ETV Bharat / bharat

ৰাজ্যপালৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ ৰাজভৱনৰ কৰ্মীৰ - WEST BENGAL GOVERNOR - WEST BENGAL GOVERNOR

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে ৰাজ্যখনৰ সাংবিধানিক মুৰব্বীগৰাকীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ ইতিমধ্যে ৰাজ্যপালগৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে ৷

WEST BENGAL GOVERNOR
ৰাজ্যপালৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ (ETV BHARAT BANGLA DESK)
author img

By ETV Bharat Assamese Team

Published : May 2, 2024, 10:28 PM IST

নিউজ ডেস্ক, 2 মে’ : পশ্চিমবংগৰ ৰাজ্যপাল চি ভি আনন্দ বসুৰ বিৰুদ্ধে বৃহস্পতিবাৰে ৰাজভৱনত অস্থায়ী কৰ্মচাৰী হিচাপে কৰ্মৰত এগৰাকী মহিলাই যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে ৷ জানিব পৰা মতে, বিষয়টো হেৰে ষ্ট্ৰীট আৰক্ষী থানা পাইছেগৈ, য’ত ডিচি চেণ্ট্ৰেলো উপস্থিত হৈছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

অৱশ্যে ৰাজ্যপালৰ বিৰুদ্ধে অভিযোগৰ কাৰণ সন্দৰ্ভত অধিক সবিশেষ জানিবলৈ বাকী আছে ৷ এই অভিযোগ মহিলাগৰাকীয়ে ৰাজভৱনৰ প্ৰশাসনিক ক্ষেত্ৰত কৰিছে ৷ ৰাজভৱন যিহেতু হেৰে ষ্ট্ৰীট আৰক্ষী থানাৰ অন্তৰ্গত সেয়ে তাৰ পৰা অহা আৰক্ষী জোৱান সকলে মহিলাগৰাকীক হৰে ষ্ট্ৰীট থানালৈ যাবলৈ কয় ৷ ইয়াৰ পিচতে মহিলাগৰাকীয়ে আৰক্ষী থানালৈ গৈ লিখিত অভিযোগ দাখিল কৰে ৷

অৱশ্যে কলকাতা আৰক্ষীৰ কোনো বিষয়াই এই বিষয়ত কোনো মন্তব্য দিব বিচৰা নাই ৷ জানিব পৰা মতে, ভুক্তভোগী মহিলাগৰাকীক অভিযুক্ত বসুৱে দুবাৰকৈ ফোন কৰি চাকৰিৰ কথা পাতিবলৈ মাতিছিল আৰু দুয়োবাৰেই নিৰ্যাতন চলাইছিল ৷ প্ৰথম দিনা ভুক্তভোগী মহিলাগৰাকী কিবা প্ৰকাৰে বাহিৰলৈ পলাই আহিবলৈ সক্ষম হয় ৷ কিন্তু বৃহস্পতিবাৰে চাকৰি স্থায়ী কৰাৰ অজুহাতত পুনৰ ফোন কৰে আৰু পুনৰ নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

ইয়াৰ পিচতে মহিলাগৰাকীয়ে চিঞৰ-বাখৰ সৃষ্টি কৰি বসুৰ বিৰুদ্ধে অভিযোগ কৰে ৷ তাত উপস্থিত থকা আৰক্ষীয়ে ভুক্তভোগী মহিলাগৰাকীক হেৰে ষ্ট্ৰীট থানাত এই বিষয়ে অৱগত কৰিবলৈ কয় ৷ ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিশা ৰাজভৱনত উপস্থিত হোৱাৰ কথা আৰু 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ দুখনমান ৰাজহুৱা সভাত ভাষণ দিব ৷

লগতে পঢ়ক : কূটনৈতিক পাছপ'ৰ্টধাৰীক জাৰ্মানীৰ বাবে ভিছাৰ প্ৰয়োজন নাই, প্ৰজ্বলে কোনো ক্লিয়াৰেন্স বিচৰা নাছিল: বৈদেশিক মন্ত্ৰালয় - Obscene Videos Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.