ETV Bharat / bharat

ভাৰত-ব্ৰিটেইন প্ৰযুক্তি সুৰক্ষা উদ্যোগ; দশকটোৰ প্ৰযুক্তি সংজ্ঞাৰ এক নতুন দৃষ্টিভংগী - UK India Technology Initiative

author img

By ANI

Published : Jul 25, 2024, 7:05 AM IST

UK-India Technology Security Initiative : ইউ কে-ইণ্ডিয়া টেকন'লজী ছিকিউৰিটী ইনিচিয়েটিভে টেলিকম নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সহযোগিতা আগবঢ়োৱা আৰু উদীয়মান প্ৰযুক্তিত বিনিয়োগৰ ক্ষেত্ৰত সন্মত হৈছে । এই নতুন পদক্ষেপটোৱে দুয়োখন দেশতে অৰ্থনৈতিক বিকাশ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ব্যাপক কৌশলগত অংশীদাৰিত্ব সতেজ আৰু গভীৰ কৰিব ।

UK-India Technology Security Initiative
ব্ৰিটেইনৰ বৈদেশিক সচিবৰ সৈতে প্ৰধানমন্ত্ৰী মোদী (ANI Photo)

নিউজ ডেস্ক, ২৫ জুলাই : 'ইউ কে-ইণ্ডিয়া টেকন'লজী ছিকিউৰিটী ইনিচিয়েটিভ' অৰ্থাৎ ব্ৰিটেইন-ভাৰত প্ৰযুক্তি সুৰক্ষা উদ্যোগে টেলিকম, গুৰুত্বপূৰ্ণ খনিজ, অৰ্ধপৰিবাহী আৰু কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি এই দশকটোৰ নিৰ্ধাৰিত প্ৰযুক্তিৰ ক্ষেত্ৰত দুয়োখন ৰাষ্ট্ৰই কেনেদৰে একেলগে কাম কৰিব তাৰ বাবে এক সাহসী নতুন পদ্ধতি নিৰ্ধাৰণ কৰিব । ব্ৰিটিছ উচ্চ আয়োগে এই কথা ব্যক্ত কৰিছে ।

নতুন ইউ কে-ইণ্ডিয়া টেকন'লজী ছিকিউৰিটী ইনিচিয়েটিভে টেলিকম নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সহযোগিতা আগবঢ়োৱা আৰু উদীয়মান প্ৰযুক্তিত বিনিয়োগৰ ক্ষেত্ৰত সন্মত হৈছে । এই নতুন পদক্ষেপটোৱে দুয়োখন দেশতে অৰ্থনৈতিক বিকাশ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ব্যাপক কৌশলগত অংশীদাৰিত্ব সতেজ আৰু গভীৰ কৰিব ।

ব্ৰিটিছ হাই কমিছনে এক বিজ্ঞপ্তিত কয়, "ব্ৰিটেইন আৰু ভাৰত দুয়োখন দেশে জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা, সাগৰীয় বতাহ আৰু সেউজ হাইড্ৰ'জেনৰ ওপৰত সেউজ শক্তিৰ অংশীদাৰিত্ব ত্বৰান্বিত কৰা আৰু সেউজ বিকাশৰ সুযোগ উন্মুক্ত কৰাৰ ক্ষেত্ৰত ঘনিষ্ঠ সহযোগিতাৰ বাবে সন্মত হৈছে ।"

ব্ৰিটেইনৰ বৈদেশিক সচিব ডেভিদ লামিয়ে তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণৰ সময়ত ইউ কে-ভাৰত প্ৰযুক্তি সুৰক্ষা উদ্যোগৰ কথা ঘোষণা কৰে । উক্ত ভ্ৰমণসূচীত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি ভাৰত চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলক সাক্ষাৎ কৰে ।

আনহাতে, অগ্ৰাধিকাৰ খণ্ডসমূহত গুৰুত্বপূৰ্ণ আৰু উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰিত কৰাৰ বাবে দুয়োখন দেশৰ মাজত হোৱা আলোচনাৰ পিচত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলে এই উদ্যোগৰ নেতৃত্ব প্ৰদান কৰিছে আৰু সন্মত হৈছে ।

"ই এই দশকৰ নিৰ্ধাৰিত প্ৰযুক্তিৰ ওপৰত ব্ৰিটেইন আৰু ভাৰতে কেনেদৰে একেলগে কাম কৰে তাৰ বাবে এক সাহসী নতুন পদ্ধতি নিৰ্ধাৰণ কৰিব । বিশেষকৈ টেলিকম, গুৰুত্বপূৰ্ণ খনিজ, এ আই, কোৱাণ্টাম, স্বাস্থ্য/বায়'টেক, উন্নত সামগ্ৰী আৰু অৰ্ধপৰিবাহীৰ ক্ষেত্ৰত ।" উচ্চআয়োগে কয় । ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ হৈ ব্ৰিটেইনৰ বৈদেশিক সচিবে প্ৰদান কৰা এই ধৰণৰ প্ৰথম চুক্তিখনে ব্ৰিটিছ আৰু ভাৰত চৰকাৰ, উদ্যোগ আৰু শিক্ষাৰ মাজত অংশীদাৰিত্বৰ এক শৃংখলা গঢ়ি তুলিছে ।

লগতে সংশ্লিষ্ট ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলে ব্ৰিটেইন-ভাৰতীয় গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ সামূহিক সম্ভাৱনা কঢ়িয়াই অনাটো নিশ্চিত কৰিবলৈ এই চুক্তিখন আগবঢ়াই নিব । এই ঘোষণাটো হৈছে এক বিস্তৃত পেকেজ ঘোষণাৰ এক অংশ । বৈদেশিক সচিবে নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোদী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰৰ সৈতে দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি ব্ৰিটেইন-ভাৰত ব্যাপক কৌশলগত অংশীদাৰিত্ব ত্বৰান্বিত কৰিবলৈ সন্মত হৈছে ।

তদুপৰি, এই পদক্ষেপে এক দ্বিপাক্ষিক অংশীদাৰিত্ব আগবঢ়াব, যিটোক অৰ্থনৈতিক বিকাশ বৃদ্ধি আৰু বাণিজ্য, প্ৰযুক্তি, শিক্ষা, সংস্কৃতি আৰু জলবায়ুকে ধৰি গুৰুত্বপূৰ্ণ বিষয়সমূহত সহযোগিতা গভীৰ কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে । ইফালে ভাৰত-ইউ কে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন অংশীদাৰিত্বৰ অধীনত ইউ কে গৱেষণা আৰু উদ্ভাৱন (ইউ কে আৰ আই) আৰু ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ দ্বাৰা ভৱিষ্যতে টেলিকম গৱেষণাৰ বাবে ৭ নিযুত পাউণ্ডৰ এক নতুন পুঁজিৰ আহ্বানো ঘোষণা কৰা হয় । ব্ৰিটিছ হাই কমিছনে এই কথা কয় ।

লগতে পঢ়ক :আছিয়ানৰ বৈদেশিক মন্ত্ৰীৰ বৈঠক : এছ জয়শংকৰৰ সৈতে অসমৰ মুখ্যমন্ত্ৰীৰ বৈঠক কিয় গুৰুত্বপূৰ্ণ ? - S Jaishankar
লগতে পঢ়ক :প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ওপৰত হোৱা আক্ৰমণৰ পাচত পদত্যাগ চোৰাংচোৱা সেৱাৰ সঞ্চালকৰ - ASSASSINATION ATTEMPT AGAINST TRUMP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.