নিউজ ডেস্ক, 1 ছেপ্টেম্বৰ: মানৱ জীৱন লাভ কৰাটো ঈশ্বৰৰ এক আশীৰ্বাদ হিচাপে গণ্য কৰা হয় ৷ জীয়াই থাকিবলৈ হ’লে জীৱনটোক অলপ মৰম নকৰিলে জানো চলে ! ঈশ্বৰে মনুষ্য সৃষ্টিৰ লগে লগে ভাল-বেয়া কৰ্মৰ পাৰ্থক্য় বুজি জীৱনটোক আগুৱাই নিবলৈ জ্ঞান দিলে ৷ কিন্তু আমাৰ মাজতেই এনে কিছুমান মানুহ আছে, যিয়ে ভাল-বেয়াৰ পাৰ্থক্য বিচাৰত গুৰুত্ব নিদিয়ে আৰু সমুখলৈ অহা বিপদকো আওকাণ কৰি জীৱনটো সেই বিপদৰ মাজলৈ থেলি দিয়ে ৷ তেনে এটা ঘটনাৰ বিষয়েই ক’বলৈ ওলাইছোঁ ৷
ম’বাইল বৰ্তমান সময়ত মানুহৰ এক অবিচ্ছেদ্য অংগৰ দৰেই হৈ পৰিছে ৷ ম’বাইলটো নহ’লে যেন একোৱেই নচলে ৷ ম’বাইলটো হাতত থকা মানে হাতৰ মুঠিতে সকলো পাব পাৰি ৷ পিচে সেই ম’বাইলে হাতৰ মুঠিতে আপোনাক মৃত্য়ুও আনি দিব পাৰে ৷ আপুনি বাৰু ম’বাইল কেনেদৰে ব্যৱহাৰ কৰে ? বহুতৰে খোৱাৰ পৰা শোৱালৈকে ভিন্ন সময়ত ম’বাইলটো নহ’লে নচলে ৷ ম’বাইলৰ বাবেই দুজন কিশোৰৰ জীৱনত সংঘটিত হ’ল অবাঞ্চিত এক ঘটনা ৷ কিবা বুজি পোৱাৰ আগতেই শেষ হৈ গ’ল সকলো ৷
ম’বাইলত গেম খেলি বহুতেই অৱসৰ সময় কটায় ভালপায় ৷ আন বহুতে গেমৰ জৰিয়তে ধন উপাৰ্জনৰ সুযোগো বিচাৰে ৷ এই কিশোৰ দুজনৰো আছিল গেম খেলাৰ বিৰাট চখ ৷ দুয়ো এটা ৰে’ল লাইনত বহি মচগুল হৈ আছিল গেম খেলাত ৷ চৌপাশে কি ঘটি আছে, তালৈ কোনো ভ্ৰূক্ষেপ নাছিল দুয়োৰে ৷ তেতিয়াই ঘটিল অঘটনটো ৷ ৰে’ল লাইনেৰে আহি থকা এখন ৰে’লে মুহূৰ্ততে মহতিয়াই নিয়ে কিশোৰ দুটিক ৷ তেওঁলোকে কিবা বুজি পোৱাৰ আগতেই মৃত্য়ু ঘটিল দুয়োৰে ৷ ৰে’ল আৰক্ষীয়ে ছিন্ন-ভিন্ন মৃতদেহ দুটা উদ্ধাৰ কৰি এটা গোচৰ ৰুজু কৰে ৷
আৰক্ষীয়ে জনোৱা মতে, ৰে’ল লাইনত চাইকেল ৰখাই দুয়ো ব্যস্ত আছিল ভিডিঅ’ গেম খেলাত ৷ সেই মুহূৰ্তত এখন ৰে’লে দুয়োকে মহতিয়াই নিয়ে ৷ ঘটনাস্থলীৰ পৰা এখন চাইকেল উদ্ধাৰ কৰা হৈছে ৷ মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷ ছত্তীশগড়ৰ দূৰ্গত সংঘটিত হৈছে এই হৃদয়বিদাৰক ঘটনাটো ৷
‘‘দূৰ্গ দল্লীৰাজৰালৈ যোৱা ৰে'লপথত পাৰ্শ্বনাথ জৈন মন্দিৰৰ পিছফালে থকা ট্ৰেকত দুটা কিশোৰৰ মৃতদেহ পোৱা গৈছিল । দুয়োটা শৰীৰ চিনাক্তকৰণ কৰি যাৱতীয় কাম আৰম্ভ কৰা হৈছে । মৃত কিশোৰ দুটাৰ ভিতৰত এজন হৈছে পুৰাণ চাহু, যাৰ বয়স 14 বছৰ। দ্বিতীয়জনৰ নাম বীৰ সিং। বীৰৰ বয়স ১৩ বছৰ । দুয়ো বন্ধু আছিল । ৰেলখন আহি পোৱাৰ সময়ত দুয়োজনে ৰেলপথত মোবাইল ফোনত ভিডিঅ' গেম খেলি আছিল । তেওঁলোক দুয়োজনে কিবা বুজি পোৱালৈকে, ৰেলৰ খুন্দাত তেওঁৰ মৃত্যু হৈছিল ।‘‘- অম্বৰ সিং ভৰদ্বাজ, পদ্মনাভপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৷
ৰেল বিভাগে প্ৰায়ে ৰেলপথ আৰু ৰেলপথৰ চাৰিওফালে থকা লোকসকলৰ বাবে সতৰ্কবাণী প্ৰকাশ কৰে । মানুহৰ মাজত সজাগতাৰ জৰিয়তে ৰেলপথৰ ওচৰলৈ নাযাবলৈও নিৰ্দেশ দিয়া হয় । তথাপিও, মানুহে মানি নলয় । কিছুমান শিশু ভিডিঅ' গেমৰ প্ৰতি ইমান আসক্ত হৈ পৰিছে যে তেওঁলোকে সকলো পাহৰি যায় আৰু ইয়াত বুৰ যায় । যদি এই দুটা শিশু সাৱধান হ'লহেঁতেন, যদি তেওঁলোকে ৰেলপথৰ সলনি আন ক’ৰবাত বহি খেলিলেহেতেন, তেন্তে তেওঁলোকৰ জীৱন ৰক্ষা হ'লহেঁতেন ।
লগতে পঢ়ক: মাছেই কাল হ'ল একেই গাঁৱৰ ৩ কিশোৰৰ - Minor Death By Drowning