ETV Bharat / bharat

ঈদ উপলক্ষে পৰিয়ালৰ লগত জুতি লওক এই 7 বিধ মিঠাইৰ - EID 2024

author img

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 3:10 PM IST

Updated : Apr 11, 2024, 4:03 PM IST

EID 2024: ঈদ উপলক্ষে আপোনালোকৰ ঘৰত কি কি সুস্বাদু মিঠাই তৈয়াৰ কৰিছে ৷ আমি আপোনালোকলৈ লৈ আহিছো ঈদত সহজতে ঘৰতে জুতি লব পৰাকৈ 7 বিধ মিঠাই ৷ পঢ়ক এই প্ৰতিবেদন...

EID 2024
ঈদ উপলক্ষে পৰিয়ালৰ লগত জুতি লওক এই 7 বিধ মিঠাই

আজি দেশজুৰি পালন কৰা হৈছে ঈদ ৷ অৱশ্যে বুধবাৰে সমগ্ৰ কেৰালা, লেহ আৰু কাৰ্গিলত ঈদ উদযাপন কৰা হৈছে ৷ এই ঈদ-উল-ফিটৰক মিঠী ঈদ বুলিও কোৱা হয় ৷ বিশেষকৈ এই ঈদত ভিন্ন প্ৰকাৰৰ মিঠাই দেখা যায় ৷ ঈদত লোকসকলে বিভিন্ন পৰম্পৰাগত মিঠাইও তৈয়াৰ কৰা দেখা যায় ৷ এই মিঠী ঈদত আমি আপোনালোকলৈ লৈ আহিছো কিছু ট্ৰেণ্ডী আৰু পৰম্পৰাগত মিঠাই ৷

1.শ্বীৰ খুৰ্মা

শ্বীৰ খুৰ্মা ৰমজানৰ বাবে তৈয়াৰ কৰা এটা সুস্বাদু আৰু প্ৰসিদ্ধ মোগলাই মিঠাই ৷ এইবিধ মিঠাই ভাৰত, পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানত বহুতো জনপ্ৰিয় ৷ পাৰ্চীয়ান ভাষাত 'শ্বীৰ' মানে গাখীৰ আৰু 'খুৰ্মা' মানে খেজুৰ ৷ শ্বীৰ খুৰ্মা হৈছে নুডলছ, খেজুৰ, বাদাম আৰু গাখীৰেৰে তৈয়াৰী মিঠাই ৷ ঈদৰ পবিত্ৰ দিনটোত নিজৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে শ্বীৰ খুৰ্মাৰ সোৱাদ লওক ৷

2.ৰসমলাই

ৰসমলাই হৈছে মিঠা গাখীৰ ৰসত তিয়াই থোৱা চীজ বলৰে তৈয়াৰ কৰা এক ক্ৰীমি মিঠাই ৷ ইয়াত বাদাম আৰু শুকান ফলৰ টুকুৰাৰে সজাই দিয়া হয় ৷ এইটো হৈছে এক প্ৰখ্যাত পূব ভাৰতীয় মিঠাই ৷ ঈদৰ আহাৰৰ পিচত এই খাদ্য পৰেৱশন কৰা হয় ৷

3. ছেফ্ৰন ৰোজ ফিৰনি

ফিৰনি হৈছে উৎসৱ তথা বিশেষ অনুষ্ঠানৰ বাবে তৈয়াৰ কৰা এক পৰম্পৰাগত উত্তৰ ভাৰতীয় মিঠাই ৷ এইবৰ্ষৰ ঈদত আপোনালোকেও খাওক এই সুগন্ধি মিঠা ফিৰনি ৷ ফিৰনি গাখীৰৰ সৈতে চাউলেৰে (ৰন্ধা আৰু মিশ্ৰিত) প্ৰস্তুত কৰা এক মিঠাই ৷ সুগন্ধি গোলাপৰ ৰস আৰু ইলাচীয়ে এই ৰেচিপিটোৰ সোৱাদক অন্য মাত্ৰা প্ৰদান কৰে ৷

4. মেংগ’ শ্বাহী টুকড়া

মেংগ’ শ্বাহী টুকড়া হৈছে ক্লাছিক ভাৰতীয় মিঠাই ৷ ই পকা আমৰ সুস্বাদুযুক্ত মিঠাই ৷ যিহেতু এয়া আমৰ বতৰ ৷ এই মিঠাইটো তৈয়াৰ কৰিবলৈ ব্ৰেড আৰু ৰাবৰিৰ মিশ্ৰণ ব্যৱহাৰ কৰা হয় ৷

5. ছেৱই ক্ষীৰ

ছেৱই ক্ষীৰ বিশেষ অনুষ্ঠান আৰু উৎসৱৰ বাবে প্ৰস্তুত কৰা এক জনপ্ৰিয় উত্তৰ ভাৰতীয় মিঠাই ৷ এইটো ঘেঁহুৰ শুকান ছেৱই, গাখীৰ, চেনী, শুকান ফলেৰে তৈয়াৰ কৰা সোৱাদযুক্ত মিঠাই ৷ এইবিধ মিঠাই তৈয়াৰ কৰিবলৈ অতি সহজ ৷ ঈদত প্ৰতিঘৰ মুছলমান ধৰ্মাৱলম্বী লোকৰ ঘৰত এইটো মিঠাই উপলব্ধ হয় ৷

6. বাকলাভা

ৰমজানৰ সময়ত বাকলাভা মিঠাই এক জনপ্ৰিয় মিঠাই ৷ বাকলাভা সাধাৰণতে মধ্য প্ৰাচ্য, তুৰস্ক আৰু মধ্য এছিয়াৰ এক প্ৰসিদ্ধ মিঠাই ৷ বাকলাভা হৈছে পেষ্ট্ৰী শ্বীটৰ দ্বাৰা তৈয়াৰ কৰা এক স্তৰযুক্ত মিঠাই ৷ ইয়াৰ ভিতৰত কটা বাদাম, চিৰাপ বা মৌৰ মিশ্ৰণ ষ্টাফিং কৰা হয় ৷ আজিকালি ভাৰতীয় বিভিন্ন ব্ৰেণ্ডে বাকলাভা মিঠাই প্ৰস্তুত কৰে ৷

7.মিঠা চিংৰা

মৰক্কোত মিঠা চিংৰাক ব্ৰিওয়াট বুলি কোৱা হয় ৷ ই এক জনপ্ৰিয় মিঠাই আৰু বনাবলৈও অতি সহজ ৷ আনহাতে আৰৱ উপসাগৰত এইবিধ মিঠাইক চাম্বুচা হিলৱা নামেৰে জনা যায় ৷ ইয়াক ত্ৰিকোণ আকাৰত ময়দা তথা আটাৰে প্ৰস্তুত কৰা হয় ৷ ইয়াৰ ভিতৰত মিঠা ষ্টাফিং কৰে নহ’লে কিছু লোকে ক্ৰীমো ভৰাই দিয়ে ৷ ঈদত এইটো মিঠাই সাধাৰণতে সকলো ঠাইতে উপলব্ধ হয় ৷

লগতে পঢ়ক: হায়দৰাবাদী হালীম: ৰমজানত সকলো পথতেই এই খাদ্যৰ সুগন্ধি - Haleem dish

Last Updated : Apr 11, 2024, 4:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.