ETV Bharat / bharat

জামছেদপুৰৰ পৰা নিৰুদ্দিষ্ট বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ - Missing plane from Jamshedpur found

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 2:24 PM IST

Missing plane found: জামছেদপুৰৰ পৰা নিৰুদ্দেশ হোৱা বিমানখন ধ্বংসাৱশেষ উদ্ধাৰ ৷ বহু চেষ্টাৰ অন্তত ভাৰতীয় নৌসেনাই চণ্ডিল বান্ধৰ পৰা বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰে । বিমানখনৰ ধ্বংসাৱশেষ জামছেদপুৰ বিমানবন্দৰলৈ লৈ প্ৰেৰণ । ডিজিচিএ তদন্ত কৰিব সমগ্ৰ ঘটনা ।

MISSING PLANE FROM JAMSHEDPUR FOUND
জামছেদপুৰৰ পৰা নিৰুদ্দেশ বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ (ETV Bharat)

নেশ্যনেল ডেস্ক, ২৭ আগষ্ট: ঝাৰখণ্ডৰ জামছেদপুৰৰ সোণাৰি বিমানবন্দৰৰ পৰা ২০ আগষ্টত উৰা মৰাৰ পাছতেই দুৰ্ঘটনাগ্ৰস্ত হোৱা প্ৰশিক্ষাৰ্থী বিমানখন অৱশেষত উদ্ধাৰ কৰা হয় ৷ ভাৰতীয় নৌসেনাৰ দলে চেৰাইকেলাৰ চণ্ডিল বান্ধত উদ্ধাৰ কৰে বিমানখনৰ ধ্বংসাৱশেষ । বিগত ৬ দিন নৌসেনাৰ দলে ধাৰাবাহিকভাৱে অভিযান চলাই নিৰুদ্দেশ হোৱা বিমানখন বিচাৰি উলিয়ায় । বিমানখনত থকা দুয়োজন বৈমানিকৰ মৃত্যু হৈছে ।

মঙলবাৰে জামছেদপুৰৰ সোণাৰি বিমানবন্দৰৰ পৰা এই বিমানখনত কেপ্টেইন জীত শত্ৰু আনন্দ আৰু প্ৰশিক্ষিত পাইলট সুব্ৰোদীপ দত্তই উৰা মাৰিছিল । স্থানীয় এজন ব্যক্তিয়ে বিমানখন চেৰাইকেলা বান্ধত পৰাৰ কথা অৱগত কৰিছিল । তেতিয়াৰ পৰাই বিমানখনৰ সন্ধান চলি আছিল । ছয় দিনৰ পাছত সোমবাৰে সন্ধিয়া ভাৰতীয় নৌসেনাৰ দলটোৱে সাগৰীয় উদ্ধাৰ বেগৰ সহায়ত বিমানখনৰ ধ্বংসাৱশেষ উলিয়াই আনে ।

ইয়াৰ পূৰ্বে ২১ আগষ্টত চেৰাইকেলা জিলা প্ৰশাসনৰ উদ্যোগত এন ডি আৰ এফে বৈমানিক দুজনৰ সন্ধান চলাইছিল । ২২ আগষ্টত দুয়োৰে মৃতদেহ উদ্ধাৰ কৰা হয় । তাৰপাচত বিমান ‘চেছনা ১৫২’ বিচাৰিবলৈ নৌসেনাৰ দল মাতি অনা হয় । এই দলটো বিশাখাপট্টনমৰ পৰা আহিছিল । এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা কেপ্টেইন জীত শত্ৰু আনন্দ পাটনাৰ জক্কানপুৰ থানা এলেকাৰ মিঠাপুৰ পুৰেন্দ্ৰপুৰ গাঁৱৰ বাসিন্দা আছিল । তেওঁৰ বয়স আছিল মাত্ৰ ৩০ বছৰ । প্ৰশিক্ষণ লৈ থকা সুব্ৰোদীপ দত্ত আদিত্যপুৰত বাস কৰিছিল ।

এই ঘটনাক লৈ কেপ্টেইন জীত শত্ৰু আনন্দৰ পৰিয়ালৰ লোকে এলকেমিষ্ট এভিয়েশ্যন প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । ২০ আগষ্টৰ পুৱাতে বিমানখনৰ এ টি এছৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈছিল যদিও কেইবাঘণ্টাৰ পিছতহে বিমান পৰিবহণ ব্যৱস্থাপনাই জিলা প্ৰশাসনক অৱগত কৰিছিল বুলিও তেওঁ কয় ।

লগতে পঢ়ক: জামছেদপুৰত বিমান দুৰ্ঘটনাগ্ৰস্ত: সন্ধানহীন দুই পাইলট - Training Plane Crashes

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.