ETV Bharat / entertainment

পাহৰিব নোৱৰা গীতবোৰ পৰিৱেশনেৰে উভতি অহাৰ আহ্বান ৰমেন বৰুৱাক - Ramen Baruah

author img

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 10:56 PM IST

Missing musician Ramen Baruah : আজিও সন্ধান ওলোৱা নাই বিশিষ্ট শিল্পী ৰমেন বৰুৱাৰ ৷ গীতেৰে-সুৰেৰে নিৰুদ্দিষ্ট শিল্পী ৰমেন বৰুৱাক উভতি অহাৰ আহ্বান শিল্পী সমাজৰ ৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে অনুষ্ঠিত হয় ‘ৰমেন বৰুৱাদেৱক উভতি অহিবলৈ আহ্বান’ শীর্ষক অনুষ্ঠান ৷

Missing Musician Ramen Baruah
যুগমীয়া সৃষ্টি পৰিৱেশনেৰে প্ৰিয় শিল্পীক উভতি অহাৰ আহ্বান (ETV Bharat Assam)

গুৱাহাটী, ২২ আগষ্ট : আজিও সম্ভেদ নোলাল নিৰুদ্দিষ্ট শিল্পী ৰমেন বৰুৱাৰ ৷ বিগত ২২ জুলাইৰ পৰাই সন্ধানহীন হৈ থকা শিল্পীগৰাকী নিৰুদ্দেশ হৈ থকা আজি এমাহ হ’ল ৷ বিশিষ্ট শিল্পীগৰাকী উভতি অহাৰ আহ্বান শিল্পী সমাজৰ ৷

বৃহস্পতিবাৰে গীতেৰে-সুৰেৰে নিৰুদ্দিষ্ট শিল্পী ৰমেন বৰুৱাক উভতি অহাৰ আহ্বান জনাই শিল্পী সমাজে ৷ মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত সাংস্কৃতিক পৰিক্ৰমা বিভাগে আয়োজন কৰে ‘উভতি আহিবলৈ আহ্বান’ শীর্ষক অনুষ্ঠানটি ৷ উক্ত অনুষ্ঠানত বহুকেইগৰাকী বিশিষ্ট শিল্পীয়ে বহু কালজয়ী গীতৰ স্ৰষ্টা নিৰুদ্দিষ্ট শিল্পী ৰমেন বৰুৱালৈ তেখেতৰ এমুঠি গীত পৰিৱেশনেৰে উভতি আহিবলৈ আহ্বান জনায় ৷

উক্ত অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী বিমল বড়া, বিশিষ্ট শিল্পী তথা ৰমেন বৰুৱাৰ ভাতৃ দ্বীপেন বৰুৱা, অভিনেতা প্ৰাঞ্জল শইকীয়া, মনীষা হাজৰিকা আদিকে ধৰি শিল্পী সমাজৰ বহু বিশিষ্ট ব্যক্তি ৷

উল্লেখযোগ্য যে, ২২ জুলাইৰ পুৱা প্ৰায় ১০ বজাৰ পৰা নিৰুদ্দেশ হৈ আছে বিশিষ্ট শিল্পীগৰাকী ৷ লতাশিলস্থিত বাসভৱনৰ সমীপতে থকা গণেশ মন্দিৰলৈ বুলি ওলাই গৈছিল শিল্পীগৰাকী ৷ দুপৰীয়া পর্যন্ত তেওঁ ঘৰলৈ উভতি নহাত জীয়াৰীয়ে ফোনত যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল যদিও ইতিমধ্য শিল্পীগৰাকীৰ ফোন বন্ধ হয় ৷ প্ৰথমাৱস্থাত পৰিয়ালৰ লোকে বিচাৰ-খোঁচাৰ কৰে যদিও নিশাপর্যন্ত শিল্পীগৰাকীৰ সম্ভেদ উলিয়াব নোৱাৰি লতাশিল আৰক্ষীৰ ওচৰ চাপে পৰিয়াল ৷

শ্ৰদ্ধাৰ শিল্পীগৰাকীক বিচাৰি ভিন্ন ঠাইত অভিযান চলোৱা হয় যদিও আজিও পোৱা নাই শিল্পীগৰাকীৰ সম্ভেদ । সদায় পৰিধান কৰাৰ দৰে সেইদিনাও বগা সাজযোৰ পৰিধান কৰি সন্তপৰ্ণে গুচি যোৱা শিল্পীগৰাকীৰ শেষ প্ৰমাণ হিচাপে থাকি গ’ল এটা মাত্ৰ চিচি টিভি ভিজুৱেল ৷

লগতে পঢ়ক : ৰমেন বৰুৱা আছে ক'ৰবাত, য’ত তেওঁৰ সৃষ্টি জীয়াই আছে : জে পি দাস

ৰমেন বৰুৱাই কেতিয়াও অহেতুক কথা পতা নাছিল : পুলক বেনাৰ্জী

নিয়তিৰ পৰিহাসক আমি স্বীকাৰ কৰিব লাগিব : ৰমেন বৰুৱা সন্ধানহীন প্ৰসংগত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.