ETV Bharat / entertainment

মৌচুমীৰ ভাইৰেল এম এম এছে কি শিকালে মৌচুমীক ? - himanshu prasad das viral mms - HIMANSHU PRASAD DAS VIRAL MMS

Himanshu Prasad Das viral mms: কিনো হ’ব বন্ধু কান্দিলে, বন্ধ কোঠাত অকলশৰে- ইয়াৰ সাৰাংশ বুজিবলৈ আপোনালোকে চাব লাগিব চলচ্চিত্ৰ নিৰ্মাতা হিমাংশু প্ৰসাদ দাসৰ "ভাইৰেল মৌচুমী" ৷

Viral Mouchumi. ভাইৰেল মৌচুমী। Priyanka Saikia। Himanshu
ভাইৰেল মৌচুমী চাব (etv bharat)
author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 11:32 AM IST

চিটাৰা ডেস্ক, 30 মে’ : যাক জীৱন বাটৰ লগৰী বুলি ভাবি সুন্দৰ ভৱিষ্যতৰ সপোন দেখা যায়, সেইজনেই যদি সংগ এৰি দিয়ে ! কি কৰিব আপুনি ? প্ৰেমত কৰি ওৰেটো জীৱন একেলগে থাকিম বুলি ভাবি নিজকে সৰ্বস্ব সপি দিয়াৰ অন্তত সেই বিশেষ ব্যক্তিজনেই যদি সমাজৰ আগত আপুনি মুখ উলিয়াব নোৱাৰা কৰি তোলে ? সেই প্ৰেমিকৰ বাবেই যদি জন্মদাত্ৰী পিতৃ-মাতৃয়ে আপোনাক ঘৰৰ পৰা উলিয়াই দিয়ে ! কি কৰিব তেতিয়া আপুনি ?

জীৱন এটাই ৷ এই সুন্দৰ জীৱনটো সুন্দৰ কামেৰেই সকলোৱে আগবঢ়াই নিয়া উচিত ৷ জীৱন যুঁজত হাৰ মানিব নোখোজা প্ৰতিজন ব্যক্তিৰে দুটা প্ৰিয় শব্দ হ’ল "জীৱন জিন্দাবাদ"৷ আজিকালি দিন-কাল যেনেকুৱা, মানুহে নিজেই নিজকে প্ৰেৰণা দিয়াৰ দৰকাৰ এই শব্দ দুটাৰে ৷ কংক্ৰিট নগৰীত মানুহৰ কাষত থিয় হ’বলৈ মানুহৰ সময় নাই ৷ কিন্তু তাৰ মাজতে সমাজখন সুন্দৰ কৰি ৰাখিবলৈ সকলো দিশতে মানুহে একেলগে হৈ কাম কৰিব যাবই লাগিব ৷ শেহতীয়াকৈ চলচ্চিত্ৰ নিৰ্মাতা হিমাংশু প্ৰসাদ দাসে সমাজলৈ যোগাত্মক বাৰ্তা দিয়াৰ মানসেৰে নিৰ্মাণ কৰি উলিয়াইছে এখন মিউজিকেল চৰ্ট ফিল্ম "ভাইৰেল মৌচুমী"৷

জীৱন যুদ্ধত হাৰিব নিবিচৰা সকলৰ বাবে, সকলো পৰিস্থিতিতে যুঁজিব বিচৰা সকলৰ বাবে আৰু সেই সকলৰ বাবে যিসকলে হেজাৰ ধুমুহাৰ পিচতো এটাই কথা বিশ্বাস কৰে যে জীৱন জিন্দাবাদ, তেওঁলোকৰ বাবেই মিউজিকেল চৰ্ট ফিল্ম "ভাইৰেল মৌচুমী" ৷ নাট্যকাৰ তথা পৰিচালক হিমাংশু প্ৰসাদ দাসে সততে সমাজত দেখিবলৈ পোৱা এটা স্পৰ্শকাতৰ বিষয়েৰেই নিৰ্মাণ কৰি উলিয়াইছে "ভাইৰেল মৌচুমী"। মঙলবাৰে মুক্তি লাভ কৰিলে নাট্যকাৰ হিমাংশু প্ৰসাদ দাসৰ ব্যতিক্ৰমী চিন্তা পৰিচালনাৰে জীৱন জিন্দাবাদৰ প্ৰথম অধ্যায়, মিউজিকেল চৰ্ট ফিল্ম "ভাইৰেল মৌচুমী"।

গীতটিত কণ্ঠদান কৰিছে হিমাংশু প্ৰসাদ দাস আৰু অৰুন্ধতী ভানুপ্ৰিয়াই । গীতৰ কথা আৰু সুৰ হিমাংশু প্ৰসাদ দাসৰ । হিমাংশু প্ৰসাদ দাসৰ পৰিকল্পনা আৰু পৰিচালনাৰে নিৰ্মিত "ভাইৰেল মৌচুমী"ত অভিনয় কৰিছে প্ৰিয়ংকা শইকীয়া, ধীৰক, প্ৰণৱ, মোহন, প্ৰাণেশ্বৰ, তপন, পাপু, গৌৰৱ, হিমশিখৰ, হেমেন, মন্দিৰা, ইন্দ্ৰ আৰু কটনিয়ান নাট্য সমাজৰ লগতে আন কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীয়ে । MMS ভাইৰেল হোৱা এজনী ছোৱালীৰ সংগ্ৰামৰ কাহিনীৰে নিৰ্মিত কৰা হৈছে এই নতুন মিউজিকেল চৰ্ট ফিল্ম "ভাইৰেল মৌচুমী"। "ভাইৰেল মৌচুমী" ৰ চিত্ৰগ্ৰহণ কৰিছে জিন্তু কুমাৰে, সম্পাদনা নিষাদ ৰঞ্জনৰ । সংগীত ব্যৱস্থাপনা পৰাণ বৰকটকীৰ আৰু ৰূপসজ্জা নিৰ্মালি কাশ্যপৰ ।

লগতে পঢ়ক : আশীৰ দশকত আলোড়নৰ সৃষ্টি কৰা "ককাদেউতা নাতি আৰু হাতী" ৰ ছিকুৱেল, অভিনয়ত কোন কোন ? - New Assamese Film

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.