ETV Bharat / entertainment

বাস্তৱ কাহিনীৰ আধাৰত যুৱপ্ৰজন্মক সজাগ কৰিবলৈ আহি আছে ‘Victim’ - Assamese Web Series Victim

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 1:27 PM IST

4 টা খণ্ডৰে শীঘ্ৰেই আহি আছে নতুন অসমীয়া ৱেব ছিৰিজ ‘Victim’ । সমাজত চলি থকা কিছু বাস্তৱ ঘটনাৰ আধাৰত নিৰ্মাণ কৰা ৱেব ছিৰিজখনৰ পৰিচালনা সত্যজিৎ শৰ্মাৰ ।

announcement of a new assamese web series titled victim to aware youths about drugs
নতুন অসমীয়া ৱেব চিৰিজ (Photo : Team Victim)

গুৱাহাটী, 13 ছেপ্টেম্বৰ : অসমৰ মনোৰঞ্জন ক্ষেত্ৰখন দ্ৰুত গতিত আগবাঢ়িছে ৷ বৰ্তমান সময়ত প্ৰতিদিনে মুক্তি লাভ কৰিছে ছবি, চুটি ছবি, মিউজিক ভিডিঅ’ ইত্যাদিয়ে ৷ আহিবলৈ ধৰিছে ইটোৰ পাছত সিটো নতুন খবৰ । দৈনিক পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ পৰা আৰম্ভ কৰি চুটি ছবি, গীত, ৱেব ছিৰিজ আদিৰ মুক্তিৰ খবৰে উৎফুল্লিত কৰিছে অসমৰ প্ৰতিগৰাকী কলাপ্ৰেমী ৰাইজক ।

শেহতীয়াকৈ 4 টা খণ্ডৰে এখন নতুন ৱেব ছিৰিজৰ কথা ঘোষণা কৰা হৈছে । আহিবলগীয়া এই নতুন ৱেব ছিৰিজখনৰ নাম হৈছে ‘ভিক্তিম’ । বৰ্তমান সমাজত চলি থকা কিছু বাস্তৱ ঘটনাৰ আধাৰত এই নতুন ৱেব ছিৰিজখন নিৰ্মাণ কৰা হৈছে বুলি জানিবলৈ দিয়ে টীম ভিক্তিমে ।

লগতে পঢ়ক : চলচ্চিত্ৰপ্ৰেমীৰ বাবে ছেপ্টেম্বৰ মাহটোৱে লৈ আহিব মনোৰঞ্জনৰ টোপোলা - Upcoming Assamese Films

বৰ্তমান সময়ত সমাজৰ এক ডাঙৰ ব্যাধি হৈছে ড্ৰাগছ । ড্ৰাগছৰ প্ৰভাৱৰ ফলত সমাজত পৰা কু-প্ৰভাৱৰ কথা সকলোৰে অৱগত । ড্ৰাগছ এনে এক নিচা যাৰ আসক্তিত আপুনি আৰু মই সৰ্বোচ্ছ উজাৰি দিব পাৰো । ড্ৰাগছ এটা ধ্বংসকাৰী বৰবিহ আৰু এই কথাটো আমাৰ যুৱপ্ৰজন্মই যিমান সোনকালে বুজি উঠিব সিমানেই সোনকালে আমাৰ সমাজখন নিকা আৰু সুস্থ হৈ পৰিব । এনে এক বাস্তৱ কাহিনীৰ আধাৰত যুৱপ্ৰজন্মক সজাগ কৰিবলৈ নিৰ্মাণ কৰা হৈছে নতুন ৱেব ছিৰিজ ‘Victim’ । ৱেব ছিৰিজখনৰ সন্দৰ্ভত এই কথা সদৰী কৰে নিৰ্মাতাই ।

উল্লেখ্য যে, JLN Film Studio ৰ বেনাৰত নিৰ্মাণ কৰা এই নতুন ৱেব ছিৰিজখনৰ পৰিচালনা কৰিছে সত্যজিৎ শৰ্মাই । লগতে সহ-পৰিচালক হিচাপে আছে পৰম । চিত্ৰনাট্য লিখিছে অমৰজ্যোতিয়ে আৰু বিষয়বস্তু জিতু ৰয়ৰ । দৃশ্যগ্ৰহণ কৰিছে নৱ সন্দিকৈয়ে । আনহাতে ৱেব ছিৰিজখনত অভিনয় কৰিছে ক্ৰমে অংকিতা, ৰিয়া কাশ্যপ, সমীৰণ পড্ডাৰ, এচ.কে শৰ্মা, কাকলি সন্দিকৈ, ৰূপম চেতিয়া, মাইনু গগৈ, জুৰীণ মহন্ত, ধ্ৰুৱ, ৰূপম, ময়ূৰী আৰু ডাঃ হিতেশ বৰুৱাই । ৰূপসজ্জা কৰিছে সুমিত্ৰা বৰা আৰু টুকিয়ে । সম্পাদনা অসীম শৰ্মাৰ আৰু সংগীত কৰিছে হীৰকজ্যোতি নাথে ।

লগতে পঢ়ক : জীৱনটো কিমান ক্ষন্তেকীয়া তাৰেই বাৰ্তা লৈ আহি আছে ছবি ‘গমন দ্য লাষ্ট জাৰ্ণি’ - Director Chandra Mudoi new Film

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.