ETV Bharat / bharat

গৰু সৰবৰাহৰ সন্দেহত মাজনিশা গণপ্ৰহাৰ তিনি যুৱকক: দুজনৰ মৃত্য়ু - Two killed in mob lynching

author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 10:20 PM IST

Mob lynching: ট্ৰাকত গৰু সৰবৰাহৰ অভিযোগত তিনি যুৱকক গণপ্ৰহাৰ ৷ প্ৰায় 12 জনীয়া এটা দলৰ প্ৰহাৰত নিহত দুই যুৱক ৷ এজনৰ অৱস্থা সংকটজনক ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ অভিযান অব্যাহত ৷

TWO KILLED IN MOB LYNCHING
Mob lynching (ETV Bharat)

নিউজ ডেস্ক, 7 জুন: পুনৰ গণপ্ৰহাৰত প্ৰাণ হেৰুৱালে দুজন যুৱকে ৷ প্ৰায় 12 জনীয়া যুৱকৰ এটা দলৰ নিৰ্মম প্ৰহাৰত দুজন যুৱকে প্ৰাণ হেৰুওৱাৰ লগতে চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে আন এজনে ৷ বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই লোমহৰ্ষক ঘটনা ৷

এখন ট্ৰাকত গৰু সৰবৰাহ কৰাৰ অভিযোগত তিনিজন যুৱকক নিৰ্মমভাৱে প্ৰহাৰ কৰে যুৱকৰ দল এটাই ৷ ফলত এজন যুৱক থিতাতে নিহত হোৱাৰ লগতে চিকিৎসালয়ত প্ৰাণ হেৰুৱাই আন এজনে ৷ তৃতীয়জন যুৱক এতিয়াও সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ৷ চত্তীশগড়ৰ ৰায়পুৰৰ আৰঙত সংঘটিত হৈছে এই ঘটনা ৷

লগতে পঢ়ক: ভুৱা পৰিচয় পত্ৰৰে সংসদত প্ৰৱেশৰ চেষ্টা, তিনিজনক গ্ৰেপ্তাৰ - Breach in Parliament Security

ট্ৰাকত গৰু কঢ়িয়াই আনিছিল তিনি যুৱকে: ৰায়পুৰ আৰক্ষীৰ তথ্য অনুসৰি উত্তৰ প্ৰদেশৰ তিনিজন যুৱকে এখন ট্ৰাকত গৰু তুলি মহাছামুণ্ড হৈ ওড়িশালৈ লৈ গৈ আছিল । এই সময়ছোৱাত বৃহস্পতিবাৰে নিশা 10 ৰ পৰা 12 জন যুৱকে আৰঙত তেওঁলোকক তালাচী কৰাৰ লগতে প্ৰহাৰ কৰে । কেৱল প্ৰহাৰ কৰাই নহয়, তিনিওজন যুৱকক পেলাই দিয়া হয় মহানদীত । এই ঘটনাত এজন যুৱকৰ থিতাতে মৃত্যু হয় । চিকিৎসাৰ সময়ত এজন যুৱকে প্ৰাণ হেৰুৱাই আৰু তৃতীয়জন যুৱক চিকিৎসাধীন হৈ আছে।

লগতে পঢ়ক: প্ৰথমে নাবালিকাক সৰবৰাহ, তাৰ পিচত ধৰ্ষণ কৰি হত্যা... - MINOR GIRL raped and murdered

"বৃহস্পতিবাৰে মাজনিশা উত্তৰ প্ৰদেশৰ চাহাৰনপুৰৰ বাসিন্দা তথা এটা বিশেষ সম্প্ৰদায়ৰ তিনিজন যুৱকে ট্ৰাকত গৰু কঢ়িয়াই লৈ গৈছিল । তেওঁলোকে প্ৰায় 24 টা গৰু-ম'হ লৈ মহাছামুণ্ড হৈ আৰঙৰ মাজেৰে ওড়িশালৈ লৈ গৈছিল । সেই সময়ছোৱাত, 10-12 জন যুৱকে আহি তেওঁলোকক খেদি খেদি আগভেটি ধৰে ৷ এই সময়ত মহানদীৰ সমীপত ট্ৰাকখনৰ টায়াৰ ফাটি যায় । ইয়াৰ পিচতে যুৱকৰ দলটোৱে এই তিনি যুৱকক মাৰপিট কৰি মহানদীত দলিয়াই দিয়ে । য’ত এজন যুৱকৰ থিতাতে মৃত্যু হয় । চিকিৎসালয়ত মৃত্যু হয় দ্বিতীয়জন যুৱকৰ । তৃতীয়জন যুৱক ৰায়পুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈ আছে । ৰায়পুৰৰ আৰঙত উপস্থিত হৈছে যুৱক তিনিজনৰ পৰিয়ালৰ সদস্য । দুয়োটা মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত আৰক্ষীয়ে মৃতদেহ পৰিয়ালক গতাই দিয়ে । এই গোচৰৰ তদন্ত কৰি থকা হৈছে ৷’’ আৰং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যেন্দ্ৰ সিং শ্যামে কয় ।

লগতে পঢ়ক: ঘৰত বিয়া ঠিক হৈছে... প্ৰেমিক-প্ৰেমিকাই ল’লে চৰম সিদ্ধান্ত - lovers committed suicide

মৃত যুৱকৰ আত্মীয়ই কয় যে তিনিওজন যুৱক গৰু ব্যৱসায়ত জড়িত । এই ঘটনাৰ বাবে মৃত যুৱকৰ পৰিয়ালে দুখ প্ৰকাশ কৰে ৷

আৰং আৰক্ষীয়ে ওচৰতে স্থাপন কৰা চিচি টিভি কেমেৰাৰ ফুটেজ স্কেন কৰি আছে । ইয়াৰ উপৰিও তাত উপস্থিত থকা লোকসকলকো সোধা-পোচা কৰা হৈছে । এই ঘটনাৰ লগত জড়িত যুৱককেইজনৰ কোনো তথ্য বিচাৰি উলিয়াব পৰা নাই আৰক্ষীয়ে । আৰক্ষীয়ে এই গোচৰ সন্দৰ্ভত সকলো দিশৰ পৰা তদন্ত কৰি আছে ।

লগতে পঢ়ক: সন্দেহে নিঃশেষ কৰিলে এখন সংসাৰ; পত্নীক হত্যা কৰি 14 টুকুৰা কৰিলে স্বামীয়ে - HUSBAND KILLS WIFE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.