ETV Bharat / bharat

অভয়াকাণ্ডক লৈ ক্ৰমাৎ বৃদ্ধি ক্ষোভৰ অগনি: পশ্চিম বংগৰ ৰাজ্যপালৰ জৰুৰী বৈঠকৰ আহ্বান - Kolkata Doctor Rape murder

author img

By ANI

Published : Aug 19, 2024, 7:50 AM IST

Kolkata medical college rape murder case : অভয়াকাণ্ডক লৈ জ্বলিছে দেশ ৷ শলঠেকত পৰিছে পশ্চিম বংগৰ চৰকাৰ ৷ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ ধৰ্ষণ-হত্যাৰ গোচৰক লৈ জৰুৰী বৈঠকৰ আহ্বান কৰিছে পশ্চিম বংগৰ ৰাজ্যপালে ৷

Kolkata medical college rape murder case
বংগৰ ৰাজ্যপালৰ জৰুৰী বৈঠকৰ আহ্বান (ANI)

নেশ্যনেল ডেস্ক, ১৯ আগষ্ট : ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ৰাজ্যপাল চি.ভি. আনন্দ বসুলৈ কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালত ধৰ্ষণ-হত্যাৰ গোচৰত তাৎক্ষণিক আৰু নিৰ্ণায়ক ব্যৱস্থা ল’বলৈ আহ্বান জনাই এখন পত্ৰ প্ৰেৰণ কৰে ৷ এই পত্ৰৰ পিছতে দেওবাৰে পশ্চিম বংগৰ ৰাজ্যপাল বসুৱে কেতবোৰ মন্তব্য কৰে ৷

সংবাদ সংস্থা ANI ৰ আগত তেওঁ কয়, ‘‘বংগ সমাজৰ এটা ক্ৰছ ছেকচনৰ বাবে জৰুৰী বৈঠকৰ আহ্বান কৰা হৈছে ৷ এই বিষয়টো সন্দৰ্ভত সকলোৰে মতামত গ্ৰহণ কৰা হৈছে ।"

সামাজিক মাধ্যমৰ X ৰ জৰিয়তে বংগৰ ৰাজ্যপাল বসুৱে কয়,

"আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হোৱা এই শোকাৱহ ঘটনাটোক লৈ হৰভজন সিঙে দিয়া পত্ৰখনৰ ওপৰত HG য়ে দ্ৰুত পদক্ষেপ লৈছে । HG য়ে বংগ সমাজৰ এটা ক্ৰছ-ছেকচনৰ জৰুৰী বৈঠক আহ্বান কৰিছে । বিষয়টোত গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে তেওঁলোকক অৱগত কৰা হৈছে আৰু এই সন্দৰ্ভত তেওঁলোকৰ মতামতৰ বুজ লোৱা হৈছে ।"

বসুৱে সিঙক তেওঁ গ্ৰহণ কৰা সকলো পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰিব ৷ লগতে তেওঁ সমগ্ৰ ভাৰতৰ নাগৰিক সমাজৰ সৈতে সংহতি প্ৰকাশ কৰে ৷ লগতে এই ভয়ানককাণ্ড আৰু চৰকাৰৰ আপাত নিষ্ক্ৰিয়তাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে ।

ইয়াৰ পূৰ্বে দেওবাৰে X ৰ এটা পোষ্টত সিঙে ভুক্তভোগীৰ ন্যায়ৰ ক্ষেত্ৰত পলম হোৱাৰ বাবে গভীৰ শোক প্ৰকাশ কৰি ক্ষীপ্ৰতাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰি সকলো প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ উল্লেখ কৰে ।

লগতে পঢ়ক : প্ৰতি ২ ঘণ্টাৰ মূৰে মূৰে প্ৰতিখন ৰাজ্যৰে আইন-শৃংখলাজনিত পৰিস্থিতিৰ তথ্য লাগিব কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক - Kolkata Doctor Rape murder

সিঙে X ত কয়,

"কলকাতাত ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা মহিলাগৰাকীৰ ন্যায়ৰ পলম হোৱাক লৈ গভীৰ দোষ পাইছো ৷ আমাৰ সকলোৰে বিবেকক জোকাৰি যোৱা এই ঘটনাটোৱে পশ্চিম বংগৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীমতী @MamataOfficial ডাঙৰীয়ালৈ আন্তৰিক অনুৰোধ লিখিছো আৰু মাননীয় @BengalGovernor ডাঙৰীয়াক দ্ৰুতভাৱে কাম কৰিবলৈ আহ্বান জনাইছো ৷"

সিঙে লগতে কয়,

"নাৰীৰ সুৰক্ষা আৰু সন্মানৰ ক্ষেত্ৰত কোনো আপোচ কৰিব নোৱাৰি । এই জঘন্য অপৰাধৰ দোষীক আইনৰ সম্পূৰ্ণ শাস্তি দিয়া উচিত আৰু এই শাস্তি আদৰ্শগত হ'ব লাগিব । তেতিয়াহে আমি আমাৰ ব্যৱস্থাৰ ওপৰত বিশ্বাস পুনৰ ঘূৰাই আনিব পাৰিম আৰু এনে এটা ঘটনা যাতে আৰু কেতিয়াও নহয় ৷ সমাজত যাতে প্ৰতিগৰাকী মহিলাই নিৰাপদ আৰু সুৰক্ষিত অনুভৱ কৰে ।’’

লগতে পঢ়ক : কলকাতাকাণ্ডৰ তদন্তৰ পৰিৱৰ্তে কেৱল ইজনে আনজনক দোষাৰোপ কৰাত ব্যস্ত: নিৰ্ভয়াৰ মাতৃ - Kolkata Doctor Rape murder

ইতিমধ্যে সকলোৰে জ্ঞাত যে যোৱা ৯ আগষ্টত কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত কৰ্তব্যৰত অৱস্থাত এগৰাকী স্নাতকোত্তৰ মহলাৰ প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল ৷ এই ঘটনা পোহৰলৈ অহাৰ পাচতে দেশজুৰি ধৰ্মঘট চলিছে তথা চিকিৎসক আৰু চিকিৎসাকৰ্মীয়ে ন্যায়ৰ দাবীত আজিও প্ৰতিবাদ কৰি আহিছে ৷

ইফালে ঘটনাক কেন্দ্ৰ কৰি ১৪ আগষ্টৰ দিনা হোৱা আৰ জি কৰস্থিত প্ৰতিবাদস্থলী আৰু হাস্পতাল চৌহদত হোৱা জনসমাগমক বাধা দিয়া হৈছিল ৷ লগতে চৌহদৰ আচবাব ভাঙি পেলোৱাত নিৰাপত্তাৰক্ষীয়ে ৰাইজক ছত্ৰভংগ দিয়াইছিল ।

আইন-শৃংখলা বজাই ৰখাৰ স্বাৰ্থত কলকাতা আৰক্ষীয়ে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ আশে-পাশে ১৮ আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ সাত দিনৰ বাবে BNSS ৰ ১৬৩ ধাৰা জাৰি কৰে ।

লগতে পঢ়ক : কলকাতাত চিকিৎসকক ধৰ্ষণ-হত্যা: ৪২ গৰাকী চিকিৎসকৰ বদলিৰ নিৰ্দেশ বাতিল - RG Kar Medical College incident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.