ETV Bharat / bharat

জামছেদপুৰত বিমান দুৰ্ঘটনাগ্ৰস্ত: সন্ধানহীন দুই পাইলট - Training Plane Crashes

author img

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 7:36 PM IST

Plane crash in Jamshedpur. ঝাৰখণ্ডৰ জামছেদপুৰত দুৰ্ঘটনাগ্ৰস্ত এখন প্ৰশিক্ষণত ব্যৱহাৰ হোৱা বিমান ৷ উৰণৰ পাছতেই দুৰ্ঘটনাত পতিত হয় বিমানখন । দুৰ্ঘটনাৰ পিছৰে পৰা সন্ধানহীন বিমানখনৰ দুয়োজন পাইলট ।

Plane crash in Jamshedpur
প্ৰতিনিধিত্বমূলক ফটো (ETV Bharat)

নেশ্যনেল ডেস্ক, ২০ আগষ্ট: ঝাৰখণ্ডৰ জামছেদপুৰৰ সোণাৰি বিমানবন্দৰৰ পৰা মঙলবাৰে উৰা মৰাৰ পাছতেই এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয় । এই দুৰ্ঘটনাত বিমানখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় । বিমানখনত দুজন বৈমানিক আছিল আৰু তেওঁলোকৰ কোনো তথ্য বৰ্তমানলৈ জানিব পৰা হোৱা নাই ৷ আশা কৰা হৈছে যে বিমানখনৰ ক্ৰেছ লেণ্ডিঙৰ সময়তে দুয়োজন পাইলটে ইজেক্ট কৰিছে । বৰ্তমান হেলিকপ্টাৰেৰে দুয়োৰে সন্ধান চলোৱা হৈছে ।

জানিব পৰা মতে মঙলবাৰে দুপৰীয়া ১১ বজাত পাইলট দুজনে বিমানখনেৰে উৰা মাৰিছিল । কিন্তু কিছু সময়ৰ পিছত বিমানখনৰে এ টি চিৰ সৈতে যোগাযোগ বিচ্ছিন্ন হয় । ইয়াৰ পিছতে জামছেদপুৰ আৰু ছেৰাইকেলাৰ আৰক্ষী আৰু প্ৰশাসনৰ বিষয়াসকলে তদন্ত আৰম্ভ কৰে আৰু বিমানখনৰ সন্ধান লাভ কৰিবলৈ সক্ষম হয় । জিজিকা পঞ্চায়তৰ বাৰুবেৰা নামৰ ঠাইত উদ্ধাৰ হয় বিমানখনৰ ধ্বংসাৱশেষ ।

লগতে পঢ়ক: উৰণৰ সময়তে দুৰ্ঘটনাত পতিত বিমান: 18 গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন পাইলট - Kathmandu plane crash

প্ৰশিক্ষাৰ্থী বিমান কি ?

প্ৰশিক্ষণ প্ৰদানৰ বাবে ব্যৱহাৰ কৰা বিমানক প্ৰশিক্ষাৰ্থী বিমান বুলি কোৱা হয় । এই বিমানখনত কিছুমান অতিৰিক্ত সুৰক্ষা বৈশিষ্ট্য আছে । এই দুজনীয়া বিমানখনত এজন প্ৰশিক্ষক পাইলটৰ লগতে এজন প্ৰশিক্ষাৰ্থী পাইলট থাকে ৷ এই বিমানত দুয়োৰে আসন বেলেগ বেলেগকৈ ওচৰা-ওচৰিকৈ থাকে যাতে দুয়োজনে ইজনে সিজনক ভালকৈ দেখা পায় আৰু সঠিক নিৰ্দেশনা দিব পাৰে । ইয়াৰ সুবিধাও আছে, সেইটো হৈছে শিক্ষাৰ্থীয়ে যদি কিবা ভুল কৰে তেন্তে প্ৰশিক্ষকে তাৰ ওপৰত চকু ৰাখে আৰু ইয়াক শুধৰাব পাৰে । সাধাৰণতে এই দুজনীয়া বিমানখন অসামৰিক বিমান পৰিবহণৰ প্ৰশিক্ষণৰ বাবে ব্যৱহাৰ কৰা হয় ।

লগতে পঢ়ক: ব্ৰাজিলৰ চাও পাওলোত ভয়ানক বিমান দুৰ্ঘটনাত নিহত ৬১ - Plane Crash in Brazil

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.