ETV Bharat / bharat

ৰাছিয়াত দুটা নতুন বাণিজ্যিক দূতাবাস খোলাৰ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ - PM Modi Russia Visit

author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 4:09 PM IST

Narendra Modi in Russia: ৰাছিয়াত নতুনকৈ দুটা বাণিজ্যিক দূতাবাস খোলাৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ ইয়াৰ জৰিয়তে ভাৰত-ৰাছিয়াৰ সম্পৰ্ক অধিক শক্তিশালী হ’ব বুলি আশা কৰা হৈছে ৷

Narendra Modi in Russia
ৰাছিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (ANI Video screen grab)

নিউজ ডেস্ক, 9 জুলাই : মঙলবাৰে ভাৰতে ৰাছিয়াৰ কাজান আৰু ইয়েকাতেৰিনবাৰ্গত দুটা নতুন বাণিজ্যিক দূতাবাস মুকলি কৰাৰ কথা ঘোষণা কৰে ৷ ইয়াৰ জৰিয়তে দেশ দুখনৰ মাজৰ কূটনৈতিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ চেষ্টা কৰা হৈছে ৷ মস্কোত প্ৰবাসী ভাৰতীয়সকলৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত এই কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

উল্লেখ্য যে বৰ্তমান, মস্কোত ভাৰতৰ এটা দূতাবাস থকাৰ লগতে ছেইণ্ট পিটাৰ্ছবাৰ্গ আৰু ভ্লাদিভষ্টকত বাণিজ্য দূতাবাস আছে ৷ নতুনকৈ বাণিজ্য দূতাবাস খোলাৰ ফলত ৰাছিয়াৰ নাগৰিকসকলক অধিক সমৰ্থন আৰু সেৱা ভাৰতে লাভ কৰাৰ সম্ভাৱনা আছে ৷ বিভিন্ন ক্ষেত্ৰত ঘনিষ্ঠ সম্পৰ্ক স্থাপনত এই বাণিজ্য দূতাবাসে সহায় কৰিব বুলি আশা কৰা হৈছে ৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে নতুন বাণিজ্য দূতাবাসে দুয়োখন দেশৰ মাজত ব্যৱসায়ৰ লগতে ইখন দেশৰ লোক সিখন দেশলৈ ভ্ৰমণ কৰাত সুবিধা হ’ব ৷

উল্লেখ্য দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে ৰাছিয়াত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ ইয়াৰ পিচতে তেওঁ অষ্ট্ৰিয়ালৈও যাব ৷ ২০২১ চনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পিচত এইটো এয়া প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম ৰাছিয়া ভ্ৰমণ ৷

ৰাছিয়াত ভাৰতীয় বাণিজ্য দূতাবাসৰ ভূমিকা :

ৰাছিয়াত থকা ভাৰতীয় বাণিজ্য দূতাবাসসমূহে ভাৰতীয় নাগৰিকসকলক যথেষ্ট সহায় কৰি আহিছে ৷ দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধি কৰাৰ লগতে ভাৰত আৰু ৰাছিয়াৰ মাজত সাংস্কৃতিক-অৰ্থনৈতিক সম্পৰ্ক বৃদ্ধি কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে এই বাণিজ্য দূতাবাসে ৷ ভাৰতীয় নাগৰিকসকলক জৰুৰীকালীন সহায়ৰ ক্ষেত্ৰতো এই বাণিজ্য দূতাবাসে ভূমিকা গ্ৰহণ কৰি আহিছে ৷ দুৰ্ঘটনা, ৰোগ বা প্ৰাকৃতিক দুৰ্যোগৰ দৰে জৰুৰীকালীন অৱস্থাত ভাৰতীয় নাগৰিকসকলক সহায় আগবঢ়ায় বাণিজ্য দূতাবাসে ৷

ৰাছিয়াত থকা ভাৰতীয় বাণিজ্য দূতাবাসে বাণিজ্যিক সম্পৰ্ক ভাল কৰাৰ লগতে ৰাছিয়াত ভাৰতীয়ৰ ব্যৱসায়ৰ প্ৰতি সহযোগিতা আগবঢ়ায় ৷ স্থানীয় বজাৰত ভাৰতীয়ই ব্যৱসায় কৰাত সহায় কৰে আৰু ভাৰতত বিনিয়োগৰ সুযোগ বৃদ্ধি কৰে ৷ ৰাছিয়াত ভাৰতীয় বাণিজ্য দূতাবাসসমূহে ভাৰতীয় নাগৰিকৰ কল্যাণ নিশ্চিত কৰা, ভাৰতৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক দিশৰ প্ৰচাৰৰ লগতে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে কাম কৰে ৷

মস্কোত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে মঙলবাৰে কয়, ‘‘ৰাছিয়া হৈছে ভাৰতৰ সকলো সময়ৰ বন্ধু ।’’ বিগত দুটা দশকত দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভুমিকাক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

‘ৰাছিয়া’ শব্দটো শুনাৰ লগে লগে প্ৰতিগৰাকী ভাৰতীয়ই এক বিশ্বাসী বন্ধু হিচাপে ভাবে বুলি কয় প্ৰধানমন্ত্ৰী মোদীয়ে ৷

লগতে পঢ়ক: ৰাজ কাপুৰৰ চলচ্চিত্ৰৰ গানৰ উল্লেখেৰে ভাৰত-ৰাছিয়া সম্পৰ্কৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.