ETV Bharat / bharat

১৯৬২ চনৰ চীনা যুদ্ধৰ বাবেই চিৰকুমাৰ হৈ ৰ’ল ৰতন টাটা !

Ratan Tata married or Not: বিশাল ব্যৱসায়িক সম্ৰাজ্যৰ অধিকাৰী হ’লেও ৰতন টাটাৰ নাই কোনো উত্তৰসূৰী ৷ কিয় বিয়া নকৰালে ৰতন টাটাই ? জানক সবিশেষ-

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Ratan Tata married or Not
কিয় বিয়া নকৰালে ৰতন টাটাই (ETV Bharat)

নিউজ ডেস্ক, ১০ অক্টোবৰ: ৰতন টাটাক ভাৰতৰ অন্যতম সন্মানীয় আৰু প্ৰিয় উদ্যোগপতি হিচাপে গণ্য কৰা হয় । যদিও তেওঁ মুকেশ আম্বানীৰ দৰে ধনী নহয়, তথাপিও টাটা নামটোৰ প্ৰতি মানুহৰ টান দেশৰ আন কোনো কৰ্পৰেট হাউছৰ তুলনাত বহু গভীৰলৈকে বিস্তৃত । ইয়াৰ মূল কাৰণ হৈছে টাটাৰ উত্তৰাধিকাৰ আৰু ৰতন টাটাৰ নিজৰ অৱদান । টাটা ছন্সৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰাৰ পিচতো তেওঁ অধ্যক্ষ এমেৰিটাছ হিচাপে কাৰ্যনিৰ্বাহ কৰি থাকিল ।

কিন্তু সম্ভৱতঃ ৰতন টাটা তেওঁৰ পৰিয়ালৰ শেষ সদস্য হ’ব পাৰে, যিয়ে এই নিমখৰ পৰা যন্ত্ৰ-পাতিলৈকে নিৰ্মাণ কৰা কোম্পানীটোৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হৈছিল । উল্লেখ্য যে তেওঁৰ গুৰু জে আৰ ডি টাটাৰ দৰে ৰতন টাটাৰো কোনো সন্তান নাই । আচলতে তেওঁ কেতিয়াও বিয়া কৰোৱা নাছিল ।

ৰতন টাটাই বিয়া কিয় নকৰালে ?

ৰতন টাটাৰ বয়স মাত্ৰ দহ বছৰ আছিল যেতিয়া মাক-দেউতাকৰ বিবাহ বিচ্ছেদ হৈ দুয়ো সুকীয়া বাটেৰে গুচি গৈছিল । ৰতন টাটাই আমেৰিকাত উচ্চ শিক্ষা লাভ কৰে । ভাৰতত থকা অতি বিলাসী জীৱনৰ মোহ এৰি তেওঁ লছ এঞ্জেলছত বিভিন্ন চাকৰিত নিযুক্ত হৈ অক্লান্তভাৱে পৰিশ্ৰম কৰিছিল । সেই সময়ছোৱাতে আমেৰিকাত লগ পোৱা এজনী ছোৱালীৰ প্ৰেমত পৰিছিল ৰতন টাটা ।

ৰতন টাটাই আমেৰিকাতে থাকিব বিচাৰিছিল, কিন্তু ভাৰতে তেওঁক বাৰে বাৰে মাতিছিল । অসুস্থ আইতাকৰ আহ্বানে তেওঁক ঘৰলৈ ওভতাই আনিছিল । ভাৰতত থকা আৰু আমেৰিকা এৰি অহাৰ এই চিন্তাই তেওঁৰ মনক গধুৰভাৱে ভাৰাক্ৰান্ত কৰি তোলে । শেষত আইতাক আৰু নিজৰ মৰমৰ গৃহভূমিলৈ উভতি অহাৰ সিদ্ধান্ত লয় তেওঁ । ৰতন টাটাৰ প্ৰেয়সীয়ে পিছত তেওঁৰ লগতে অহাৰ সিদ্ধান্ত লৈছিল যদিও সেই মুহূৰ্তটো কেতিয়াও নাহিল ।

১৯৬২ চনত ভাৰত-চীন যুদ্ধ আৰম্ভ হোৱাত ৰতন টাটাৰ বিবাহ পৰিকল্পনা স্থবিৰ হৈ পৰে । আমেৰিকাৰ পৰা ভাৰতলৈ উভতি আহি বিয়াৰ পিছত ইয়াতেই বসতি স্থাপন কৰিবলৈ সন্মত হয় । কিন্তু আমেৰিকাৰ সংবাদ মাধ্যমত যুদ্ধৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ প্ৰেয়সী নিশ্চিত হ’ল যে ভাৰত দীৰ্ঘম্যাদী সংঘাতৰ মাজত সোমাই পৰিছে আৰু ইয়াৰ কোনো অন্ত নাই । তেওঁ দ্বিধাবোধ কৰি ক’লে যে তেওঁ ভাৰতলৈ আহিবলৈ সাজু নহয় । ৰতন টাটাৰ বাবে আমেৰিকালৈ উভতি যোৱাৰো কোনো বিকল্প নাছিল । শেষত দুয়োজনেই পৃথক হৈ পৰিল ।

প্ৰেম হেৰুৱাৰ বেদনা গোটেই জীৱন ৰতন টাটাৰ লগতে থাকি গ’ল । তেওঁ এবাৰ কৈছিল, ‘‘ভাৰতৰ ধনী কোম্পানীসমূহৰ শীৰ্ষত থকাৰ পিছতো মোৰ কোনো পত্নী বা কোনো সন্তান নাই, যাক মই মোৰ উত্তৰাধিকাৰ দিব পাৰো । সেই নিসংগতা মই বহুবাৰ অনুভৱ কৰিছো ।’’

লগতে পঢ়ক: অসমহৈতিষী 'অসম বৈভৱ’ ৰতন টাটাক কেনেদৰে পাহৰিব অসমবাসীয়ে

খহি পৰিল ভাৰতৰ উদ্যোগ জগতৰ এটা উজ্জ্বল নক্ষত্ৰ; অন্তিম শয়নত ৰতন টাটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.