ETV Bharat / entertainment

‘পুষ্পা ২’ ৰ কাৰণে মুক্তিৰ তাৰিখ সলনি হোৱা ‘তাৰিখ’ ৰ বিশেষ সফলতা - ASSAMESE FILM TAARIKH IN CIFF

২২ সংখ্যক চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বাবে নিৰ্বাচিত অসমীয়া চলচ্চিত্ৰ ‘তাৰিখ’ । ভাৰতীয় পেন’ৰামা শাখাত আনুষ্ঠানিকভাৱে নিৰ্বাচিত হৈছে ‘তাৰিখ’।

Assamese film 'Taarikh' selected for 22nd Chennai International Film Festival
অসমীয়া চলচ্চিত্ৰ ‘তাৰিখ’ (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Dec 3, 2024, 4:48 PM IST

গুৱাহাটী : পুনৰ অসমীয়া ছবিজগতৰ বাবে এটা ভাল খবৰ । ভাৰতৰ অন্যতম চলচ্চিত্ৰ মহোৎসৱ ২২ সংখ্যক চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (CIFF) ২০২৪ লৈ নিৰ্বাচিত হৈছে অসমীয়া ছবি ‘তাৰিখ’। ১২ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া এই মহোৎসৱত ভাৰতীয় পেন’ৰামা শাখাত আনুষ্ঠানিকভাৱে নিৰ্বাচিত হৈছে ‘তাৰিখ’। এইখিনিতে উল্লেখ কৰিব লাগিব যে, এইবাৰ চেন্নাই চলচ্চিত্ৰ মহোৎসৱৰ বাবে নিৰ্বাচিত তাৰিখেই হৈছে উত্তৰ-পূব ভাৰতৰ একমাত্ৰ ছবি । অৰুন্ধতী শর্মা বৰুৱা আৰু ড৹ মুক্তিস্মান হাজৰিকাৰ দ্বাৰা প্ৰযোজিত ‘তাৰিখ’ৰ পৰিচালক হৈছে হিমজ্যোতি তালুকদাৰ । ২০১৮ বৰ্ষত বহুচৰ্চিত ‘কেলেণ্ডাৰ’ চিনেমাখনৰ যোগেদি পৰিচিত হৈ পৰা হিমজ্যোতি তালুকদাৰৰ ‘তাৰিখ’ হৈছে দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ।

ছবিখনৰ এই সফলতাৰ সন্দৰ্ভত পৰিচালকৰ অনুভৱ

Assamese film 'Taarikh' selected for 22nd Chennai International Film Festival
চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ তাৰিখ (ETV Bharat Assam)

ছবিখনৰ এই বিশেষ সফলতা সন্দৰ্ভত ই টিভি ভাৰতৰ সৈতে হোৱা এক বাৰ্তালাপত ছবিখনৰ পৰিচালক হিমজ্যোতি তালুকদাৰে অনুভৱ ব্যাখ্যা কৰি কয়, “আমাৰ বাবে এয়া এক ডাঙৰ সাফল্য বুলিয়ে কম । বহুত ভাল লাগিছে । কাৰণ আমাৰ উত্তৰ-পূব ভাৰতৰ পৰা একমাত্ৰ প্ৰতিনিধি হিচাপে তাৰিখখন নিৰ্বাচিত হৈছে ৷ এয়া আমাৰ বাবে খুবেই এটা ডাঙৰ সাফল্য বুলিয়ে ভাবো । কাৰণ আমাৰ দৰে খুবেই কম বা সীমিত বাজেটত বা সীমিত পৰিসৰৰ ভিতৰত বনোৱা ছবি এখনে যেতিয়া এনেকুৱা এটা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত স্বীকৃতি লাভ কৰে আমি সেইটো এটা উৎসাহৰ কথা বুলিয়ে ভাবো ৷"

‘পুষ্পা ২’ ৰ বাবে সলনি কৰা হৈছিল ছবিখনৰ মুক্তিৰ তাৰিখ

বহু প্ৰত্যাশিত ছবি ‘পুষ্পা ২’ৰ বাবে সলনি কৰা হৈছে অসমীয়া ছবি ‘তাৰিখ’ৰ তাৰিখ । এই সন্দৰ্ভত পৰিচালকগৰাকীয়ে জনাই, “অহা 6 ডিচেম্বৰত আচলতে আমি ছবিখন মুক্তি দিয়াৰ পৰিকল্পনা কৰি থৈছিলো বহুত দিনৰ আগতেই । কিন্তু ‘পুষ্পা ২’ ৰ একেটা দিনতে মুক্তিৰ দিন ঘোষণা কৰাৰ বাবে আমি মুক্তিৰ দিনটো সলনি কৰিলো । কাৰণ সেইখন যিহেতু এখন বিগ বাজেটৰ ছবি, সেয়ে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছো । এতিয়া আমি ছবিখন নতুন বর্ষৰ আৰম্ভণিতে মুক্তি দিয়াৰ পৰিকল্পনা কৰিছো ।”

ছবিখনৰ কাহিনীৰ আধাৰ কি ?

“বৰ্তমানৰ পৰা বিচ্ছিন্ন ৭০ বৰ্ষীয় দুৰ্লভ দত্তই জীৱনৰ বিয়লিবেলাত সাৰথি কৰি লয় নিসংগতাক । ২০০৮ চনত ঘটা এক অপ্ৰত্যাশিত ঘটনাই স্তব্ধ কৰি দিছিল দুৰ্লভ দত্তৰ সময়ৰ গতি । পৃথিৱীখন আগবাঢ়ি যোৱাৰ সময়তে স্থবিৰ হৈ পৰিছিল তেখেতৰ জীৱনৰ গতি । তেনে এক সময়তে এগৰাকী সৎ তথা উদাৰ সাংবাদিকে দুৰ্লভ দত্তক মানসিক যন্ত্ৰণাৰ পৰা মুক্ত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰে । মূলতঃ এগৰাকী বৰ্ষীয়ান ব্যক্তিৰ নিসংগতা, যন্ত্ৰণাৰ পৰা পোৱা পৰিত্ৰাণক মূল উপজীব্য হিচাপে লৈ নিৰ্মাণ কৰা হৈছে ‘তাৰিখ’।”

উল্লেখ্য যে তাৰিখৰ মুখ্য চৰিত্ৰসমূহত অভিনয় কৰিছে বিশিষ্ট অভিনেতা অৰুণ নাথ, বলোৰাম দাস, স্বাগতা ভৰালী আৰু কুলদীপে । ছবিখনৰ সংগীত পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী সংগীত পৰিচালক তৰালি শৰ্মাই, শব্দ ৰূপাংকণ কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী দেৱজিৎ গায়নে আৰু চিত্ৰগ্ৰহণৰ দায়িত্ব পালন কৰিছে অনিৰুদ্ধ বৰুৱাই ।

মন কৰিবলগীয়া যে হিমজ্যোতি তালুকদাৰৰ পৰিচালনাত এনাজৰী টকীজৰ বেনাৰত নিৰ্মিত ২০১৮ চনত মুক্তিলাভ কৰা অৰুণ নাথ আৰু মলয়া গোস্বামী অভিনীত ‘কেলেণ্ডাৰ’ ছবিখনেও অসমকে ধৰি অসমৰ বাহিৰৰ চিত্ৰগৃহসমূহত বহুল জনপ্ৰিয়তা লাভ কৰিছিল ।

লগতে পঢ়ক : দৰ্শকৰ ওচৰ আহি পোৱাৰ আগতেই সলনি হ’ল তাৰিখ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.