ETV Bharat / entertainment

মেহেন্দীৰ সলনি আল্টা, অদিতিয়ে মুহিলে নেটিজেনক - Aditi Rao Hydari Siddharth wedding

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2024, 8:14 PM IST

Aditi Rao Hydari Bride Mehendi : অদিতি ৰাও হাইদাৰী তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক-অভিনেতা সিদ্ধাৰ্থৰ সৈতে বিয়াত বহে ৷ দম্পতীটোৱে 400 বছৰ পুৰণি এটা মন্দিৰত বিবাহ পাশত আৱদ্ধ হয় । দুয়োৰে যুটীয়া ফটোৰ লগতে ন-কইনা অদিতিৰ মেহেন্দীয়ে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে । ফটোসমূহ চাওক...

Aditi Rao Hydari bridal minimal crescent mehndi Married to Siddharth in the 400 year old Sri Ranganayaka Swamy Temple, SEE
অদিতি ৰাও হাইদাৰী আৰু সিদ্ধাৰ্থ (ANI)

চিটাৰা ডেস্ক, 16 ছেপ্টেম্বৰ : চলচ্চিত্ৰ জগতৰ মোহনীয় দম্পতী অদিতি ৰাও হাইদাৰী আৰু সিদ্ধাৰ্থ আজি বিবাহপাশত আবদ্ধ হয় । নৱবিবাহিত দম্পতীয়ে আজি 16 ছেপ্টেম্বৰত ছ’চিয়েল মিডিয়াত তেওঁলোকৰ বিয়াৰ বিশেষ ছবি শ্বেয়াৰ কৰে । দম্পতীটোৰ এই সাধাৰণ বিবাহে তেওঁলোকৰ অনুৰাগীৰ হৃদয় জয় কৰিছে । অদিতি আৰু সিদ্ধাৰ্থই বিয়াৰ স্থানৰ বাবে বাছি লয় 400 বছৰীয়া পুৰণি এটা মন্দিৰ । এতিয়া বিয়াৰ ফটোৰ সমান্তৰালকৈ নৱবিবাহিত কইনাৰ মেহেন্দীয়ে ছ’চিয়েল মিডিয়াত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।

16 ছেপ্টেম্বৰত অদিতি আৰু সিদ্ধাৰ্থই তেওঁলোকৰ ইনষ্টাগ্ৰাম হেণ্ডেলত যৌথ পোষ্ট শ্বেয়াৰ কৰে । ভাৰতীয় পৰম্পৰাগত ৰীতি-নীতিৰে বিবাহপাশত আবদ্ধ হয় হীৰামণ্ডীৰ অভিনেত্ৰীগৰাকী আৰু সিদ্ধাৰ্থ । এটা পোষ্টত দম্পতীটোৱে নিজৰ বিয়াৰ আভাস দেখুৱাইছে ৷ অন্য এটা পোষ্ট এটাত অদিতিয়ে নিজৰ লুকৰ আভাস শ্বেয়াৰ কৰিছে । অদিতি ৰাও হাইদাৰীয়ে বিয়াৰ বাবে সব্যসাচীয়ে ডিজাইন কৰা পৰম্পৰাগত সোণালী অৰ্গেঞ্জা ৰঙৰ হাফ-শাৰী পিন্ধে, যিখন তেওঁ হাতেৰে এম্ব্ৰয়ডাৰী কৰা মেচিং ষ্ট্ৰাইপযুক্ত ব্লাউজৰ সৈতে যোৰ কৰে ।

অদিতি ৰাও হাইদাৰীৰ কইনা অৱতাৰ

পৰম্পৰাগত সোণৰ গহনা আৰু গজৰাৰে নিজৰ লুকটো সম্পূৰ্ণ কৰে অদিতিয়ে । তেওঁৰ লুকত আটাইতকৈ বেছি দৃষ্টি আকৰ্ষণ কৰা বস্তুটো হ’ল তেওঁৰ মেহেন্দী । মেহেন্দীৰ সলনি পৰম্পৰাগত ৰঙা আল্টা বাছি লয় অদিতিয়ে । তেওঁৰ ভৰি আৰু হাতৰ পিছফালে আল্টাৰ জৰিয়তে অৰ্ধচন্দ্ৰ ডিজাইন কৰা হৈছে । অভিনেত্ৰীগৰাকীয়ে লগোৱা সামান্য আল্টা তেওঁৰ অনুৰাগীয়ে যথেষ্ট ভাল পাইছে । অন্য কইনাৰ দৰে অদিতিয়ে নেইলপলিছও লগোৱা নাছিল, যাৰ বাবে তেওঁৰ চেহেৰাটো অতি প্ৰাকৃতিক আৰু ৰাজকীয় দেখা গৈছে । আনহাতে সোণালী ৰঙৰ দক্ষিণৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰা দেখা গ’ল সিদ্ধাৰ্থক ।

400 বছৰীয়া মন্দিৰত বিয়াত বহে অদিতি-সিদ্ধাৰ্থ

শ্ৰীৰংগনায়কস্বামী মন্দিৰত যুগ্ম জীৱনৰ পাতনি মেলে অদিতি ৰাও হাইদাৰী আৰু সিদ্ধাৰ্থই । শ্ৰী ৰংগনায়কস্বামী মন্দিৰ 400 বছৰ পুৰণি । 18 শতিকাত নিৰ্মিত এই মন্দিৰটো তেলেংগানাৰ ৱানাপাৰ্থী জিলাৰ শ্ৰীৰাংপুৰত অৱস্থিত । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অদিতি ৰাও হাইদাৰীৰ পৰিয়ালৰ বাবে এই মন্দিৰৰ গুৰুত্ব অতিশয় বেছি ।

লগতে পঢ়ক : জীৱন বাটত এডাল এনাজৰীতে খামুচি ধৰিলে অদিতি-সিদ্ধাৰ্থই - Aditi Rao Hydari Siddharth wedding

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.