ETV Bharat / business

চাকৰি খণ্ডক উৎসাহিত কৰিবলৈ নিৰ্ধাৰণ কৰা হৈছে কেন্দ্ৰীয় বাজেট - UNION BUDGET 2024 25

author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 5:26 PM IST

Union finance minister : কেন্দ্ৰই ইয়াৰ আগন্তুক বাজেটত চাকৰি সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ সাজু হৈছে । বিষয়টো সন্দৰ্ভত বহু পৰামৰ্শ সংগ্ৰহ কৰাৰ পিচত কেন্দ্ৰৰ লক্ষ্য হৈছে 23 জুলাইত এই পৰিকল্পনা প্ৰকাশ কৰা ৷ পঢ়ক ই টিভি ভাৰতৰ সৌৰভ শুক্লাই এই বিষয়ত যুগুত কৰা প্ৰতিবেদন -

UNION BUDGET 2024 25
আগন্তুক বাজেটত চাকৰি সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ (ANI)

নেশ্যনেল ডেস্ক, 17 জুলাই: আগন্তুক বাজেটত চাকৰি সৃষ্টিত সক্ৰিয়ভাৱে সমৰ্থন কৰা পদক্ষেপবোৰ প্ৰৱৰ্তন কৰাৰ বাবে কেন্দ্ৰৰ ওপৰত বৃদ্ধি পাইছে চাপ । ইতিমধ্যে কেন্দ্ৰই লাভ কৰা পৰামৰ্শবোৰৰ ভিতৰত কেৱল নিগমবোৰক চাকৰি সৃষ্টি কৰিবলৈ উৎসাহিত কৰাই নহয়, আটাইতকৈ বেছি প্ৰয়োজন হোৱা অঞ্চলবোৰত চাকৰিৰ সুযোগ কাৰ্যকৰী কৰাৰ বাবেও এক শক্তিশালী প্ৰচেষ্টা অব্য়াহত আছে ।

এইক্ষেত্ৰত ভাৰতীয় উদ্যোগ পৰিষদে নিযুক্তি আৰু জীৱিকা বৃদ্ধিৰ লক্ষ্যৰে আগবঢ়াইছে পৰামৰ্শ । ই বিকাশ আৰু নিযুক্তিৰ গুৰুত্বপূৰ্ণ সম্ভাৱনা থকা খণ্ডবোৰক লক্ষ্য কৰি এমপ্লয়মেণ্ট লিংকড ইনচেণ্টিভ আঁচনি আৰম্ভ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে, যেনে - পুতলা, বস্ত্ৰ আৰু পোচাক, আচবাব, পৰ্যটন, ল’জিষ্টিক, পাইকাৰী আৰু মিডিয়া এণ্টাৰটেইনমেণ্ট আদি ।

লগতে পঢ়ক: কেন্দ্ৰীয় বাজেট ২০২৪-২৫ : ভাৰতৰ ৪৮ লাখ কোটিৰ বাজেটক কেনেকৈ পুঁজি যোগান ধৰা হৈছে ? - Union Budget 2024 25

ইয়াৰ উপৰিও ভাৰতীয় উদ্যোগ পৰিষদে চাকৰি সৃষ্টিৰ বাবে পোনপটীয়াকৈ অতিৰিক্ত বানচৰ সীমা নিৰ্ধাৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে, বিশেষকৈ মহিলা কৰ্মচাৰীসকলৰ বাবে উৎসাহৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰিছে ।

তদুপৰি উদ্যোগবোৰে আয়কৰ আইনৰ ধাৰা 80 জে জে এ এ-ৰ সংশোধনৰ বাবে আহ্বান জনাইছে, যি যোগ্য ব্যৱসায়বোৰক অতিৰিক্ত কৰ্মচাৰীৰ ব্যয় সম্পৰ্কীয় কৰ্তন দাবী কৰিবলৈ অনুমতি দিয়ে । ভাৰতীয় উদ্যোগ পৰিষদে বৰ্তমানৰ 25,000 টকাৰ পৰা পৰিশোধৰ সীমা বৃদ্ধি কৰাৰ পৰামৰ্শ দিছে আৰু বৰ্তমানৰ ৩০ শতাংশৰ বাহিৰত কৰ্তন বৃদ্ধি কৰাৰ পৰামৰ্শ আগবঢ়াইছে ।

ভাৰতীয় উদ্যোগ পৰিষদে জনসংখ্যাৰ চৰ্ত নিৰ্বিশেষে আতিথ্য খণ্ডক আন্তঃগাঁথনিৰ মৰ্যদা প্ৰদান কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে ৷ লগতে ৰপ্তানি বৃদ্ধি কৰাৰ বাবে বিদেশী দৰ্শনাৰ্থীৰ দ্বাৰা পৰ্যটনৰ পৰা উপাৰ্জন ৰপ্তানিৰ বাবে ডিম্ড ৰপ্তানিৰ মৰ্যদা প্ৰদান কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে । উদ্যোগৰ নেতৃবৃন্দই বিত্তমন্ত্ৰীক ইটালীৰ এ আৰ এছ-চুটোৰিয়া আৰু যুক্তৰাজ্যৰ চাত্ৰাৰ দৰে এক বিশ্বমানৰ কেন্দ্ৰীয় জোতা গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰিবলৈ আহ্বান জনাইছে ।

ইয়াৰোপৰি, চাৰি-পাঁচটাকৈ জোতা নিৰ্মাণকাৰী উদ্যোগ বিকশিত কৰাৰ বাবে আহ্বান জনোৱা হৈছে ৷ য'ত অন্তৰ্ভুক্ত আছে আভ্যন্তৰীণ আৰু বন্দৰ-আধাৰিত অঞ্চল, ডিজাইন ষ্টুডিঅ', বাণিজ্য কেন্দ্ৰ, পৰীক্ষাৰ সুবিধা আৰু দক্ষতা বিকাশ কেন্দ্ৰৰ দৰে অংশীদাৰী সুবিধাৰে সজ্জিত ।

খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগক সমৰ্থন কৰিবলৈ আৰু অধিক চাকৰিৰ সুযোগ সৃষ্টি কৰিবলৈ ৱেৰহাউচ আৰু শীতলীগৃহ স্থাপন আৰু লীজত দিয়াৰ বাবে চৰকাৰক দাবী জনোৱা হৈছে, যাৰ ফলত শস্য চপোৱাৰ পিছত সংৰক্ষণ কৰিব পৰা যাব ৷ তদুপৰি, উদ্যোগসমূহে কৃষিজাত সামগ্ৰীৰ স্থানীয় প্ৰক্ৰিয়াকৰণৰ প্ৰচাৰ আৰু তৃণমূল পৰ্যায়ত নিযুক্তিৰ সুযোগ সৃষ্টি কৰাৰ বাবে পঞ্চায়ত পৰ্যায়ত খাদ্য প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ স্থাপনত চৰকাৰী সহায় বিচাৰে ।

লগতে পঢ়ক: বাজেট 2024-25: চাৰিটা মূল গোটৰ ওপৰত গুৰুত্ব আৰোপৰ সম্ভাৱনা - UNION BUDGET 2024 25

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.