ৱায়ানাড়(কেৰালা): এটা ভয়ংকৰ ঘটনা ৷ যি ঘটনাই কঁপাই গৈছে ৰাজ্যখন ৷ এটা পথ দুৰ্ঘটনা, কিন্তু অতি ভয়ংকৰ ৷ এখন চাৰিচকীয়া বাহনে সংঘটিত কৰা এই দুৰ্ঘটনাটোৰ খবৰে ইতিমধ্যে সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমতো চৰ্চা লাভ কৰিছে ৷ ভাইৰেল হৈছে ফটো-ভিডিঅ’ ৷
এখন তীব্ৰবেগী বাহনে প্ৰায় 500 দূৰ চোঁচৰাই নিয়ে এজন জনজাতীয় লোকক ৷ গাড়ীখনৰ দুৱাৰত ফচি গৈছিল লোকজনৰ হাতৰ বুঢ়া আঙুলিটো ৷ এই ঘটনা সংঘটিত হৈছে কেৰালাৰ ৱায়নাড়ত ৷
আৰক্ষীয়ে জনোৱা মতে, চেম্মাদৰ মথন নামৰ জনজাতীয় লোকজনে এই দুৰ্ঘটনাৰ ফলত হাত-ভৰি আৰু কঁকালত বেয়াকৈ আঘাত পাইছে ৷ গাড়ীখনে চোঁচৰাই লৈ গৈছিল মথনক ৷ সন্দেহ কৰা মতে গাড়ীখন আছিল নদীবান্ধ চাবলৈ অহা কোনো পৰ্যটকৰ ৷ কুড়ালকাডাভু নামৰ ঠাইখনত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা ৷ কানিয়াম্বাট্টাৰ এজন যুৱক হৰ্ষিতে কয় যে এই ঘটনাটো সংঘটিত কৰিছে তেওঁৰ কেইজনমান বন্ধুৱে ৷ তেওঁলোকে মথনক KL 52 H 8733 নম্বৰৰ বাহনখনেৰে চোঁচৰাই নিছিল ৷ গাড়ীখন কুট্টিপুৰমৰ মহম্মদ ৰিয়াজ নামৰ এজন লোকৰ নামত পঞ্জীয়নভুক্ত ৷ ইতিমধ্যে আৰক্ষীয়ে গাড়ীখন জব্দ কৰিছে ৷ গাড়ীখনত চাৰিজন লোক আছিল ৷ মনন্থাৱাড়ী আৰক্ষী চকীত ভাৰতীয় ন্যায় সংহিতাৰ 110 ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ৷
‘‘আমি পোৱা খবৰ মতে, দুটা পৰ্যটকৰ দলৰ মাজত কোনো কথাক লৈ বিবাদ হয় ৷ মথনৰ লগতে আন স্থানীয় একাংশ লোকে কাজিয়া ভাঙিবলৈ চেষ্টা কৰে ৷ কিন্তু তাৰ ফলশ্ৰুতিত এই শোকাৱহ ঘটনাটো সংঘটিত হয় ৷’’ এজন আৰক্ষী বিষয়াই কয় ৷
প্ৰায় 49 বছৰীয়া মথনৰ বুঢ়া আঙুলিটো গাড়ীখনৰ দৰ্জাত ফচি যায় ৷ তেনেকৈয়ে মথনক লোককেইজনে চোঁচৰাই নিয়ে ৷ প্ৰায় 500 মিটাৰলৈকে গাড়ীখন ৰখাবলৈ দেদাউৰি পাৰি থাকিল মথনে ৷ অৱশেষত এটা স্থানত তেওঁলোকে গাড়ীখন ৰখাই মথনক এৰি থৈ যায় ৷ বৰ্তমান লোকজন চিকিৎসাধীন হৈ আছে মনন্থাৱাড়ী চিকিৎসা মহাবিদ্যালয়ত ৷ ইতিমধ্যে এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যখনৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু পিছপৰা শ্ৰেণীৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী অ' আৰ কেলুৱে ৷
লগতে পঢ়ক: অভিশপ্ত শনিবাৰ ! শ্ৰেণীকোঠাত পঢ়ি থাকোতেই প্ৰাণ গ'ল তিনি শিক্ষাৰ্থীৰ