ETV Bharat / entertainment

প্ৰাণ প্ৰতিষ্ঠাত অংশগ্ৰহণ নকৰে অক্ষয় কুমাৰে ! আঁৰৰ কাৰণ প্ৰকাশ

Ram Mandir Pran Pratishtha: আজি অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব । এই ঐতিহাসিক ক্ষণৰ বাবে বহু চেলিব্ৰিটি অযোধ্যালৈ ৰাওনা হৈছে । অৱশ্যে এই অনুষ্ঠানত উপস্থিত নাথাকিব অক্ষয় কুমাৰ । কিন্তু কিয় ? ইয়াৰ কাৰণ জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 12:16 PM IST

Akshay Kumar will not attend the inauguration of Ram Temple ! Know the behind reason
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাত কিয় অংশগ্ৰহণ নকৰে অক্ষয়ে

চিটাৰা ডেস্ক, ২২ জানুৱাৰী: আজি অযোধ্যাত এক বৃহৎ কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা । ৰাম লালাৰ ‘প্ৰাণ-প্ৰতিষ্ঠা’ক লৈ দেশজুৰি বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশ ৷ শ্ৰীৰামৰ বন্দনাৰে মুখৰিত হৈছে ৰামনগৰী অযোধ্যা । ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ এই মাহেন্দ্ৰক্ষণলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছিল দেশবাসীয়ে । আনহাতে প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ এই কাৰ্যসূচী লাইভত সমগ্ৰ দেশবাসীয়ে চাব পাৰিব । ইফালে বলীউডৰ বহু চেলিব্ৰিটি এই ঐতিহাসিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অযোধ্যালৈ ৰাওনা হৈছে ।

অযোধ্যালৈ ৰাওনা হৈছে অমিতাভ বচ্চন, অভিষেক বচ্চন, ৰণবীৰ কাপুৰ, আলিয়া ভাট, বিকি কৌশল, কেটৰিণা কাইফ, জেকী শ্ৰফ, ৰাম চৰণ আৰু অনুপম খেৰৰ লগতে আন বহু চেলিব্ৰিটি । অৱশ্যে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে কোটি কোটি টকা দান আগবঢ়োৱা বলীউডৰ খিলাড়ি কুমাৰ অৰ্থাৎ অক্ষয় কুমাৰে প্ৰাণ প্ৰতিষ্ঠাত অংশগ্ৰহণ নকৰে ৷ কিন্তু কিয় প্ৰাণ প্ৰতিষ্ঠাত অংশগ্ৰহণ নকৰে অক্ষয় কুমাৰে ? এতিয়া পোহৰলৈ আহিছে ইয়াৰ আঁৰৰ কাৰণ ।

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচীত অংশগ্ৰহণ নকৰে অক্ষয় কুমাৰে !

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ বাবে অক্ষয় কুমাৰক আমন্ত্ৰণ জনোৱা হৈছে যদিও সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি অভিনেতাগৰাকীয়ে এই বিশেষ ক্ষণৰ সাক্ষী হ’বলৈ উপস্থিত নাথাকিব অযোধ্যাত । ইয়াৰ কাৰণো পোহৰলৈ আহিছে । বাতৰি অনুসৰি অভিনেতাগৰাকীয়ে জৰ্ডানত টাইগাৰ শ্ৰফৰ সৈতে ‘বাড়ে মিঞা ছোটে মিঞা’ৰ শ্বুটিং কৰি আছে । এক সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, "অক্ষয় কুমাৰে ছবিখনৰ নিৰ্মাতাসকলৰ সৈতে পূৰ্বৰ প্ৰতিশ্ৰুতিৰ বিষয়ে ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ আয়োজকক অৱগত কৰিছে আৰু সেয়েহে তেওঁ এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিব ।"

আচলতে ‘বাড়ে মিঞা ছোটে মিঞা’ৰ পৰিচালনা আলী আব্বাছ জাফৰে কৰি আছে আৰু বৰ্তমান দেশৰ বাহিৰত ছবিখনৰ সূচী চলি আছে, যাৰ বাবে এই ঐতিহাসিক মুহূৰ্তত অক্ষয় কুমাৰে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা কম ।

অযোধ্যা পালেগৈ বলীউড আৰু দক্ষিণৰ সকলো চেলিব্ৰিটি

উল্লেখ্য যে, ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে ৭০০০ৰো অধিক লোকক আমন্ত্ৰণ জনোৱা হৈছে । বলীউড আৰু টলিউডৰ বহু তাৰকাকো এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল । ইয়াৰ ভিতৰত কংগনা ৰনৌত, মধুৰ ভাণ্ডাৰকাৰ, অৰুণ গোবিলৰ দৰে চেলিব্ৰিটি ইতিমধ্যেই অযোধ্যাত উপস্থিত আছে । ইফালে চিৰঞ্জীৱী আৰু ৰাম চৰণৰ দৰে দক্ষিণৰ বহু চেলিব্ৰিটি আজি এই বিশেষ ক্ষণৰ সাক্ষী হ’বলৈ অযোধ্যালৈ ৰাওনা হৈছে ।

লগতে পঢ়ক: প্ৰাণ প্ৰতিষ্ঠাত অংশগ্ৰহণৰ বাবে অযোধ্যালৈ ৰাওনা এইসকল তাৰকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.