ETV Bharat / bharat

চীনৰ ভাবুকিক প্ৰত্যাহ্বান; চীন অধিকৃত তিব্বত সীমান্তৰ সমীপৰ অৰুণাচল প্ৰদেশত নিৰ্মাণ হ’ব ফ্ৰন্টিয়াৰ হাইৱে - Frontier Highway in Arunachal Pradesh

author img

By ETV Bharat Assamese Team

Published : Jun 8, 2024, 10:22 AM IST

Frontier Highway in Arunachal Pradesh : চীনৰ ভাবুকিক প্ৰত্যাহ্বান ৷ চীন অধিকৃত তিব্বত সীমান্তৰ সমীপৰ অৰুণাচল প্ৰদেশত নিৰ্মাণ হ’ব ফ্ৰন্টিয়াৰ হাইৱে ৷ 2027 চনৰ ভিতৰত পথ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য ৷

Work begins on India's strategic highway on China frontier in Arunachal Pradesh
চীনৰ ভাবুকিক প্ৰত্যাহ্বান; চীন অধিকৃত তিব্বত সীমান্তৰ সমীপৰ অৰুণাচল প্ৰদেশত নিৰ্মাণ হ’ব ফ্ৰন্টিয়াৰ হাইৱে (Etv bharat assam)

গুৱাহাটী, 8 জুন : অৰুণাচল প্ৰদেশৰ চীন অধিকৃত তিব্বত সীমান্তৰ আৰু সামৰিক দৃষ্টিকোণৰ পৰা অতিশয় গুৰুত্বপূৰ্ণ বুলি পৰিগণিত হৈ অহা উত্তৰ পূৰ্বাঞ্চলৰ চুইজাৰলেণ্ড স্বৰূপ মেচুকাসহ তিব্বত সীমান্তৰ (বৰ্তমান চীন অধিকৃত) প্ৰতিটো অঞ্চললৈ সামৰিক-অসামৰিক সকলো বাহন যাতে সুচলভাবে চলাচল কৰিব পাৰে তাৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয় আৰু প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ সীমান্ত পথ সংগঠন চমুকৈ বি আৰ অ'য়ে ।

কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড বা চমুকৈ এন এইচ আই ডি চি এল আৰু বি আৰ অ'য়ে অসমৰ শোণিতপুৰ জিলাৰ ভালুকপুঙৰ পৰা টাৱাং সংযোগী পথৰ ব’মডিলাৰ পৰা ম্যানমাৰ- তিব্বত সীমান্তৱৰ্তী বিজয়নগৰলৈ নিৰ্মাণ কৰিব 1748 কিলোমিটাৰ দৈৰ্ঘৰ অৰুণাচল ফ্ৰন্টিয়াৰ হাইৱে । প্ৰস্তাৱিত পথটোত সকলো বতৰতে যাতে যিকোনো যান-বাহন সুচলভাৱে চলাচল কৰিব পাৰে তাৰ বাবে বিশেষ উচ্চ প্রযুক্তি আৰু কাৰিকৰী প্ৰযুক্তি ব্যৱহাৰ কৰিব বি আৰ অ'য়ে ।

বি আৰ অ'ৰ অৰুণাচল প্ৰদেশৰ পূৱ ছিয়াং জিলাৰ সদৰ পাছিঘাটস্থিত ব্রহ্মাংক প্ৰকল্পৰ মুখ্য অভিযন্তা অজয় কুমাৰ মিশ্ৰই' জানিবলৈ দিয়া মতে পথটো নিৰ্মাণ কৰাৰ বাবে প্ৰাৰম্ভিক কাম-কাজসমূহ আৰম্ভ কৰা হৈছে । অতিশয় দুৰ্গম অঞ্চলৰে পথটো নিৰ্মাণ কৰিবলগীয়া হোৱা বাবে পথটো নিৰ্মাণ কৰোতে যাতে প্ৰাকৃতিক ভাৰসাম্য ধ্বংস নহয় সেইক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে ।

সমান্তৰালভাৱে ভাৰত চৰকাৰে চীনৰ যিকোনো ভাবুকিৰ মোকাবিলা কৰাৰ বাবে পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে সামৰিক দৃষ্টিকোণৰ পৰা গুৰুত্বপূৰ্ণ ব’মডিলাৰ সমীপৰ পৰা চীন অধিকৃত তিব্বত সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এল অ’ চি)ৰ কাষে কাষে সমগ্ৰ সীমান্তৱৰ্তী অঞ্চলৰ যাতায়াত ব্যৱস্থাক সামৰি ল’ব পৰাকৈ ফ্ৰন্টিয়াৰ হাইৱে নামৰে সকলো বতৰতে চলাচল কৰিব পৰাকৈ এটা দুইলেনযুক্ত পথ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম-কাজখিনি আৰম্ভ কৰা হৈছে ।

পথটো 2027 চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে । পথটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’লে অৰুণাচল প্ৰদেশৰ আৰ্থ-সামাজিক ক্ষেত্ৰখনলৈ অভূতপূৰ্ব পৰিৱৰ্তন অহাটো নিশ্চিত হোৱাৰ লগতে একে সময়তে অসমো প্ৰভূত পৰিমাণে লাভৱান হ’ব বুলি আশা কৰা হৈছে । ভাৰত চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰণালয়ৰ অধীনত নিৰ্মাণ হ’বলগীয়া পথটোৰ 200 কিলোমিটাৰ দৈৰ্ঘৰ অংশ ব্ৰহ্মাংক প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা হ’ব । এই সম্পৰ্কীয় জৰীপ ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে ।

আনহাতে, পথৰ নিৰ্মাণ কাৰ্যত যাতে পৰিৱেশ তন্ত্ৰত বেছি ক্ষতি নহয় সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি অত্যাধুনিক শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হ’ব । পথচোৱা টাটোৰ সমীপত কায়িং-মেচুকা সংযোগী পথত এটা ট্ৰাই জংচনত মিলিত হ’ব । অৱশ্যে জানুৱাৰী মাহৰ শেষৰ পৰা বৰষুণ হৈ থকা বাবে পথ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম-কাজত কিছু ব্যাঘাতৰ সৃষ্টি হৈছে যদিও বি আৰ অই থমকি ৰোৱা নাই ।

বছৰটোৰ 365 টা দিনৰ 250 দিনৰো অধিক দিনেই তাত বৰষুণ হৈ থকা বাবে প্ৰতিকূল পৰিস্থিতিৰ মাজতো বি আৰ অ’ৰ শ্ৰমিক-অভিযন্তাসকল দিনে-নিশাই ব্যস্ত হৈ পৰিছে । পথচোৱাত ভূমিস্খলনৰ ঘটনা সংঘটিত হ’লেও যাতে পথ সম্পূর্ণ বন্ধ নহয় তাৰ বাবে বি আৰু অ’ৰ উদ্ধাৰকাৰী দল ততালিকে ঘটনাস্থলীত উপস্থিত হৈ পথ মুকলি কৰিব পৰাকৈ তেওঁলোক সদা সষ্টম হৈ থাকিব ।

পথ নিৰ্মাণৰ কামত 'ইঞ্জিনিয়াৰিং প্ৰচিকিউমেণ্ট' মোড বা 'ই পি চি' পদ্ধতি অৱলম্বন কৰা হ’ব । ইতিমধ্যে ফ্ৰন্টিয়াৰ হাইৱেক কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ে ৰাষ্ট্ৰীয় ঘাইপথ - 913 হিচাপে ঘোষণা কৰিছে । প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰে চীনৰ ভাবুকিক প্ৰতিহত কৰাৰ বাবে যাতায়াত ব্যৱস্থা সূচল কৰাৰ লক্ষ্যৰে 2014 চনতে সমগ্ৰ অৰুণাচল প্ৰদেশৰ পূৱ আৰু পশ্চিম দিশক সামৰিব পৰাকৈ দুইলেনযুক্ত এটা পথ নিৰ্মাণ কৰাৰ বাবে চিন্তা চৰ্চা কৰা হৈছিল ।

পথটোৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে যিকোনো স্থানৰ পৰা সীমান্তৱৰ্তী অঞ্চলসমূহলৈ সেনাৰ গধূৰ বাহন অনায়াসে অহা-যোৱা কৰিব পাৰিব । পৰ্যটকৰ দিশটোৰ লগতে দুৰ্গম অঞ্চলৰ ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰখনতো ইতিবাচক প্ৰভাৱ পৰিব বুলি মুখ্য অভিযন্তা অজয় কুমাৰ মিশ্ৰই সদৰী কৰিছে ।

লগতে পঢ়ক: অৰুণাচলৰ ওপৰত চীনৰ দাবী হাস্যকৰ বিষয় : এছ জয়শংকৰ - China Arunachal issue

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.