হায়দৰাবাদ : 'পুষ্পা ২: দ্য ৰুল'ৰ প্ৰিমিয়াৰ শ্ব'ৰ সময়ত এগৰাকী মহিলা নিহত হোৱাৰ লগতে তেওঁৰ পুত্ৰ সন্তানটি বেয়াকৈ আঘাতপ্ৰাপ্ত হৈ হাস্পতালত ভৰ্তি হৈ আছে ৷ মহিলাগৰাকীৰ মৃত্যুৰ দুদিন পিছত দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । শুকুৰবাৰে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা ভিডিঅ'ত পুষ্পাৰাজে কয় যে তেওঁ ঘটনাটোত গভীৰভাৱে দুঃখিত ৷ ভুক্তভোগীৰ পৰিয়াললৈ তেওঁ ২৫ লাখ টকাৰ সাহায্যও ঘোষণা কৰে । কেৱল এয়াই নহয়, তেওঁ ভুক্তভোগীৰ পৰিয়ালক ব্যক্তিগতভাৱে লগ কৰাৰ কথাও কৈছে ।
6 ডিচেম্বৰত আল্লু অৰ্জুনে এটা ভিডিঅ' তেওঁৰ অফিচিয়েল এক্স একাউণ্টত পোষ্ট কৰে । এই ভিডিঅ'টোত, ছুপাৰষ্টাৰে তেলুগু ভাষাত তেওঁৰ অনুভৱ প্ৰকাশ কৰিছে । “সন্ধ্যা থিয়েটাৰত সংঘটিত শোকাৱহ ঘটনাটোত মই গভীৰভাৱে দুঃখিত । এই কঠিন সময়ত, মই ভুক্তভোগীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো ।”
Deeply heartbroken by the tragic incident at Sandhya Theatre. My heartfelt condolences go out to the grieving family during this unimaginably difficult time. I want to assure them they are not alone in this pain and will meet the family personally. While respecting their need for… pic.twitter.com/g3CSQftucz
— Allu Arjun (@alluarjun) December 6, 2024
আল্লু অৰ্জুনে আৰু কৈছে, “মই ক্ষতি পূৰণ কৰিব নোৱাৰো, কিন্তু মই তেওঁলোকক আশ্বস্ত কৰিব বিচাৰো যে এই যন্ত্ৰণাত তেওঁলোক অকলশৰীয়া নহয় । মই আৱেগিকভাৱে তেওঁলোকৰ লগত আছো । মই তেওঁলোকক যিমান পাৰো সহায় কৰিম আৰু ব্যক্তিগতভাৱে ভুক্তভোগীৰ পৰিয়ালক লগ কৰিম । এই কঠিন সময়ছোৱাত তেওঁলোকক পথ প্ৰদৰ্শন কৰিবলৈ মই সকলো ধৰণৰ সহায় আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।”
ভিডিঅ’টোত তেওঁ কয় যে এই ঘটনাত সমগ্ৰ চলচ্চিত্ৰ দলটো স্তম্ভিত হৈ পৰিছে । পৰিয়ালটোক তেওঁলোকৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ ২৫ লাখ টকা দিয়াৰ কথা ঘোষণা কৰিছে ৷ তেওঁ কয় যে তেওঁলোকে ছবি নিৰ্মাণ কৰে যাতে মানুহে ছবিগৃহলৈ গৈ উপভোগ কৰিব পাৰে ৷ মানুহক সাৱধান হ’বলৈ আহ্বান জনাই অভিনেতাগৰাকীয়ে । উল্লেখ্য যে হায়দৰাবাদ আৰক্ষীয়ে বৃহস্পতিবাৰে অভিনেতা আল্লু অৰ্জুন, তেওঁৰ নিৰাপত্তাৰক্ষী দল আৰু সন্ধ্যা থিয়েটাৰৰ পৰিচালকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ।
লগতে পঢ়ক : পুষ্পা-2 ৰ প্ৰিমিয়াৰৰ সময়তে কৰুণ ঘটনা; ভুক্তভোগীৰ কাষত আল্লু অৰ্জুনৰ লগতে টীম-পুষ্পা 2