ETV Bharat / bharat

নিৰ্বাচনকেন্দ্ৰিক হিংসা: দুৰ্বৃত্তই গুলীয়ালে তৃণমূল কংগ্ৰেছৰ নেতাক - TMC Leader Shot

author img

By ETV Bharat Assamese Team

Published : May 17, 2024, 5:26 PM IST

MISCREANTS SHOT TMC Leader : পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ পশ্চিম বংগত নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ জুই ৷ কোচবিহাৰত গুলীবিদ্ধ তৃণমূল কংগ্ৰেছৰ এগৰাকী স্থানীয় নেতা ৷ শুকুৰবাৰে নিশা এই ঘটনা সংঘটিত হয় ৷

MISCREANTS SHOT TMC Leader
কোচবিহাৰত গুলীবিদ্ধ তৃণমূল কংগ্ৰেছৰ নেতা (ETV BHARAT ENGLISH DESK)

নেশ্যনেল ডেস্ক, 17 মে’ : লোকসভা নিৰ্বাচন চলি থকাৰ মাজতে তৃণমূল কংগ্ৰেছৰ নেতাক গুলীয়ালে দুৰ্বৃত্তই ৷ পশ্চিম বংগৰ কোচবিহাৰ জিলাত তৃণমূল কংগ্ৰেছৰ (TMC) এজন স্থানীয় নেতা গুলীচালনাত আহত হয় ৷ শুকুৰবাৰে আৰক্ষীয়ে এই তথ্য সদৰী কৰে ৷

শীতলকুচিৰ লালবজাৰৰ পঞ্চায়ত প্ৰধান অনিমেশ ৰয়ে নিশাৰ ভাগত এজন সহায়কৰ সৈতে ঘৰলৈ উভতি আহি থকাৰ সময়তে কোচবিহাৰৰ শীতলকুচিত আক্ৰমণৰ সন্মুখীন হয় ৷ সশস্ত্ৰ দুৰ্বৃত্তই তেওঁক লক্ষ্য কৰি গুলী চালনা কৰে, যাৰ ফলত নেতাজনৰ ভৰিত গুলীবিদ্ধ হয় ৷

ঘটনাৰ পিচতে স্থানীয় লোকে তেওঁক উদ্ধাৰ কৰে আৰু শীতলকুচি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় ৷ য'ৰ পৰা তেওঁক উন্নত চিকিৎসাৰ বাবে কোচবিহাৰলৈ প্ৰেৰণ কৰা হয় ৷ বৰ্তমান তেওঁ কোচবিহাৰৰ এখন ব্যক্তিগত নাৰ্চিং হোমত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷

আৰক্ষীয়ে কয় যে, অনিমেষক কিছু সশস্ত্ৰ লোকে আক্ৰমণ কৰিছিল ৷ কিন্তু আক্ৰমণকাৰীক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই ৷ ঘটনা সন্দৰ্ভত তদন্ত চলি আছে আৰু আক্ৰমণৰ আঁৰত থকা সকলক কৰায়ত্ত কৰাৰ চেষ্টা চলি আছে বুলি তেওঁ কয় ৷ এজন বিষয়াই কয়- "তদন্ত চলি আছে আৰু আমি তেওঁৰ পৰিয়াল আৰু সহযোগীসকলৰ সৈতে কথা পাতি আছো ৷"

এই ঘটনাৰ পিচত অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হৈছে ৷ টি এম চি আৰু বিজেপি দুয়োটা দলে ঘটনাটোৰ বাবে ইটোৱে সিটোক দোষাৰোপ কৰিছে ৷ স্থানীয় টি এম চি নেতাসকলে অভিযোগ কৰিছে যে বিজেপি কৰ্মী এই ঘটনাত জড়িত আছে ৷ আনহাতে বিজেপিয়ে তেওঁলোকৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন কৰা হৈছে বুলি মন্তব্য কৰিছে ৷

19 এপ্ৰিলত, প্ৰথম পৰ্যায়ত কোচবিহাৰত নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷ কেইটামান বিক্ষিপ্ত ঘটনাৰ বাহিৰে, নিৰ্বাচন সামগ্ৰিকভাৱে শান্তিপূৰ্ণ আছিল ৷ ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : মণিপুৰত কাংলেইপাক কমিউনিষ্ট পাৰ্টীৰ ৪ উগ্ৰপন্থীক গ্ৰেপ্তাৰ - KCP Militants Arrested In Manipur

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.