ETV Bharat / entertainment

গৌৰী খানৰ ৰেস্তোঁৰাত ৰঙা সাজেৰে উপস্থিত পুত্ৰৰ প্ৰেমিকা - Aryan Khan dating Larissa

author img

By ETV Bharat Entertainment Team

Published : Jul 30, 2024, 12:25 PM IST

Aryan Khan love life : আৰিয়ান খানৰ সৈতে প্ৰেমৰ বাতৰিৰে চৰ্চাত থকা মডেল লাৰিছা বনেছিক গৌৰী খানৰ ৰেস্তোঁৰাত দেখা যায় ৷ চাওক ভিডিঅ’-

Aryan Khans Rumoured Girlfriend Larissa Bonesi Spotted at Gauri Khans Restaurant; Check out Her OOTN - Watch
আৰিয়ান খান (ANI)

চিটাৰা ডেস্ক, 30 জুলাই : বন্ধু-বান্ধৱীৰ সৈতে এটা সুমধুৰ নিশা কটাবলৈ ওলাই যোৱা ব্ৰাজিলিয়ান মডেল লাৰিছা বনেছিক কেমেৰাত বন্দী কৰে পাপাৰাজ্জীয়ে ৷ বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ সৈতে প্ৰেমৰ বাতৰিৰে চৰ্চাত আছে মডেলগৰাকী ।

বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান আৰু উচ্চমানৰ ইণ্টেৰিয়ৰ ডিজাইনাৰ গৌৰী খানৰ পুত্ৰ আৰিয়ান খান বৰ্তমান পৰিচালনাৰ কামত ব্যস্ত ৷ আহিবলগীয়া ৱেব ছিৰিজ ‘ষ্টাৰডম’ তেওঁৰ প্ৰথন পৰিচালনা উদ্যোগ । অৱশ্যে আৰিয়ান তেওঁৰ পেছাদাৰী জীৱনৰ উপৰিও মডেল লাৰিছা বনেছিৰ সৈতে ৰোমাণ্টিক সম্পৰ্কৰ বাবে বাতৰিৰ শিৰোনামত আছে । আৰিয়ানৰ ৰোমান্টিক জীৱন বহু সময় ধৰি বি-টাউনৰ চৰ্চাৰ বিষয় হৈ আহিছে আৰু বাতৰি প্ৰকাশ হৈছে যে 26 বছৰীয়া খানে ব্ৰাজিলিয়ান মডেল বনেছিক ডেট কৰি আছে ।

শেহতীয়াকৈ লাৰিছাক নিশা মহানগৰীত তেওঁৰ বন্ধু-বান্ধৱীৰ সৈতে দেখা যায় ৷ তেওঁৰ ইনষ্টাগ্ৰাম ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । পাপাৰাজ্জীৰ ভিডিঅ’টোত আৰিয়ানৰ মাক গৌৰী খানৰ ৰেস্তোঁৰাৰ বাহিৰত প’জ দিয়া দেখা গৈছে লাৰিছাক । মডেলগৰাকীয়ে ৰঙা বডিকন ড্ৰেছ পিন্ধি কেমেৰাৰ সন্মুখত প’জ দিয়ে ।

শেহতীয়াকৈ ভাইৰেল হোৱা ভিডিঅ’সমূহত মডেলগৰাকীয়ে হাঁহি হাঁহি বন্ধুসকলৰ সৈতে কেমেৰাৰ সন্মুখত প’জ দিয়া দেখা গৈছে । শেষত তেওঁৰ ফটো তোলাৰ বাবে সংবাদ মাধ্যমকো ধন্যবাদ জনাই লাৰিছাই । লাৰিছাই দেশী বয়জ আৰু গ’ গোৱা গ’ন আদি ছবিতো অভিনয় কৰিছে ৷ অভিনেত্ৰী তথা মডেলগৰাকীয়ে অক্ষয় কুমাৰ আৰু জন আব্ৰাহাম অভিনীত ছবিখনৰ জনপ্ৰিয় গান ‘সুবহ হনে না দে’ তো অভিনয় কৰিছিল ।

খবৰ অনুসৰি, 2023 চনত ডিজে গেৰিক্সৰ অনুষ্ঠানৰ সময়ত আৰিয়ান খানে লাৰিছা বনেছিৰ সৈতে প্ৰথমবাৰৰ বাবে ৰাজহুৱা উপস্থিত হয় ৷ যদিও তেওঁলোকে তেওঁলোকৰ সম্পৰ্ক সন্দৰ্ভত একো মন্তব্য দিয়া নাই, কিন্তু যোৱা বছৰ তেওঁলোকে একেলগে এটা সংগীতানুষ্ঠানত অংশ গ্ৰহণ কৰাৰ খবৰটোৱে এই বাতৰিত ইন্ধন যোগায় । আৰিয়ানৰ ভগ্নী সুহানা খানে আম্বানীৰ বিবাহ অনুষ্ঠানত তোলা ফটো আপলোড কৰে ৷ য’ত লাৰিছাৰ মন্তব্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ।

আৰিয়ান খানে দিল্লীৰ পঞ্চশীল উদ্যানৰ ওচৰত অৱস্থিত এটা আকাশচুম্বী অট্টালিকাৰ দুটা মহলা ক্ৰয় কৰিছে বুলি বাতৰি ওলাইছে । বাতৰি অনুসৰি, ভৱনটোৰ তলৰ মহলা আৰু বেছমেণ্ট পৰিয়ালটোৰ নামত আছে য’ত তেওঁলোকে প্ৰাৰম্ভিক দিনবোৰত বাস কৰিছিল । এই চুক্তি এই বছৰৰ মে’ মাহত দাখিল কৰা হৈছিল, যাৰ ষ্টাম্প শুল্ক আছিল 2.64 কোটি টকা । এটা প্ৰবন্ধ অনুসৰি, পঞ্চশীল পাৰ্কত 27,000 বৰ্গফুটৰ ঐতিহ্যবাহী সম্পত্তিৰ গৰাকী শ্বাহৰুখে এয়াৰবিএনবিত এই সম্পত্তি তালিকাভুক্ত কৰিছে ।

লগতে পঢ়ক : প্ৰেম আছে কিন্তু মানুহৰ আগত নহয়, চকুৰ আঁৰতহে - aryan khan rumoured gf

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.