ETV Bharat / business

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে দেৱালীৰ উপহাৰ… 3 শতাংশ বাঢ়িল মৰগীয়া বানচ

দেৱালী আৰু ধনতেৰছৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰীৰসকলৰ বাবে আহিল এটা সুখবৰ ৷ চৰকাৰে বৃদ্ধি কৰিলে মৰগীয়া বানচ ৷

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

ETV Bharat
প্ৰতীকী ছবি (Getty Images)

নিউজ ডেস্ক, 16 অক্টোবৰ: চৰকাৰে দেৱালীৰ আগতেই কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰী আৰু পেন্সনাৰসকলৰ বাবে মহাৰ্ঘ ভাতা (ডিএ) 3% বৃদ্ধিৰ অনুমোদন জনাইছে। এই বৃদ্ধিৰ সৈতে, মৰগীয়া বানচ এতিয়া 53 শতাংশ হৈছে। এই পৰিৱৰ্তনৰ ফলত এক কোটিতকৈও অধিক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনাৰ লাভান্বিত হ'ব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰিও, কৰ্মচাৰীসকলে তেওঁলোকৰ বকেয়া ধনো লাভ কৰাৰ সম্ভাৱনা আছে।

এই ঘোষণাৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ বা ডিএ তেওঁলোকৰ মৌলিক দৰমহাৰ 50% ৰ পৰা 53% লৈ বৃদ্ধি হৈছে। এই বৃদ্ধিৰ পিছত, অনুমান কৰা হৈছে যে বৰ্তমান প্ৰায় 18,000 টকাৰ মৌলিক মাহিলী দৰমহা লাভ কৰা চৰকাৰী কৰ্মচাৰী এজনৰ দৰমহা প্ৰায় 540 টকা বৃদ্ধি হ'ব।

এতিয়া ডি.এ. বৃদ্ধি ঘোষণা কৰাৰ ফলত, ইয়াৰ হাৰ 1 জুলাই 2024-ৰ পৰা কাৰ্যকৰী বুলি বিবেচনা কৰা হ'ব, যি সকলোৰে বাবে এক ডাঙৰ সকাহ হ'বলৈ গৈ আছে। সপ্তম দৰমহা আয়োগৰ মতে, প্ৰতি বছৰে দুবাৰকৈ ডি.এ. বৃদ্ধি কৰা হয়। ইয়াৰ হাৰ ১ জুলাই আৰু ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হয়। ইয়াৰ আগতে মাৰ্চ মাহত, ডি.এ. 4 শতাংশ বৃদ্ধি কৰা হৈছিল, ফলত যি 50 শতাংশলৈ বৃদ্ধি হৈছিল।

মৰগীয়া বানচ কি?

মৰগীয়া বানচ (ডি.এ.) হৈছে কৰ্মচাৰীসকলৰ প্ৰাথমিক দৰমহাৰ এক অংশ যাক তেওঁলোকৰ জীৱন নিৰ্বাহৰ ব্যয়ৰ ওপৰত মুদ্ৰাস্ফীতিৰ প্ৰভাৱ হ্ৰাস কৰাত সহায় কৰাৰ বাবে প্ৰদান কৰা হয়। এই ভাট্টা সাধাৰণতে প্ৰতি ছয় মাহত সংশোধন কৰা হয়। ইয়াক সৰ্বভাৰতীয় উপভোক্তা মূল্য সূচকাংক (এআইচিপিআই)ৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়, যি খুচুৰা মূল্যৰ তাৰতম্য নিৰীক্ষণ কৰে।

কেন্দ্ৰীয় চৰকাৰে সাধাৰণতে জানুৱাৰী আৰু জুলাইত বছৰত দুবাৰকৈ কৰ্মচাৰী আৰু পেন্সনাৰসকলৰ বাবে মৰগীয়া বানচ বৃদ্ধি কৰে। এই ঘোষণা সাধাৰণতে মাৰ্চ আৰু অক্টোবৰৰ আৰম্ভণিতে কৰা হয়।

লগতে পঢ়ক: ভাল খবৰ … দেৱালীৰ পূৰ্বে বৃদ্ধি হ’ব পাৰে চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.