ETV Bharat / bharat

ৰে'ল সেৱা ব্যাহত হ'লেও খাদ্য-ইন্ধনৰ নাটনি নহয় ত্ৰিপুৰাত - Railway disruptions

author img

By ANI

Published : May 31, 2024, 11:01 AM IST

Railway disruptions: বান আৰু প্ৰতিকূল বতৰৰ বাবে ত্ৰিপুৰাত ৰে'ল সেৱা ব্যাহত । খাদ্য সামগ্ৰী আৰু ইন্ধনৰ নাটনিৰ আশংকা ৷ ৰাজ্যত পৰ্যাপ্ত পৰিমাণে খাদ্য সামগ্ৰী আৰু ইন্ধন মজুত থকাৰ আশ্বাস মন্ত্ৰী সুশান্ত চৌধুৰীৰ ।

Railway disruptions
ৰে'ল সেৱা ব্যাহত হ'লেও খাদ্য-ইন্ধনৰ নাটনি নহয় ত্ৰিপুৰাত (ETV Bharat)

নিউজ ডেস্ক, ৩১ মে': বৰাকৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ কৰি দিয়া হৈছে ৰে'লৰ চলাচল ৷ যাৰ ফলত চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত খাদ্য় শস্যৰ লগতে ইন্ধনৰ অভাৱে দেখা দিয়াৰ আশংকা দেখা গৈছে ৷ যাৰ বাবে কম-বেছি পৰিমাণে চিন্তিত হৈ পৰিছে ৰাজ্যখনৰ জনসাধাৰণ ৷

এনে পৰিস্থিতিত জনসাধাৰণৰ এই চিন্তাৰ প্ৰতি সঁহাৰি জনাই ত্ৰিপুৰাৰ খাদ্য় আৰু অসামৰিক মন্ত্ৰালয়ৰ মন্ত্ৰী সুশান্ত চৌধুৰীয়ে আশ্বাস প্ৰদান কৰিছে যে ৰাজ্যখনত পৰ্যাপ্ত পৰিমাণে খাদ্য সামগ্ৰী মজুত আছে ৷ যাৰ বাবে ৰাজ্যবাসী আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই ৷

মন্ত্ৰী সুশান্ত চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, ৰে'ল সেৱা ব্যাহত হ'লেও খাদ্য সামগ্ৰী বা ইন্ধনৰ বাবে ৰাইজে হাহাকাৰ কৰিব নালাগে । ৰাজ্যত যথেষ্ট পৰিমাণৰ খাদ্য শস্য, পেট্ৰ'ল আৰু পেট্ৰ'লিয়াম সামগ্ৰী মজুত আছে । তেওঁ ৰাইজক আতংকিত নহ'বলৈ আহ্বান জনায় । ত্ৰিপুৰা চৰকাৰে উত্তৰ-সীমান্ত ৰে'লৱেৰ সৈতে যোগাযোগ কৰি আছে আৰু তেওঁলোকে ৰে'ল সেৱা পুনৰুদ্ধাৰৰ বাবে নিৰন্তৰ কাম কৰি আছে ।

উল্লেখ্য যে, শেহতীয়াকৈ ঘূৰ্ণিবতাহ ৰেমলৰ ফলত অসমৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ হোৱা দেখা গৈছে । বিভিন্ন জিলাত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । অসমৰ বদৰপুৰ আৰু লামডিং অঞ্চলত ঘূৰ্ণিবতাহৰ প্ৰভাৱৰ বাবে ৰে'ল সংযোগত ব্যাঘাত হৈছে ।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, বিগত বছৰ জাতিংগাত ৰে'লপথ ব্যাহত হোৱাৰ বাবে ত্ৰিপুৰাত ১০-১২ দিন ধৰি খাদ্য আৰু পেট্ৰ'লিয়াম সামগ্ৰীৰ অভাৱ হৈছিল । কিন্তু এইবাৰ পৰিচালনা আৰু চৰকাৰৰ সমন্বিত প্ৰচেষ্টাৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণত আছে । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে, ধাৰাসাৰ বৰষুণৰ ফলত নিউ হাফলং-বানদাৰখাল শাখা আৰু অসমৰ ডিমা হাচাও জিলাৰ কিছু অংশত বান পৰিস্থিতি উদ্বেগজনক হৈ পৰিছে । যাৰ ফলত উত্তৰ-পূৰ্বাঞ্চলত ৰে'ল সেৱা ব্যাহত হৈছে ।

প্ৰতিকূল বতৰৰ ফলত অস্থায়ীভাৱে ৰে'ল সেৱা প্ৰভাৱিত হৈছে । প্ৰভাৱিত ৰে'লপথবোৰ ৰাজ্যখনলৈ সামগ্ৰী পৰিবহণৰ বাবে গুৰুত্বপূৰ্ণ । অৱশ্যে বিষয়াসকলে নিশ্চিত কৰিছে যে, উত্তৰ-পূৱ সীমান্ত (এনএফ) ৰে'লৱেই ৰে'লপথৰ মেৰামতি আৰু পুনৰুদ্ধাৰৰ বাবে কাম কৰি আছে ।

লগতে পঢ়ক :এটাৰ পিছত আনটো প্ৰাকৃতিক দুৰ্যোগ, 9 জিলাৰ 2 লাখ লোক বানত ক্ষতিগ্ৰস্ত - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.