ETV Bharat / entertainment

শ্ৰী ৰঘুপতিকো চেৰ পেলাব নেকি বিদুৰভায়ে ! - Bidurbhai

author img

By ETV Bharat Entertainment Team

Published : Aug 13, 2024, 7:50 PM IST

Bidurbhai: আনে নোৱৰা কাম পুনৰ এবাৰ কৰি দেখুৱালে যুৱ পৰিচালক সুব্ৰত কাকতিয়ে । দুখন শ্ৰেষ্ঠ ছবিৰ দ্বাৰা নিজেই নিজৰ ৰেকৰ্ড ভংগ কৰিব নেকি সুব্ৰত কাকতিয়ে ? এতিয়ালৈকে ছবিখনে কিমান সংগ্ৰহ কৰিলে জানেনে ?

ASSAMESE MOVIE BIDURBHAI
শ্ৰী ৰঘুপতিকো চেৰপেলাব নেকি বিদুৰভায়ে ! (INSTAGRAM)

গুৱাহাটী, 13 আগষ্ট: বৰ্তমান অসমৰ সকলো ছবিগৃহত সগৌৰৱে চলি আছে বিদুৰভাই । ১৯ জুলাইত ৰাজ্যৰ ১৭৯ টা চিত্ৰগৃহত মুক্তি লাভ কৰিছিল ছবিখনে । অসমীয়া ছবিক এক নতুন মাত্ৰা দিলে ছবিখনে । ‘বিদুৰভাই’ ছবিখন নোচোৱা মানুহ হয়তো খুব কমেই ওলাব । প্ৰায় সকলো লোকেই উপভোগ কৰিছে ‘বিদুৰভাই’।

এতিয়ালৈকে ছবিখনে কিমান কৰিলে সংগ্ৰহ

অভিলেখ গঢ়াৰ দিশে যাত্ৰা অব্যাহত আছে অসমীয়া ছবি "বিদুৰভাই"ৰ ৷ যোৱা ১৯ জুলাইত মুক্তিলাভ কৰা ছবিখনে আজি ভৰি দিলে ২৬ নম্বৰ দিনত ৷ "বিদুৰভাই" ৰ প্ৰতি দৰ্শকৰ যি মৰম সেয়া প্ৰমাণ কৰিলে ছবিখনৰ মুঠ বক্স অফিচ সংগ্ৰহে ৷ বিগত ২৫ দিনত বিদুৰভাই ছবিখনে মুঠ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে প্ৰায় ৯.৫০ কোটি টকা ৷

যদিহে ছবিখনৰ এই যাত্ৰা অব্যাহত থাকে তেন্তে পৰিচালক সুব্ৰত কাকতিয়ে পৰিচালনা কৰা প্ৰথমখন ছবি "শ্ৰী ৰঘুপতি"কো যে চেৰ পেলাব সেয়া একপ্ৰকাৰে এতিয়া নিশ্চিত হৈ পৰিছে ৷ বিদুৰভাইৰ টীমৰ তৰফৰ পৰা জনোৱা অনুসৰি "বিদুৰভাই" ছবিখন মুক্তিৰ প্ৰথম তিনিদিনৰ মুঠ সংগ্ৰহ আছিল ১.২৪ কোটি টকা ৷ ঠিক তেনেদৰে প্ৰথম সপ্তাহৰ মুঠ সংগ্ৰহ আছিল ৩.০৯ কোটি টকা আৰু ছবিখনৰ ১১ দিনত মুঠ সংগ্ৰহ ৫.১০ কোটি টকা ৷

"বিদুৰভাই" ছবিখন মুক্তিৰ দিনৰ পৰাই ৰাজ্যৰ প্ৰতিটো ছবিগৃহৰ দৰ্শনী হাউচফুল হৈ পৰিছিল ৷ ছবিখনৰ প্ৰতি দৰ্শকৰ যি মৰম সেয়া বৰ্তমানো অব্যাহত আছে ৷ ছবিগৃহৰ পৰা ওলাই দৰ্শকৰ মুখত মাথোঁ "জয় বিদুৰভাই" ধ্বনি ৷

বিদুৰভায়ে জিনিলে দৰ্শকৰ হৃদয়

এয়া উল্লেখনীয় যে, বিদুৰভাই ছবিখনত তথাকথিত কোনো নামী-দামী অভিনেতা-অভিনেত্ৰী নাই যদিও ভাল কাহিনী আৰু পৰিচালনাৰে যে এখন সুন্দৰ ছবি নিৰ্মাণ কৰিব পাৰি তাৰেই প্ৰমাণ দাঙি ধৰিলে পৰিচালক সুব্ৰত কাকতিৰ সুদক্ষ পৰিচালনাৰ লগতে ছবিখনত অভিনেতা-অভিনেত্ৰীসকলৰ অভিনয়ে ৷ ছবিখনৰ প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰীৰ লগতে ছবিখনৰ লগত জড়িত প্ৰতিগৰাকী কলা-কুশলীৰ প্ৰসংশাত পঞ্চমুখ এতিয়া দৰ্শক ৷

এখন অসমীয়া ছবিৰ এনে সফলতাই এতিয়া উৎসাহিত কৰি তুলিছে প্ৰতিগৰাকী অসমীয়া ছবিপ্ৰেমী ৰাইজক ৷ উল্লেখ্য যে, সকলোৰে জীৱনৰ লগত সংপৃক্ত হ’ব পৰা এটা অতি সুন্দৰ কাহিনী দৰ্শকৰ আগত উপস্থাপন কৰিবলৈ সক্ষম হৈছে বিদুৰভাই ছবিখনে ৷ সুন্দৰ উপস্থাপন আৰু বলিষ্ঠ অভিনয়ে সকলো দৰ্শকৰ মন জয় কৰিছে । সেয়ে ছবিখন চাবলৈ দৰ্শকক মাতিবলৈ প্ৰয়োজন হোৱা নাই, সকলোৱে স্ব-ইচ্ছাৰে ছবিখন চাবলৈ ঢাপলি মেলিছে ছবিগৃহলৈ । ইয়াৰ দ্বাৰা এয়াও প্ৰমাণ হয় যে এখন ভাল ছবি হ’লে দৰ্শকে উপভোগ কৰিবই ।

অসমীয়া ছবিজগতত খলকনিৰ সৃষ্টি কৰা শ্ৰী ৰঘুপতিৰ দৰেই বিদুৰভাই ছবিখনৰ দ্বাৰা সুব্ৰত কাকতিয়ে নিজেই নিজৰ ৰেকৰ্ড ভংগ কৰিব পাৰিবনে নে নাই সেয়া সময়তহে জানিব পৰা যাব ৷

লগতে পঢ়ক: সকলোতে বলিছে বিদুৰভাইৰ বতাহ: বিশেষভাৱে সক্ষম সকলেও উপভোগ কৰিলে ছবিখন - Bidurbhai

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.