ETV Bharat / bharat

দেওবাৰে পুনৰ কৃষকৰে আলোচনাত বহিব কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্ব; অমীমাংসিতভাবে অন্ত পৰিল তৃতীয় পৰ্যায়ৰ আলোচনা - Farmers protest 2024

Farmers protest 2024:বৃহস্পতিবাৰৰ নিশা কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে পাঁচ ঘণ্টাৰো অধিক সময় আলোচনাত মিলিত হয় কৃষক নেতাসকল ৷ তৃতীয় পৰ্যায়ৰ আলোচনা কোনো সিদ্ধান্তত উপনীত নোহোৱাকৈ সমাপ্ত হয় ৷ পৰৱৰ্তী পৰ্যায়ৰ আলোচনা দেওবাৰে সন্ধিয়া 6 বজাত অনুষ্ঠিত হ’ব ।

"We are not from Pakistan": Farmer leaders express concern over forces' actions against protestors

author img

By ANI

Published : Feb 16, 2024, 6:52 AM IST

নেশ্যনেল ডেস্ক, 16 ফেব্ৰুৱাৰী: চৰকাৰী বিভিন্ন প্ৰত্যাহ্বান নেওচি বৃহস্পতিবাৰৰ নিশা কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে পাঁচ ঘণ্টাৰো অধিক সময় আলোচনাত মিলিত হয় কৃষক নেতাসকল ৷ প্ৰতিবাদকাৰী খেতিয়কসকলৰ ওপৰত প্ৰশাসনে চলোৱা কাৰ্যক লৈ উদ্বেগ প্ৰকাশ কৰি কয় যে তেওঁলোকে ‘সংঘৰ্ষ নহয়, শান্তিপূৰ্ণ সমাধান’ বিচাৰে ।

কিষাণ মজদুৰ মৰ্চাৰ সমন্বয়ক সৰৱান সিং পান্ধেৰে বৈঠকৰ পিছত সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ায় কয় যে কৃষক সংঘৰ নেতাসকলে কেবিনেট মন্ত্ৰীসকলক তেওঁলোকৰ “আলোচনাৰ প্ৰতি দায়বদ্ধতা”ৰ আশ্বাস দিছে । বৰ্তমান সময়চোৱাত ছ’চিয়েল মিডিয়া একাউণ্ট আৰু কন্দুৱা গেছ, গোলাবৰ্ষণ নিক্ষেপ আদিৰ পৰিৱেশৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি পান্ধেৰে কয়, "আমি কৈছিলো যে আমি পাকিস্তানৰ পৰা অহা নাই । আমি সংঘাত নহয়, শান্তিপূৰ্ণ সমাধান বিচাৰো । আমি তেওঁলোকক আলোচনাৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ আশ্বাস দিলোঁ ।"

তেওঁ আৰু কয়, "কেন্দ্ৰৰ সৈতে আলোচনা আমাৰ দ্বাৰা উত্থাপন কৰা সকলো দাবীৰ ওপৰত কৰা হৈছিল । আমি বিষয়সমূহৰ সমাধান বিচাৰি আলোচনাত বহিছিলো । মন্ত্ৰীসকলে কয় যে ইয়াৰ বাবে সময়ৰ প্ৰয়োজন । আমি আশা কৰিছো যে শান্তিপূৰ্ণ সমাধান উলিয়াব; সকলো ধৰণৰ সংঘাতৰ অৱসান ঘটিব । আমাৰ দিল্লীলৈ যোৱা কাৰ্যসূচী এতিয়াও আছে ।"

ভাৰতীয় কিষাণ সংঘৰ সভাপতি জগজিৎ সিং দলেৱালে কয় যে চৰকাৰে কৃষকৰ দাবী সন্দৰ্ভত বিতংভাৱে আলোচনা কৰিবলৈ অধিক সময় বিচাৰিছে । দলেৱালে কয়, "আমি বিশদ আলোচনাত লিপ্ত হৈছিলো আৰু চৰকাৰে এমএছপি আৰু শ্বেয়াৰ ঋণৰ ওপৰত আলোচনাৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰিছিল, অধিক আলোচনাৰ প্ৰতিশ্ৰুতি দিছিল । আলোচনাৰ পিছত চৰকাৰে কয় যে দাবীসমূহৰ ওপৰত বিশদ আলোচনাৰ প্ৰয়োজন । পৰৱৰ্তী (চতুৰ্থ) ৰাউণ্ডৰ বৈঠকৰ বাবে দেওবাৰৰ দিনটো ধাৰ্য কৰা হৈছে ।"

  • " class="align-text-top noRightClick twitterSection" data="">

মঙলবাৰৰ পৰা পঞ্জাৱৰ কৃষকসকলে ৰাষ্ট্ৰীয় ৰাজধানীলৈ যাত্ৰা আৰম্ভ কৰিছিল যদিও পঞ্জাৱ আৰু হাৰিয়ানাৰ মাজৰ শম্ভু আৰু খানৌৰী সীমান্ত পইণ্টত নিৰাপত্তাৰক্ষীয়ে বাধা প্ৰদান কৰে । প্ৰতিবাদকাৰী কৃষকসকলে সীমান্তৰ পইণ্টত শিবিৰ পাতিছে ৷ বুধবাৰে আম্বালা আৰু পাটিয়ালা জিলাৰ শম্ভু সীমান্তত প্ৰতিবাদকাৰীসকলক দিল্লী অভিমুখে যাত্ৰাত বাধা দিবলৈ হাৰিয়ানা আৰক্ষীয়ে কন্দুৱা গেছৰ গোলা (ড্ৰোনৰ সৈতেও), পঞ্জাৱ অঞ্চলৰ ফালে নিক্ষেপ কৰে ।

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এই বৈঠকখন দুয়োপক্ষৰ তৃতীয় পৰ্যায়ৰ আলোচনা । পূৰ্বৰ দুটা পৰ্যায়ৰ আলোচনা 8 আৰু 12 ফেব্ৰুৱাৰীত হৈছিল । ইফালে, কেন্দ্রীয় মন্ত্রী আৰু 14 জন কৃষক সংঘৰ নেতাৰ মাজত তৃতীয় পৰ্যায়ৰ আলোচনাত কোনো সিদ্ধান্তত উপনীত নোহোৱাকৈ সমাপ্ত হয় ৷ পৰৱৰ্তী পৰ্যায়ৰ আলোচনা দেওবাৰে সন্ধিয়া 6 বজাত অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক: আজি কৃষক সংগঠনৰ সৈতে চৰকাৰৰ তৃতীয় পৰ্যায়ৰ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.