ETV Bharat / bharat

পুনৰ্বাসনৰ অন্তত মুক্তমনেৰে বনাঞ্চলত বিচৰণৰ বাবে সাজু পাপুম আৰু তেজু - Asiatic Black Bear

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Black bear in Arunachal: অৰুণাচল প্ৰদেশৰ 'পাকে টাইগাৰ ৰিজাৰ্ভ'ৰ ভালুক পুনৰ্বাসন আৰু সংৰক্ষণ কেন্দ্ৰ সাজু হৈছে দুটাকৈ অনাথ এছিয়াটিক ক'লা ভালুকৰ পোৱালিক বনাঞ্চলত মুকলি কৰি দিবলৈ ৷ অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ চিজুচাৰ পাকে টাইগাৰ ৰিজাৰ্ভত ২০০২ চনত স্থাপন কৰা হৈছিল ভালুক পুনৰ্বাসন আৰু সংৰক্ষণ কেন্দ্ৰটো ৷

Black bear in Arunachal
পাপুম আৰু তেজু অৱশেষত মুকলি হ’ব (ETV Bharat)

তেজপুৰ, ২৩ ছেপ্টেম্বৰ: পাকে ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত অস্থায়ী শিবিৰলৈ স্থানান্তৰিত কৰা হৈছে দুটা এছিয়াটিক ক'লা ভালুকৰ পোৱালি । চি বি আৰ চিৰ পৰা ১২ ছেপ্টেম্বৰত স্থানান্তৰ কৰা ভালুকৰ পোৱালি দুটা পুনৰ্বাসনৰ বাবে এতিয়াও মুকলি কৰা হোৱা নাই ৷ কাৰণ বনাঞ্চলৰ গতিবিধি আৰু অকলে খাদ্য সংগ্ৰহ কৰিবলৈ প্ৰশিক্ষণ দি নিৰীক্ষণত ৰখা হৈছে পোৱালি দুটাক ।

অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ চিজুচাৰ পাকে টাইগাৰ ৰিজাৰ্ভত ২০০২ চনত স্থাপন কৰা হৈছিল ভালুক পুনৰ্বাসন আৰু সংৰক্ষণ কেন্দ্ৰ ৷

ভালুক উদ্ধাৰ:

পাকে ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বন বিষয়া সত্যপ্ৰকাশ সিঙে ই টিভি ভাৰতক জনাই যে, চলিত বৰ্ষৰ ২৪ এপ্ৰিলত অৰুণাচল প্ৰদেশৰ পাপুম পৰে জিলাৰ ছাগালীৰ পৰা মাকৰ পৰা পৃথক হৈ থকা এছিয়াটিক ক’লা ভালুকৰ এমহীয়া মতা পোৱালি এটা উদ্ধাৰ কৰা হৈছিল । পোৱালিটোৰ মাতৃক কোনো চোৰাং চিকাৰীয়ে চিকাৰ কৰাৰ সম্ভাৱনা প্ৰকট হৈছিল ।

Black bear in Arunachal
পাপুম আৰু তেজু (ETV Bharat)

সিঙে কয়, ‘‘স্থানীয় এজন বাসিন্দাই উদ্ধাৰ কৰা এই পোৱালিটোক তৎক্ষণাত ছাগালী বন সংমণ্ডলৰ অধীনস্থ খিল (নতুন) টোৰো তহচিল ৰেঞ্জৰ বন বিষয়াক গতাই দিয়া হয় । ইটানগৰৰ প্ৰাণীবিজ্ঞান উদ্যানত ডাঃ সোৰাং তাদাপৰ প্ৰাৰম্ভিক স্বাস্থ্য পৰীক্ষাৰ অন্তত ‘পাপুম’ নামৰ পোৱালি ভালুকটোক পাকে টাইগাৰ ৰিজাৰ্ভৰ চেণ্টাৰ ফৰ বীয়াৰ ৰিহেবিলিটেচন এণ্ড কনজাৰ্ভেচন (চি বি আৰ চি) কেন্দ্ৰত ভৰ্তি কৰা হয় ৷’’

Black bear in Arunachal
ক’লা ভালুকৰ পোৱালি (ETV Bharat)

পুনৰ ৭ জুলাইত একেধৰণৰ আন এটা ঘটনা সংঘটিত হয় ৷ ক’ল’ৰটাং গাঁৱৰ এজন বাসিন্দাই এছিয়াটিক ক’লা ভালুকৰ পোৱালি এটা উদ্ধাৰ কৰে পূব অৰুণাচল প্ৰদেশৰ তেজু-হায়ুলিয়াং পথৰ টিবিৰ সমীপত । পোৱালিটোৰ মাক ওচৰতে থাকিব পাৰে বুলি চিন্তিত হৈ ততাতৈয়াকৈ খবৰ দিয়া হয় বন বিভাগক । বহুবাৰ চেষ্টা কৰাৰ পিছতো দলটোৱে ভালুকটোৰ মাকৰ উপস্থিতি বিচাৰি উলিয়াব নোৱাৰিলে, যাৰ ফলত ভালুকটো চোৰাং চিকাৰীৰ বলি হ’ব পাৰে বুলি সন্দেহ কৰা হয় ।

যিহেতু পোৱালিটোৱে বানাঞ্চত নিজাববীয়াকৈ জীয়াই থকাটো সম্ভৱ নাছিল, সেয়েহে ইয়াক সাময়িকভাৱে মিনি-চিৰিয়াখানালৈ স্থানান্তৰ কৰা হৈছিল ।

ভালুকৰ পোৱালিটোক দিবাং উপত্যকাত উদ্ধাৰ কেন্দ্ৰত প্ৰথমে ৰখা হয় আৰু নাম দিয়া হয় 'তেজু' । যোৱা ৯ জুলাইত ‘তেজু’ নামৰ ভালুক পোৱালিটোক চি বি আৰ চিৰ দলৰ তত্বাৱধানত অনা হয় । সংৰক্ষিত এলেকাত পোৱালিটোক নাৰ্চাৰীত পৰিচৰ্যা কৰি ডাঙৰ-দীঘল কৰা হৈছে, য’ত ই পৰ্যাপ্ত খাদ্য লাভ কৰে ৷ যাতে বন্যপ্ৰাণীৰ মাজত জীয়াই থকাৰ বাবে ইয়াক প্ৰশিক্ষণ দিয়া হয় ।

মুকলিৰ প্ৰস্তুতি:

সত্যপ্ৰকাশ সিঙে কয় যে, ‘‘দুয়োটা পোৱালিকে ১২ ছেপ্টেম্বৰত মুক্ত পৰিৱেশৰ বাবে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয় । এই সময়ছোৱাত তেওঁলোকে অৰণ্যখন অন্বেষণ কৰি নিজৰ যত্ন ল’বলৈ শিকিবলৈ এজন পশুপালকৰ দ্বাৰা পৰিচালিত হ’ব । এবাৰ ইহঁতে স্বাধীন আচৰণ প্ৰদৰ্শন কৰিলে, চূড়ান্ত মুক্তিৰ পূৰ্বে ইহঁতৰ ৰেঞ্জিং পেটাৰ্ণ আৰু বনাঞ্চলত জীয়াই থকাৰ কাল অনুসৰণ কৰিবলৈ ৰেডিঅ’ ট্ৰেন্সমিটাৰ লগোৱা হ’ব ৷’’

উল্লেখযোগ্য যে এই সংৰক্ষণ কেন্দ্ৰৰ পৰা বিগত ২০০২ চনৰ পৰা বৰ্তমানলৈকে ৫০ টা ভালুকৰ পোৱালি পুনৰ সংৰক্ষণ কৰি বানাঞ্চলত মুকলি কৰা হৈছে ।

অৰুণাচল প্ৰদেশৰ পাকে সংৰক্ষিত বনাঞ্চলৰ সংলগ্ন কৈ থকা এই কেন্দ্ৰটো ভাৰতীয় বন্যপ্ৰাণী ন্যাস (WTI), আন্তঃৰাষ্ট্ৰীয় পশু কল্যাণ পুঁজি (IFAW) আৰু পৰিৱেশ আৰু বন বিভাগ অৰুণাচল প্ৰদেশৰ দ্বাৰা যৌথভাৱে পৰিচালিত ৷ চি বি আৰ চি হৈছে ভাৰতৰ একমাত্ৰ কেন্দ্ৰ, যিটো ভালুকৰ পোৱালি পালন আৰু পুনৰ সংস্থাপনৰ বাবে উৎসৰ্গিত ।

পাকে ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল:

উল্লেখযোগ্য যে এই সংস্থাৰ কাষতে পাকে সংৰক্ষিত বনাঞ্চল তথা ব্যাঘ্ৰ প্ৰকল্প অৱস্থিত । পূৰ্বতে এছিয়াটিক ক'লা ভালুক চোৰাং চিকাৰীৰ আক্ৰমণৰ সন্মুখীন হৈছিল । আনহাতে বন বিভাগৰ তথ্য মতে এই বনাঞ্চলখনত ২০২৩ বৰ্ষত কেবাটাও বন্য প্ৰাণী চোৰাং চিকাৰীৰ কবলত পৰিছিল ৷ সেই সকলো চিকাৰীক কৰায়ত্ত কৰা হয় আৰু বৰ্তমান আদালতত গোচৰ চলি আছে, কিন্তু বিগত সময়ছোৱাৰ তুলনাত চোৰাং চিকাৰী বহু পৰিমাণে হ্ৰাস পাইছে । পাকে ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ বৈশিষ্ট্য হৈছে ইয়াৰ কাষেৰে বৈ অহা পাকে নদী, যি নদীত বিভিন্ন প্ৰজাতিৰ মাছ পোৱা যায় ৷ এই নদীয়ে তলৰ অংশত অসমৰ শোণিতপুৰ জিলাৰ বৰদিকৰাই বুলি জনা যায় ।

১৯৬৬ চনৰ ১ জুলাইত পাকে ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলখন প্ৰথমে পাখুই সংৰক্ষিত বনাঞ্চল হিচাপে গঠন কৰা হয় আৰু ১৯৭৭ চনৰ ২৮ মাৰ্চত খেল সংৰক্ষিত বনাঞ্চল ঘোষণা কৰা হয় । ২০০১ চনত ইয়াৰ নাম পাখুই বন্যপ্ৰাণী অভয়াৰণ্য কৰি ২০০২ চনৰ ২৩ এপ্ৰিলত পাখুই ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল নামেৰে দেশৰ ২৬ সংখ্যক বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে পৰিগণিত হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.