ETV Bharat / entertainment

৫ বাৰ চন্দ্ৰযান মিছন , ১০বাৰ অস্কাৰ হোষ্ট , ২০ বাৰ ‘বাহুবলী ২’ নিৰ্মাণ কৰিব পৰা যাব অনন্ত-ৰাধিকাৰ বিয়াৰ বাজেটেৰে - Anant Radhika Wedding Budget

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 8:47 PM IST

Anant Radhika Wedding Budget: পুত্ৰৰ বিয়াত পানীৰ দৰে নহয়, চুনামীৰ দৰে টকা খৰচ কৰিছে মুকেশ আম্বানীয়ে । জানেনে অনন্ত আম্বানীৰ বিয়াৰ বাজেট কিমান ? ইমান টকাৰ বিনিময়ত ভাৰতত ৫ বাৰ চন্দ্ৰযান অভিযান চলাব পৰা যাব । ১০ বাৰ অস্কাৰ হোষ্ট , ২০ বাৰ ‘বাহুবলী ২’ নিৰ্মাণ কৰিব পৰা যাব এই টকাৰে ৷

5 Chandrayaan Mission 10 Oscars and much more times these hit films can be remade with Anant Radhika 5000cr Wedding Budget
৫ চন্দ্ৰযান মিছন লঞ্চ, ১০বাৰ অস্কাৰ হোষ্ট, অনন্ত-ৰাধিকাৰ বিয়াৰ বাজেটেৰে ২০ বাৰ নিৰ্মাণ কৰিব পৰা যাব ‘বাহুবলী ২’ (ETV Bharat)

বিশ্বৰ ধনী লোকৰ তালিকাত অন্তৰ্ভুক্ত ভাৰতীয় ব্যৱসায়ী মুকেশ আম্বানীয়ে কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ বিয়াত পানীৰ দৰে নহয় ছুনামীৰ দৰে খৰচ কৰিছে টকা । মুকেশ আম্বানীয়ে নিজৰ তিনিটা সন্তানৰ শেষ বিবাহৰ বাবে ৫০০০ কোটি টকা (৬০ কোটি ডলাৰ) ব্যয় কৰিছে। এয়া সামান্য পৰিমাণৰ নহয় যদিও ভাৰতকে ধৰি বহু দেশৰ দাৰিদ্ৰতা ক্ষীপ্ৰতাৰে নিৰ্মূল কৰিব পাৰে।

৫টা চন্দ্ৰযান অভিযান লঞ্চ কৰিব পৰা যাব

একে সময়তে ভাৰতৰ চন্দ্ৰযান ২ অভিযানৰ ব্যয় আছিল ৯৮০ কোটি টকা । সেই মতে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহৰ বাজেটত ভাৰতত ৫টা চন্দ্ৰযান অভিযান চলাব পৰা যাব ।

আয়োজন কৰিব পৰা যাব ১০টা অস্কাৰ অনুষ্ঠান

ছচিয়েল মিডিয়াত অনন্ত আম্বানীৰ আটাইতকৈ দামী বিয়াক লৈ এক এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছে । ৫০০০ কোটি টকা মুকেশ আম্বানীৰ সম্পত্তিৰ মাত্ৰ ০.৫ শতাংশহে । এতিয়া Reddit ব্যৱহাৰকাৰীসকলে বিয়াৰ বাজেটৰ ওপৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

এজনে ঠাট্টা কৰি কয়, ‘তেওঁ দুখীয়াৰ বাবে ১ কোটি টকাৰ অনুদান আঁচনিৰ বাবে আবেদন দাখিল কৰিব ৷' এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘মই পঢ়িছো যে মুকেশ আম্বানীয়ে দিনটোত ৩ কোটি টকা খৰচ কৰে, হয় ৩ কোটি টকা ।' ইয়াৰ ওপৰত এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘আপুনি আমাক ৩ কোটি টকা দিলে ই নৱপ্ৰজন্মৰ উন্নতি সাধনত সহায় কৰিব ।'

একে সময়তে আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, আমেৰিকাত ৫০০০ কোটি টকাত ১০টা অস্কাৰ আয়োজন কৰিব পৰা যাব । একে সময়তে কিছুমান ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে তেওঁৰ নেটৱৰ্থ অনুসৰি সাধাৰণ মানুহৰ তুলনাত আম্বানীয়ে বিবাহৰ বাবে কম খৰচ কৰিছে ।

৫ হাজাৰ কোটি টকাত ইমান বাৰ নিৰ্মাণ কৰিব পৰা যাব এইসমূহ ছুপাৰহিট ছবি

একে সময়তে যদি হিচাপ-নিকাচ কৰা হয় তেন্তে চলিত বৰ্ষত মুক্তি পোৱা আমিৰ খানৰ পত্নীৰ ছবি ‘লাপতা লেডিজ’ (৫ কোটি টকাৰ বাজেট) ৫০০০ কোটি টকাৰ বাজেটেৰে এহেজাৰবাৰ নিৰ্মাণ কৰিব পৰা যাব । একে সময়তে অভিনেতা যশৰ কে জি এফ ২ (১০০ কোটি বাজেট) ৫০ বাৰ, প্ৰভাসৰ বাহুবলী-২ (২৫০ কোটি বাজেট) ২০ বাৰ, শ্বাহৰুখ খানৰ ছবি জৱান (৩০০ কোটি বাজেট) ১৬ বাৰ, ৰামচৰণ-জুনিয়ৰ এন টি আৰৰ আৰ আৰ আৰ (৫৫০ কোটি বাজেট) কোটি বাজেট) ৯ বাৰ, প্ৰভাসৰ কল্কী 2898AD (৬০০ কোটি বাজেট) ৮ বাৰ, আদিপুৰুষ (৭০০ কোটি বাজেট) ৭ বাৰ, অপেনহাইমাৰ (৮০০ কোটি বাজেট) ৬ বাৰ, এভেঞ্জাৰছ: এণ্ডগেম (২৫০০ কোটি বাজেট) ২ বাৰ বনাব পৰা যাব ৷

লগতে পঢ়ক: অনন্ত-ৰাধিকাৰ বিয়াত এইবাৰ দক্ষিণ ভাৰতীয় তাৰকাৰ আগমন - Anant Radhika Wedding Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.