চিটাৰা ডেস্ক, 20 ছেপ্টেম্বৰ : অদিতি ৰাও হাইদাৰী আৰু সিদ্ধাৰ্থই শেহতীয়াকৈ 16 ছেপ্টেম্বৰত তেওঁলোকৰ সাধাৰণ অন্তৰংগ আৰু পৰম্পৰাগত বিবাহৰ জৰিয়তে বাতৰিৰ শিৰোনাম দখল কৰিছিল । তাৰকা দম্পতীয়ে শুকুৰবাৰে মুম্বাই বিমানবন্দৰত একেলগে প্ৰথমবাৰৰ বাবে ৰাজহুৱাকৈ উপস্থিত হয় আৰু তেওঁলোকৰ কেমেষ্ট্ৰীয়ে আকৌ এবাৰ নেটিজেনসকলৰ হৃদয় জয় কৰে । প্ৰেমৰ সম্পৰ্কক দীঘলীয়া সময়ৰ বাবে ব্যক্তিগত কৰি ৰখা দম্পতীটোক হাতত হাত দি খোজ কাঢ়ি অহা দেখা যায় ৷ চহৰখনত উপস্থিত হোৱাৰ সময়ত অনুৰাগী আৰু পাপাৰাজ্জীক অভিবাদন জনাই নৱ-দম্পতীয়ে ৷
ৰঙা ব’ৰ্ডাৰ থকা দোপাট্টাৰ সৈতে গোলাপী ৰঙৰ ৰেচমৰ কুৰ্তা ছেট এটা পিন্ধি অহা অদিতিয়ে সকলোকে মোহে ৷ কপালৰ ৰঙা সেন্দূৰখিনিয়ে তেওঁৰ চেহেৰা জিলিকাই তুলিছিল । সিদ্ধাৰ্থই ক’লা পেণ্ট আৰু টুপীৰ সৈতে মিলাবলৈ কেজুৱেল অথচ ষ্টাইলিছ ডেনিম চাৰ্ট বাছি লয় ৷ ক্যুল লুকত দেখা যায় তেওঁক । তেওঁলোকৰ সুখ স্পষ্টকৈ পৰিস্ফূত হৈ আছে চেহেৰাত ৷ তেওঁলোকে হাঁহি হাঁহি কেমেৰাৰ সন্মুখত প'জ দিয়ে ৷
লগতে পঢ়ক : জীৱন বাটত এডাল এনাজৰীতে খামুচি ধৰিলে অদিতি-সিদ্ধাৰ্থই - Aditi Rao Hydari Siddharth wedding
এই নৱদম্পতীয়ে তেলেংগানাৰ ৱানাপাৰ্থি জিলাৰ এটা 400 বছৰ পুৰণি মন্দিৰত এক অন্তৰংগ অনুষ্ঠানত শপত বিনিময় কৰে, য’ত তেওঁলোকে সব্যসাচীৰ দ্বাৰা ডিজাইন কৰা আকৰ্ষণীয় পোছাক পিন্ধিছিল । ইনষ্টাগ্ৰামত অদিতিয়ে আন্তৰিক বিবাহৰ পোষ্টটোত তেওঁলোকৰ গভীৰ সম্পৰ্ক প্ৰকাশ কৰে এইদৰে, “আপুনি মোৰ সূৰ্য, মোৰ চন্দ্ৰ, আৰু মোৰ সকলো তাৰকা... অনন্তকালৰ বাবে পিক্সি ছ'লমেট হোৱালৈ... হাঁহিবলৈ, কেতিয়াও ডাঙৰ নহ'বলৈ... চিৰন্তন প্ৰেম, পোহৰ আৰু যাদুলৈ ।” তেওঁলোকৰ প্ৰেমকাহিনী 2021 চনত তেলুগু চলচ্চিত্ৰ মহাসমুদ্ৰমৰ ছেটত আৰম্ভ হৈছিল আৰু তেওঁলোকে এই বছৰৰ আৰম্ভণিতে এখন ছেলফিৰে তেওঁলোকৰ বাগদান নিশ্চিত কৰিছিল যিখন ফটোৱে সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছিল ।
পেছাদাৰী ক্ষেত্ৰত, অদিতিয়ে অলপতে সঞ্জয় লীলা ভাঞ্চালীৰ অ'টিটি ছিৰিজ হীৰামাণ্ডীত তেওঁৰ চৰিত্ৰৰ বাবে প্ৰশংসা লাভ কৰে ৷ আনহাতে সিদ্ধাৰ্থক কমল হাছানৰ সৈতে অতি প্ৰত্যাশিত ইণ্ডিয়ান 2 ত দেখা গৈছিল । পৰৱৰ্তী সময়ত নয়নতৰা আৰু আৰ. মাধৱনৰ সৈতে টেষ্টত তেওঁক দেখিবলৈ পোৱা যাব । তেওঁৰ হাতত ইণ্ডিয়ান 3 ও আছে।
লগতে পঢ়ক : মেহেন্দীৰ সলনি আল্টা, অদিতিয়ে মুহিলে নেটিজেনক - Aditi Rao Hydari Siddharth wedding