰ বিখ্যাত গল্পৰ আধাৰত নিৰ্মিত চুটি ছবি পাতমুগী - Short film Patmugi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.