ETV Bharat / entertainment

IPL 2024 ৰ উদ্বোধনী অনুষ্ঠানত অক্ষয় কুমাৰ-টাইগাৰ শ্ৰফৰ যাদু - IPL 2024

author img

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 9:38 PM IST

IPL 2024: ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ল তীব্ৰ উৎকণ্ঠাৰে ভৰা আই পি এল 17 সংখ্যক সংস্কৰণ ৷ আই পি এলৰ উদ্বোধনী অনুষ্ঠানত অভিনেতা অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফকে ধৰি বলীউডৰ বহুসংখ্যক তাৰকাৰে ভৰি পৰে ৷

IPL 2024
IPL 2024 ৰ উদ্বোধনী অনুষ্ঠানত অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফৰ যাদু

নেশ্যনেল ডেস্ক, 22 মাৰ্চ : ক্ৰীড়াপ্ৰেমীৰ উৎকণ্ঠাৰ অন্ত পেলাই আড়ম্বৰপূৰ্ণ অনুষ্ঠানেৰে আৰম্ভ কৰা হ'ল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৪ ৰ উদ্বোধনী অনুষ্ঠান ৷ এই অনুষ্ঠানত অক্ষয় কুমাৰ, টাইগাৰ শ্ৰফ, এ আৰ ৰহমান আৰু চনু নিগমকে ধৰি বহু তাৰকাৰে এক আকৰ্ষণীয় অনুষ্ঠান আয়োজন কৰা হয় ৷ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু চেন্নাই চুপাৰ কিংছৰ মাজৰ প্ৰথমখন খেলৰ পূৰ্বে এম এ চিদাম্বৰম ষ্টেডিয়ামত এই বিশাল সমাৰোহ অনুষ্ঠিত হয় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উদ্বোধনী অনুষ্ঠানত অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফে তেওঁলোকৰ আহিবলগীয়া চলচ্চিত্ৰ বড়ে মিঞা চোটে মিঞাৰ পৰা 'ৱাল্লাহ হাবিবি' আৰু 'মাষ্ট মালাং ঝুম'ৰ দৰে জনপ্ৰিয় গীতত নৃত্য প্ৰদৰ্শন কৰি সকলোকে মোহিত কৰে ৷

লগতে অক্ষয় কুমাৰৰ একক অভিনয়েৰে দৰ্শকসকলক মন্ত্ৰমুগ্ধ কৰে ৷ অক্ষয় কুমাৰে ভুল ভুলাইয়া, দেশী বয়জ, চুৰা কে দিল মেৰা, জয় জয় শিৱ শংকৰ, মে তেৰা হিৰ’, হৰে ৰাম হৰে কৃষ্ণা আদিৰ দৰে হিট গানত নৃত্য প্ৰদশৰ্নৰে দৰ্শকক মনোৰঞ্জন দিয়ে ৷ ইয়াৰোপৰি অক্ষয় আৰু টাইগাৰেও খেলপথাৰৰ চাৰিওফালে বাইকেৰে ৰাষ্ট্ৰীয় পতাকা উৰুৱায় ৷

তাৰ পিচতে এ আৰ ৰহমান, গায়ক চনু নিগম আৰু মোহিত চৌহানে মঞ্চত উঠি সকলো দৰ্শককে মন্ত্ৰমুগ্ধ কৰে ৷ এ আৰ ৰহমানে মা তুঝে ছালাম গানটোৰ জৰিয়তে অনুষ্ঠান আৰম্ভ কৰে ৷ তাৰ পিচত মোহিত চৌহানে জনপ্ৰিয় মচকলিৰে দৰ্শকক মোহিত কৰে ৷ তাৰ পিচত চনু নিগমে তু হি তুৰ গীতটোৰে তুম চে, জয় হো আৰু চেয়া চেয়াৰ দৰে আইকনিক ট্ৰেকেৰে দৰ্শকক যাদু কৰে ৷

লগতে পঢ়ক: CSK বনাম RCB : টছত জিকি বেটিঙৰ সিন্ধান্ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ - CSK vs RCB

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.