ETV Bharat / business

এটা চেভিংছ একাউণ্টত কিমান নগদ ধন জমা কৰিব পাৰি ? - Savings Account Rules

author img

By ETV Bharat Business Team

Published : Sep 16, 2024, 8:53 AM IST

Income tax : আপোনাৰ নিশ্চয় এটা বা ততোধিক চেভিংছ একাউণ্টত আছে ৷ কিন্তু আপুনি বাৰু জানেনে এটা চেভিংছ একাউণ্টত কিমান ধন থ’ব পৰা যায় ? যদিহে ধনৰ পৰিমাণ অধিক হয় তেন্তে বেংকে আয়কৰ বিভাগক জনাই দিব লাগিব । এনে কৰিলে আপোনাৰ কি লাভ বা লোকচান হয় ? জানিবলৈ পঢ়ক এই বাতৰি...

Income tax department will send notice if you deposit cash than the limit in Savings Account
একাউণ্টত কিমান টকা জমা ৰাখিব পাৰি জানেনে ? (Getty Image)

নিউজ ডেস্ক, ১৬ ছেপ্টেম্বৰ : আজিৰ সময়ত বেংকত এটা চেভিংছ একাউণ্ট বা সঞ্চয় একাউণ্ট (Savings Account) সকলোৰে বাবে প্ৰয়োজনীয় । সকলো চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিবলৈ বেংক একাউণ্ট থকাটো প্ৰয়োজনীয়, ইয়াৰ অবিহনে ডিজিটেল লেনদেন কৰিব নোৱাৰি । ভাৰতত বেংক একাউণ্ট খোলাৰ ক্ষেত্ৰত কোনো বাধা নাই । সেয়ে অধিকাংশ লোকৰে দুটা বা তাতকৈ অধিক বেংক একাউণ্ট থাকে ।

আপোনাৰ ধন সঞ্চয় একাউণ্টত সুৰক্ষিত হৈ থাকে আৰু সময়ে সময়ে বেংকেও এই জমা ধনৰ ওপৰত সুদ দিয়ে । নিয়ম অনুসৰি শূন্য ধনৰাশিৰ (Zero Balance) একাউণ্টৰ বাহিৰে সকলো একাউণ্টতে নূন্যতম বেলেঞ্চ ৰখাটো প্ৰয়োজনীয়, অন্যথা বেংকে আপোনাৰ পৰা জৰিমনা লয় ।

অৱশ্যে আজি আমি এই প্ৰতিবেদনত উল্লেখ কৰিম আপুনি নিজৰ চেভিংছ একাউণ্টত কিমান টকা ৰাখিব পাৰে ?

  • একাউণ্টত কিমান টকা জমা ৰাখিব পাৰি জানেনে ?

নিয়ম অনুসৰি, যিকোনো পৰিমাণৰ ধনৰাশি আপোনাৰ চেভিংছ একাউণ্টত ৰাখিব পাৰিব । ইয়াৰ কোনো সীমা নাই । কিন্তু যদি আপোনাৰ একাউণ্টত জমা কৰা ধনৰাশি অধিক হয় আৰু ই আয়কৰৰ পৰিসৰৰ অধীনত থাকে, তেন্তে সেই আয়ৰ উৎস ঘোষণা কৰিব লাগিব ।

ইয়াৰ উপৰিও বেংকৰ শাখাত গৈ নগদ ধন জমা আৰু উলিওৱাৰ ক্ষেত্ৰতো এটা সীমা আছে । কিন্তু চেক বা অনলাইনৰ জৰিয়তে আপুনি আপোনাৰ চেভিংছ একাউণ্টত 1 ৰ পৰা হাজাৰ, লাখ, কোটি টকালৈকে যিকোনো ধন জমা কৰিব পাৰিব ।

  • নগদ ধন জমা কৰাৰ নিয়ম :

যদি আপুনি বেংকত নগদ ৫০ হাজাৰ বা তাতকৈ অধিক টকা জমা দিয়ে তেন্তে তাৰ লগতে পেন নম্বৰো দিব লাগিব । এদিনত ১ লাখ টকা পৰ্যন্ত নগদ ধন জমা কৰিব পাৰে। লগতে নিয়মীয়াকৈ একাউণ্টত নগদ ধন জমা নকৰিলে এই সীমা ২.৫০ লাখ টকালৈকে যাব পাৰে ।

ইয়াৰ বাহিৰেও এজন ব্যক্তিয়ে বিত্তীয় বৰ্ষত নিজৰ একাউণ্টত সৰ্বাধিক ১০ লাখ টকা নগদ ধন জমা কৰিব পাৰে ৷ এই সীমা এটা বা ততোধিক একাউণ্ট থকা কৰদাতাৰ বাবে প্ৰযোজ্য ।

  • ১০ লাখ টকাৰ ওপৰৰ জমা ধনৰ ওপৰত IT (INCOME TAX)য়ে চকু ৰাখে

যদি কোনো ব্যক্তিয়ে এটা বিত্তীয় বৰ্ষত ১০ লাখতকৈ অধিক নগদ ধন জমা কৰে তেন্তে বেংকে আয়কৰ বিভাগক অৱগত কৰিব লাগিব । এনে পৰিস্থিতিত ব্যক্তিজনে এই উপাৰ্জনৰ উৎস প্ৰকাশ কৰিব লগা হয় । যদি ব্যক্তিজনে আয়কৰ ৰিটাৰ্ণত উৎসৰ বিষয়ে সন্তোষজনক তথ্য দিব নোৱাৰে, তেন্তে আয়কৰ বিভাগে তেওঁৰ বিৰুদ্ধে তদন্ত কৰিব পাৰে ।

ধৰা পৰিলে গধুৰ জৰিমনা বিহা হ’ব পাৰে । যদি ব্যক্তিজনে আয়ৰ উৎস প্ৰকাশ নকৰে তেন্তে জমা কৰা ধনৰ ওপৰত ৬০ শতাংশ কৰ, ২৫ শতাংশ চাৰ্চাৰ্জ আৰু ৪ শতাংশ চাৰ্জ লগাব পাৰে । কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ১০ লাখতকৈ অধিক নগদ লেনদেন কৰিব নোৱাৰিব ।

যদি আপোনাৰ হাতত এই আয়ৰ প্ৰমাণ আছে তেন্তে আপুনি কোনো চিন্তা নকৰাকৈ নগদ ধন জমা কৰিব পাৰে । কিন্তু লাভৰ দৃষ্টিকোণৰ পৰা ইমান টকা চেভিংছ একাউণ্টত ৰখাৰ পৰিৱৰ্তে সেই ধনখিনি FD লৈ ৰূপান্তৰ কৰা বা আন ঠাইত বিনিয়োগ কৰাটো ভাল, য’ৰ পৰা আপুনি ভাল ৰিটাৰ্ণ পাব পাৰে ।

লগতে পঢ়ক : ফাটি যোৱা বা লেতেৰা নোট সলনি কৰিব বিচাৰে নেকি ? তাৰবাবে কি কৰিব লাগে জানি লওক - How to exchange torn notes

লগতে পঢ়ক : কঠিন হ’লেও অবাস্তৱ নহয় কোটিপতি হোৱাৰ সপোন; প্ৰয়োজন সঠিক সিদ্ধান্তৰ - How to become crorepati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.