ETV Bharat / bharat

অৰুণাচলত গভীৰ খাদত পৰিল সেনাৰ গাড়ী: নিহত ৩ সেনা জোৱান - 3 jawan killed in Arunachal

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2024, 12:48 PM IST

Updated : Aug 28, 2024, 2:12 PM IST

Army Vehicle Accident in Arunachal : অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰিত সেনাৰ এখন ট্ৰাক গভীৰ খাদত বাগৰি পৰে । এই দুৰ্ঘটনাত মৃত্যু হয় তিনিজন সেনা জোৱানৰ ।

Army Vehicle Accident in Arunachal
অৰুণাচলত গভীৰ খাদত পৰিল সেনাৰ গাড়ী; নিহত ৩ সেনা জোৱান (ETV Bharat Assam)

তেজপুৰ, ২৮ আগষ্ট : পূব অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰি জিলাত সেনাৰ বাহন দুর্ঘটনাগ্ৰস্ত । মুঠ ৮ গৰাকী লোকক সীমান্তৰ পৰা কঢ়িয়াই লৈ অহা বাহনখন বৰাৰুপাক নামৰ ঠাইত নিশা কটোৱাৰ পিচত পুৱতি নিশা এই দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাটোত তিনিজন সেনা জোৱানৰ মৃত্যু হয় ।

সেনাৰ গাড়ী দুর্ঘটনাগ্ৰস্ত

অৰুণাচল প্ৰদেশৰ ট্ৰেন্স অৰুণাচল ঘাইপথৰ সীমান্তত টাপি অঞ্চলৰ সমীপত সেনাবাহিনীৰ এখন ট্ৰাক দুর্ঘটনাগ্ৰস্ত হৈ পাহাৰৰ এটা গভীৰ খাদত পৰি ডুব যোৱাৰ ফলত তিনিজন সেনা জোৱান নিহত হয় । উজনি সোৱণশিৰি জিলাৰ পাহাৰীয়া পথত বাহনখন আহি থকা অৱস্থাত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো । অৱশ্যে সেনাৰ তৰফৰ পৰা এই বিষয়ে কোনো তথ্য সদৰী কৰা নাই ।

জানিব পৰা মতে, দুৰ্ঘটনাটোত নিহত সেনা জোৱান তিনিজনক হাবিলদাৰ নাখাত সিং, নায়ক মুকেশ কুমাৰ আৰু গ্ৰেনেডিয়াৰ আশিস কুমাৰ বুলি চিনাক্তকৰণ কৰা হৈছে ।

অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে তেওঁৰ সামাজিক মাধ্যম এক্সত জোৱানকেইজনৰ নাম উল্লেখ কৰিছে । পোষ্টটোত তেওঁ লিখিছে, "এই খবৰে তেওঁক মৰ্মাহত কৰিছে । সেনাবাহিনীৰ বীৰ জোৱানকেইজনৰ আত্মাৰ শান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ।"

গাড়ীখনত মুঠ ৮ জন জোৱান আছিল

জানিব পৰা মতে, সেনাৰ 8 জন জোৱানক কঢ়িয়াই অনা বাহনখন প্ৰশিক্ষণৰ পিছত ফৰৱাৰ্ড এলেকাৰ পৰা আহি টাপিৰ ওচৰত (বৰাৰুপাকৰ পৰা ১৫ কিলোমিটাৰ) দুৰ্ঘটনাৰ কবলত পৰে । মঙলবাৰে বৰাৰুপাকত নিশাটো কটাইছিল সেনাৰ জোৱানকেইজনে ।

আনহাতে, দুৰ্ঘটনাটোত বাকী জোৱানকেইজনো আঘাতপ্ৰাপ্ত হয় যদিও তেওঁলোকৰ প্ৰাণ কথমপি ৰক্ষা পৰে । সেনাৰ সূত্ৰত জানিব পৰা মতে, তেওঁলোক বৰ্তমান চিকিৎসাধীন । ইফালে ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ তৰফৰ পৰা এক্সত এই বিষয়ে উল্লেখ কৰি নিহতসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

উল্লেখ্য যে নিহত জোৱানকেইজন ডুমডুমাৰ ৰূপাইস্থিত ১৯ নং গ্ৰেনেডিয়াৰৰ । সীমান্তত প্রশিক্ষণ সামৰি তিনিচুকীয়ালৈ উভতি আহিছিল সেনাৰ দলটো ৷ নিহত জোৱানকেইজনক অৰুণাচল প্ৰদেশৰ হাইলং সেনা ছাউনিত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সেনাৰ বিমানেৰে ডিব্ৰুগড় বিমানবন্দৰলৈ প্ৰেৰণ কৰা হৈছে । ডিব্ৰুগড় বিমানবন্দৰৰ পৰা বিশেষ বিমানেৰে মৃতদেহকেইটা নিজ নিজ গৃহলৈ প্ৰেৰণ কৰিব ৷

লগতে পঢ়ক :ইটিভি ভাৰতৰ মৰিগাঁৱৰ সাংবাদিক ৰাতুল ডেকাৰ ৰহস্যজনক মৃত্যু - Journalist of ETV Bharat Dies
লগতে পঢ়ক :জামছেদপুৰৰ পৰা নিৰুদ্দিষ্ট বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ - Missing plane from Jamshedpur found

Last Updated : Aug 28, 2024, 2:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.