নিউজ ডেস্ক, 4 মাৰ্চ: আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ১৯৫ গৰাকী প্ৰাৰ্থীৰ প্ৰথম তালিকা ঘোষণা কৰাৰ পিচতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলীয় নেতা-কৰ্মীসকলক এইবাৰ ভোটৰ অংশ ১০ শতাংশ বৃদ্ধি নিশ্চিত কৰিবলৈ আহ্বান জনাইছিল ৷ সমাগত লোকসভা নিৰ্বাচনত গেৰুৱা দলটোক বিজয়ৰ দিশে লৈ যোৱাৰ প্ৰথমটো পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰে পৰা অৰ্থাৎ সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে তেলেংগানা, তামিলনাডু, ওডিশা, পশ্চিমবংগ, বিহাৰ ভ্ৰমণত অংশ লৈছে ৷ স্বাভাবিকতে এই ৰাজ্যকেইখন বিৰোধী দলৰ নেতৃত্বত আছে আৰু প্ৰধানমন্ত্ৰী মোদীয়ে এই ৰাজ্যসমূহত বিজেপিৰ সমৰ্থন পুনৰ ঘূৰাই আনাৰ লক্ষ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰিছে সেয়া স্পষ্ট ৷
প্ৰধানমন্ত্ৰী মোদীয়ে এই কাৰ্যসূচীৰ সময়ত ৰাজ্যকেইখনত প্ৰায় ১,১০,৬০০ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব । প্ৰধানমন্ত্ৰীয়ে দেওবাৰে নিশা X ত এই কথা উল্লেখ কৰে ৷ তেওঁ কয়, "অহা দুদিনত মই তেলেংগানা, তামিলনাডু, ওডিশা আৰু পশ্চিমবংগত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিম । উদ্বোধন হ'বলগীয়া উন্নয়নমূলক কামসমূহে বহুতো খণ্ড সামৰি লৈছে আৰু ই বহুতৰে জীৱন সলনি কৰিব ।"
এই অনুসৰি ৪ মাৰ্চ অৰ্থাৎ সোমবাৰৰ পুৱা প্ৰায় ১০:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে তেলেংগানাৰ আদিলাবাদত ৫৬ হাজাৰ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে ৷ ইয়াৰ পিচতে বিয়লি তামিলনাডুৰ কল্পক্কমত থকা ভাৰতীয় পাৰমাণবিক শক্তি নিগম (BHAVINI) ভ্ৰমণ কৰে মোদীয়ে ।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতিত উল্লেখ কৰা অনুসৰি, ৫ মাৰ্চৰ পুৱা প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে তেলেংগানাৰ সাংগাৰেডীত ৬৮০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব । বিয়লি প্ৰায় ৩:৩০ বজাত তেওঁ ওডিশাৰ জয়পুৰৰ চণ্ডীখোলত ১৯,৬০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব ।
৬ মাৰ্চৰ পুৱা প্ৰায় ১০:১৫ বজাত মোদীয়ে কলকাতাত ১৫,৪০০ কোটি টকাৰ একাধিক সংযোগ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব । ইয়াৰ পিচতে প্ৰধানমন্ত্ৰীগৰাকী বিহাৰৰ বেটিয়ালৈ ৰাওনা হ’ব, য’ত তেওঁ প্ৰায় ১২,৮০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব ।
লগতে পঢ়ক: লক্ষ্য দিল্লী ! মোদী-ৰেড্ডীয়ে একেলগে উদ্বোধন কৰিব 6700 কোটি টকাৰ আধাৰশিলা