ETV Bharat / bharat

আগ্ৰাত দলবদ্ধ ধৰ্ষণৰ বলি ধেমাজিৰ যুৱতী; ৰে’ল ষ্টেচনত চিনাকী যুৱকে লৈ গৈছিল বিয়াৰ প্ৰলোভন দি

আগ্ৰাৰ কিৰাৱলীত অসমৰ যুৱতীক দলবদ্ধ ধৰ্ষণ । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত দুই যুৱকক ।

Agra Gang Rape
আগ্ৰাত অসমৰ যুৱতীক দলবদ্ধ ধৰ্ষণ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 6, 2024, 12:00 PM IST

আগ্ৰা : আগ্ৰাৰ কিৰাৱলীত জঘন্য ঘটনা । দলবদ্ধ ধৰ্ষণৰ বলি অসমৰ এগৰাকী যুৱতী । অভিযোগ অনুসৰি দিল্লী ৰে'ল ষ্টেচনৰ পৰা অভিযুক্তই যুৱতীগৰাকীক বিয়া কৰোৱাৰ প্ৰলোভন দি লৈ গৈছিল । অভিযুক্তই যুৱতীগৰাকীক আগ্ৰাৰ কিৰাৱলীত থকা তেওঁৰ বন্ধুৰ ঘৰলৈ লৈ গৈছিল । য'ত দুয়োজনে যুৱতীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰে । অভিযোগ অনুসৰি দুই অভিযুক্তই যুৱতীগৰাকীক তিনিদিন ধৰি বন্দী কৰি ৰাখিছিল । মঙলবাৰে পুৱা ভুক্তভোগী যুৱতীগৰাকীয়ে এগৰাকী মহিলাৰ সহায়ত কিৰাৱলী আৰক্ষী থানাত উপস্থিত হয় আৰু সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰে । আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে আৰু অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ।

আৰক্ষীক জনোৱা মতে ভুক্তভোগী যুৱতীগৰাকীৰ ঘৰ অসমৰ ধেমাজি জিলাত । তেওঁ ডাঙৰ ভনীয়েকক লগ কৰিবলৈ ৰাজস্থানলৈ গৈছিল । তিনিদিন পূৰ্বে তেওঁ ৰে'লযোগে দিল্লী ৰে'ল ষ্টেচনত উপস্থিত হৈছিল । তাৰ পৰা তেওঁ ককায়েকক লগ কৰিবলৈ কেৰালালৈ যাব লগা আছিল । যাৰ বাবে তেওঁ দিল্লীৰ পৰা আন এখন ৰে'লখনত উঠিব গৈছিল । কেৰালালৈ যাবলগীয়া ৰে'লখন বিলম্ব হৈছিল । যুৱতীগৰাকী ষ্টেচনতে বহি আছিল । সেই সময়তে পুনেৰ মনোজ গায়কৱাড় নামৰ লোকজন তাত উপস্থিত হৈছিল । দুয়োৰে মাজত কথোপকথন হৈছিল । যুৱতীগৰাকীয়ে আৰক্ষীক অৱগত কৰা মতে মনোজে তেওঁক কৈছিল যে তেৱোঁ কেৰালালৈ যাব । তাৰ পাছত দুয়ো ৰে'লত বহিল ।

কিৰাৱলীলৈ কেনেকৈ আহিল যুৱতীগৰাকী ?

ভুক্তভোগীয়ে আৰক্ষীক কোৱা মতে যেতিয়া ৰে'লখন আগ্ৰা কেণ্ট ৰে'ল ষ্টেচন পাইছিল, মনোজে তেওঁক ৰে'লৰ পৰা নমাই লৈ গৈছিল । মনোজে কৈছিল যে তেওঁ যুৱতীগৰাকীক বিয়া পাতিব । তাৰ পিছত মনোজে তেওঁৰ বন্ধু কানহাক ফোন কৰিলে । মনোজে যুৱতীগৰাকীক কানহাৰ কিৰাৱলীৰ ভল্লা গাঁৱত থকা ঘৰলৈ লৈ গৈছিল । তাত মনোজ আৰু কানহাই যুৱতীগৰাকীক ধৰ্ষণ কৰে । তেওঁলোকৰ কবলৰ পৰা ওলাই অহাৰ কথা ভাবিছিল যদিও যুৱতীগৰাকীক তেওঁলোকে বিভিন্ন ধৰণৰ ভাবুকি দি বন্দী কৰি ৰাখিছিল । যেতিয়া অভিযুক্তই তেওঁক কিৰাৱলীত ভাড়াঘৰলৈ লৈ গৈছিল তেতিয়া এগৰাকী মহিলাক সকলো কথা বিৱৰি কৈছিল । তাৰ পিছত মহিলাগৰাকীয়ে ভুক্তভোগী যুৱতীগৰাকীক লৈ কিৰাৱলী আৰক্ষী থানাত উপস্থিত হয় ।

দুই অভিযুক্তক গ্ৰেপ্তাৰ

কিৰাৱলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক কেৱাল সিঙে কয় যে ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত অভিযুক্ত মনোজ গায়কৱাড় আৰু কানহাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে । কানহাই ৬ মাহ পূৰ্বে দিল্লীৰ সদৰ বজাৰত মনোজক লগ পাইছিল । দুয়োজনে তাৰ পৰা কম দামত বৈদ্যুতিক সঁজুলি আৰু অন্যান্য সামগ্ৰী ক্ৰয় কৰি আগ্ৰা আৰু পুনেত বিক্ৰী কৰাৰ কামত জড়িত হৈছিল । আৰক্ষীৰ মতে ভুক্তভোগী যুৱতীগৰাকীৰ চিকিৎসা পৰীক্ষা কৰা হৈছে ।

লগতে পঢ়ক :মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান ! অৰুণাচলী শিল্পীৰ বিৰুদ্ধে গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.