ETV Bharat / bharat

বাংলাদেশৰ সংকটে ভাৰতক কেনেদৰে প্ৰভাৱিত কৰিব - Bangladesh Political Crisis

author img

By Major General Harsha Kakar

Published : Aug 8, 2024, 3:26 PM IST

Bangladesh Crisis and India : বিগত কেইসপ্তাহমানৰ পৰা বাংলাদেশত যি পৰিস্থিতিৰ উদ্ভৱ হৈছে, সেইটোৱে ২০১০-১১ বৰ্ষৰ আৰব বসন্তৰ স্মৃতি সজীৱ কৰিছে । এই অভ্যুত্থানত ফিৰঙতিৰ পৰা খাণ্ডৱ দাহৰ দৰে এটা ঘটনাই ব্যাপক হিংসাত্মক ঘটনাৰ সৃষ্টি কৰিছিল । যাৰ ফলত সমগ্ৰ উত্তৰ আফ্ৰিকা আৰু মধ্যপ্ৰাচ্যত দীৰ্ঘদিন ধৰি আধিপত্য চলাই থকা শাসকসকল উৎখাত হৈছিল । বাংলাদেশতো এই স্ফুলিঙ্গ আছিল সংৰক্ষণৰ বিষয় । যাৰ ফলত নিযুক্তিৰ সুযোগ হ্ৰাস পাইছিল আৰু পৰৱৰ্তী সময়ত ই গণহত্যালৈ ৰূপান্তৰ হৈছিল ।

Bangladesh Crisis and India
বিদেশ মন্ত্ৰী জয়শংকৰৰ সৰ্বদলীয় বৈঠক সম্বোধন (ANI Photo)

বিশেষ প্ৰতিবেদন, ৮ আগষ্ট : ২০১৯ চনত হংকং আৰু ২০২২ চনত শ্ৰীলংকাৰ দৰে বাংলাদেশত বৰ্তমানৰ আন্দোলনত ছাত্ৰ-ছাত্ৰীসকলে নেতৃত্ব দিয়ে । পৰৱৰ্তী সময়ত বাংলাদেশৰ এই প্ৰতিবাদবোৰত জামাত-ই-ইছলামীৰ প্ৰৱেশ ঘটে । জামাত-ই-ইছলামী নিষিদ্ধ হোৱাৰ পিচত শ্বেখ হাছিনাৰ প্ৰতি তীব্ৰ বিদ্বেষ গঢ় লৈ উঠিছিল । সেইকাৰণেই শ্বেখ মুজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তিকে ধৰি পৰিয়ালটোৰ সৈতে সম্পৰ্কিত বাসস্থান আৰু স্মাৰকসমূহক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হয় ।

আৰব স্প্ৰিঙৰ দৰে নিৰাপত্তা বাহিনীয়ে অত্যধিক ৰক্তপাত নোহোৱাকৈ বৃহৎসংখ্যক হিংসাত্মক জনতাক নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰিছিল । যাৰ ফলত নেতাসকলে হয় পদত্যাগ কৰিছিল বা আন ঠাইত আশ্ৰয় ল'বলগা লৈছিল । টিউনিছিয়াৰ ৰাষ্ট্ৰপতি চৌদি আৰবলৈ পলাই গৈছিল, ইজিপ্তৰ হোছনি মুবাৰকে পদত্যাগ কৰিছিল আৰু লিবিয়াৰ গাদ্দাফি নিহত হৈছিল । বাংলাদেশৰ ক্ষেত্ৰতো শ্বেখ হাছিনাই দেশ ত্যাগ কৰিবলৈ বাধ্য হয় । বাংলাদেশৰ দৰে বেছিভাগ ক্ষেত্ৰতে সেনাই প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰিবলৈ অস্বীকাৰ কৰাৰ পিচত শাসকসকলে পদত্যাগ কৰে বা পলাই যায় ।

আৰব স্প্ৰিং সংঘটিত হোৱা দেশবোৰত মৌলিক দাবীবোৰ আছিল গণতন্ত্ৰ আৰু মানৱ অধিকাৰ । হাছিনা এগৰাকী প্ৰায় স্বৈৰতান্ত্ৰিক শাসক আছিল বুলি ক'লেও অত্যুক্তি কৰা নহয় । যাৰ বাবে তেওঁ বিৰোধীসকলক দমন কৰিছিল । ইয়াৰ ভিতৰত আছিল তেওঁলোকক কাৰাগাৰলৈ নিক্ষেপ কৰা বা ৰাজনৈতিক দলসমূহক নিষিদ্ধ কৰা । লগতে প্ৰতিবাদ মষিমূৰ কৰিবলৈ নিৰাপত্তা বাহিনীও নিয়োগ কৰা হৈছিল । তেওঁ বাংলাদেশক একদলীয় দেশলৈ ৰূপান্তৰিত কৰিছিল । শেহতীয়াকৈ সমাপ্ত হোৱা নিৰ্বাচনত দুটা বৃহৎ ৰাজনৈতিক দলে প্ৰতিদ্বন্দ্বিতা নকৰা বা বয়কট কৰাটোৱে নিৰ্বাচন প্ৰক্ৰিয়াক এক প্ৰহসনলৈ ৰূপান্তৰ কৰিছিল । তাৰ পিচত কোটা আন্দোলন মাত্ৰ এটা স্ফুলিঙ্গহে আছিল ।

লগতে পঢ়ক :বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাই ভাৰতত কোনো প্ৰভাৱ পেলাব নোৱাৰে : প্ৰাক্তন বৈদেশিক সচিব হৰ্ষ বৰ্ধন শ্ৰিংলা - Bangladesh crisis

টিউনিছিয়াৰ বাহিৰে আৰৱ স্প্ৰিঙৰ পিচত আন কোনো দেশে এক স্থিৰ গণতন্ত্ৰ হিচাপে আত্মপ্ৰকাশ কৰা নাছিল । ইয়াৰে ভিতৰত আটাইতকৈ শোচনীয় অৱস্থা হৈছে য়েমেন আৰু লিবিয়া । এতিয়া বাংলাদেশত কেনে পৰিস্থিতিৰ উদ্ভৱ হয় সেয়াও লক্ষণীয় হ'ব । শিক্ষাৰ্থীসকলে আধিপত্য ৰাখিব নে ৰাজনৈতিক দলবোৰে তেওঁলোকক আঁতৰাই দিব সেয়াও নিশ্চিত নহয় ।

অন্তৱৰ্তীকালীন চৰকাৰে কেতিয়ালৈকে দেশখন চলাব সেয়াও আন এক কাৰক । অন্তিমবাৰৰ বাবে বাংলাদেশ সেনাই নিৰ্বাচন ঘোষণা হোৱাৰ পূৰ্বে দুবছৰ অন্তৱৰ্তীকালীন চৰকাৰৰ জৰিয়তে শাসন কৰিছিল ।

আৰব বসন্ত সংঘটিত হোৱা সকলো ৰাষ্ট্ৰত ৰাষ্ট্ৰপ্ৰধানক অপসাৰণৰ পিচত প্ৰাৰম্ভিক লক্ষ্য আছিল ভয়ংকৰ আৰক্ষী আৰু শাসকীয় দলৰ সদস্য । বাংলাদেশতো একেই পৰিস্থিতি । ইয়াত আৱামী লীগৰ সদস্যসকলক প্ৰণালীবদ্ধভাৱে চিকাৰৰ লক্ষ্য কৰা হৈছে । নিজৰ জীৱনৰ ভয়ত আৰক্ষীৰো অস্তিত্ব নাইকিয়া হৈ গৈছে । সংখ্যালঘুসকল এখন আইনবিহীন দেশত সহজ লক্ষ্য হৈ পৰে । অৰাজকতা নিয়ন্ত্ৰণ আৰু স্বাভাৱিকতা পুনৰুদ্ধাৰ হ'বলৈ সদায় সময় লাগে । বাংলাদেশতো একে ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে ।

আৰব স্প্ৰিঙত বিদ্ৰোহৰ মুখ্য কাৰণ আছিল চৰকাৰৰ দুৰ্নীতি আৰু অৰ্থনৈতিক সুযোগৰ অভাৱৰ বাবে হতাশা । বাংলাদেশতো একেই ঘটিছিল । 1971 চনৰ মুক্তিযুদ্ধৰ যুঁজাৰুসকলৰ বিভিন্ন গোটক আৱণ্টন কৰা কোটাৰ দ্বাৰা নিযুক্তিৰ সুযোগ হ্ৰাস কৰা হৈছে । আনহাতে, দুৰ্নীতি ব্যাপকভাৱে চলি আছে ।

বাংলাদেশক ক'ভিডে গুৰুতৰভাৱে প্ৰভাৱিত কৰিছিল । লগতে ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষতো প্ৰভাৱিত হৈছে । তেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু ইয়াৰ ৰপ্তানি হ্ৰাস পাইছে । ই এতিয়াও পুনৰুদ্ধাৰ হোৱা নাই । যাৰ ফলত ৰাইজৰ মাজত অসন্তুষ্টি বৃদ্ধি পায় ।

বাংলাদেশত বিদ্ৰোহ কঢ়িয়াই অনাত নিহিত ৰাষ্ট্ৰসমূহৰ সংস্থাসমূহৰ ষড়যন্ত্ৰতত্ত্ব জড়িত হোৱাৰো সম্ভাৱনা আছে । বাস্তৱিকভাৱে প্ৰতিখন শক্তিধৰ দেশৰে আন দেশৰ প্ৰতি আগ্ৰহ আছে । আমেৰিকা, চীন আৰু ভাৰতৰো বাংলাদেশৰ ওপৰত দৃষ্টি আছে । যদিও ভাৰতে বাংলাদেশ চৰকাৰক সমৰ্থন কৰিছিল, কিছুমানে পৰিৱৰ্তনৰ বাবেও জোৰ দি আছিল । বাংলাদেশত পাকিস্তানৰো নিজা কাৰ্যসূচী আছে, বিশেষকৈ যিহেতু ভাৰত বাংলাদেশৰ এক অনুকূল চুবুৰীয়া হিচাপে আছে ।

এনে ধৰণৰ হস্তক্ষেপ এক বিশ্বজনীন পৰিঘটনা । ভাৰতে ইয়াৰ চুবুৰীয়া কিছুমান দেশত নিজৰ স্বাৰ্থত হেৰফেৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে । অভিযোগবোৰ কিমান সঁচা সেয়া হয়তো কেতিয়াও জানিব পৰা নাযাব । কিয়নো বেছিভাগ অভিযান গোপনে হয় ।

লগতে পঢ়ক :ভাৰত-বাংলাদেশ সীমান্তত সতৰ্কতা-চোৰাংচোৱা বৃদ্ধি : ১১ টা অতিৰিক্ত বাহিনী মোতায়েন বি এছ এফৰ - Bangladesh Crisis

ভাৰতৰ ভিতৰতো আন ৰাষ্ট্ৰসমূহৰ দ্বাৰা পুঁজি যোগান ধৰা আৰু প্ৰভাৱিত প্ৰতিষ্ঠান আৰু সংগঠন আছে, যাতে তেওঁলোকৰ অনুকূল কাৰ্যসূচী কঢ়িয়াই আনিব পাৰে । বাংলাদেশৰ ক্ষেত্ৰতো একেই হৈছে । বাংলাদেশত বিদ্ৰোহ বিয়পোৱাৰ ক্ষেত্ৰত বিদেশী শক্তিৰ হাত কিমান কাৰ্যকৰী আছিল সেয়াও লক্ষণীয় হ'ব ।

বৰ্তমান শিক্ষাৰ্থীসকলে শান্তি-শৃংখলা পুনৰুদ্ধাৰ কৰিবলৈ আগভাগ লৈছে । তেওঁলোকে যান-বাহনৰ সমন্বয় সাধন কৰা, সংখ্যালঘুসকলক সুৰক্ষা দিয়া আৰু আৰক্ষী নাইকিয়া হোৱা চহৰবোৰত শান্তি-শৃংখলা পুনৰুদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে । তেওঁলোকে সেনা প্ৰধান আৰু ৰাষ্ট্ৰপতিকো সাক্ষাৎ কৰিছে আৰু অন্তৱৰ্তীকালীন চৰকাৰৰ বাবে ১৫ টা নাম প্ৰেৰণ কৰিছে । তেওঁলোকে ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক বাংলাদেশ বিচাৰে, ধৰ্মৰ দ্বাৰা আধিপত্য বিস্তাৰ কৰা শাসক নহয় । তেওঁলোকে উন্নয়ন আৰু নিযুক্তি বিচাৰে । এইসকল হৈছে সেইসকল শিক্ষাৰ্থী, যিসকলে মহম্মদ ইউনুছক অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হোৱাটো বিচাৰিছে ।

ছাত্ৰ-ছাত্ৰীৰ পৰামৰ্শৰ ভিত্তিত বাংলাদেশ সেনাই ঘোষণা কৰে যে ৮৪ বছৰীয়া মহম্মদ ইউনুছ নামৰ এগৰাকী টেকনোক্ৰেট ব্যক্তিয়ে অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্ব দিব । যদিও ভাৰত আৰু চীনে পৰিস্থিতি নিৰীক্ষণ অব্যাহত ৰাখিছে, আমেৰিকাই তেওঁৰ ঘোষণাক আদৰণি জনাইছে । কিয়নো ক্লিণ্টন ফাউণ্ডেচন আৰু অন্যান্য আমেৰিকান প্ৰতিষ্ঠানসমূহৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক আছে । যি কি নহওক, তেওঁ এই দেশখনতে শিক্ষা গ্ৰহণ কৰিছিল আৰু অধ্যাপনা কৰিছিল । তেওঁৰ নিযুক্তিৰ অৰ্থ হ'ব ভাৰত আৰু আমেৰিকাৰ সৈতে উন্নত সম্পৰ্ক । কিয়নো উন্নয়নৰ বাবে বাণিজ্য আৰু পুঁজি অপৰিহাৰ্য ।

এনে এটা তত্ত্বও চলি আছে যে ভৱিষ্যতৰ যিকোনো চৰকাৰ ভাৰত-বিৰোধী হ'বলৈ বাধ্য । কিয়নো যিহেতু হাছিনা চৰকাৰক ভাৰতে সমৰ্থন কৰিছিল । ভাৰত আৰু বাংলাদেশ হৈছে ৪০ কিলোমিটাৰ ভাগ-বতৰা কৰা বৃহৎ সীমান্তৰ চুবুৰীয়া । কোনো এখন ৰাষ্ট্ৰই আনখনক উপেক্ষা কৰিব নোৱাৰে । ছিটমহল আৰু সামুদ্ৰিক সীমাৰ সমস্যাটো সমাধান কৰা হৈছে । ফত বৰ্তমান কোনো অমীমাংসিত বিবাদ নাই ।

সেয়েহে বাংলাদেশত যি চৰকাৰেই গঠন নহওক কিয়, তেওঁলোকে ভাৰতক উপেক্ষা কৰিব নোৱাৰে । বিভিন্ন সময়ত শ্ৰীলংকা, মালদ্বীপৰ লগতে নেপালতো ভাৰত-বিৰোধী চৰকাৰ গঠন হৈছে । অৱশ্যে ভাৰতৰ সৈতে সম্পৰ্ক কেতিয়াও তিক্ত হোৱা নাই । কিয়নো তেওঁলোক সকলোৱে উপলব্ধি কৰিছে যে ভাৰতৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক অপৰিহাৰ্য ।

সেনাই নিয়ন্ত্ৰণ কৰা বেছিভাগ ৰাষ্ট্ৰত, ইয়াৰ ইতিহাসৰ কিছু অংশত সেনাই এক ভূমিকা পালন কৰি থাকিব । যদিও বাংলাদেশত সেনাৰ আধিপত্য পাকিস্তানৰ দৰে নহ'ব পাৰে, কিন্তু ই এইটো নিশ্চিত কৰিব যে নিজৰ স্বাৰ্থ সুৰক্ষিত আছে । বাংলাদেশৰ সেনা আৰু ভাৰতৰ সেনাৰ মাজৰ সম্পৰ্ক সদায় উষ্ণ হৈ আহিছে ।

লগতে পঢ়ক :বাংলাদেশত আছে প্ৰায় ১৯ হাজাৰ ভাৰতীয় : আছে ৯ হাজাৰ ভাৰতীয় শিক্ষাৰ্থী - Bangladesh Violence

বাংলাদেশৰ সেনা বিষয়াসকলে ভাৰতৰ সৈতে প্ৰশিক্ষণত অংশগ্ৰহণ কৰে, ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৈতে অনুশীলন কৰে আৰু লগতে কেইটামান ভাৰতীয় অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ কৰে । দুয়োখন ৰাষ্ট্ৰই প্ৰতিবছৰে ডিচেম্বৰত যুটীয়াভাৱে বিজয় দিৱস উদযাপন কৰে । এইটো অব্যাহত থকাৰ সম্ভাৱনা আছে ।

ভাৰতে উপলব্ধি কৰিব লাগিব যে বাংলাদেশত যি ঘটি আছে সেয়া ইয়াৰ জনসাধাৰণৰ ইচ্ছা । কিন্তু শ্বেখ হাছিনাক বিদ্ৰুপ কৰা বন্ধ কৰিব লাগিব আৰু ঢাকাত যিয়ে ক্ষমতালৈ আহে, তেওঁলোকৰ সৈতে আগবাঢ়িব লাগিব । এটা যুগ শেষ হৈছে আৰু এটা নতুন আৰম্ভ হৈছে । আকস্মিক পৰিৱৰ্তন বিৰল, কিন্তু ঘটিব । ৰাষ্ট্ৰসমূহে মিলা-মিছা কৰে আৰু কিছু সময়ৰ পিচত সহজ হৈ পৰাটো এক সচৰাচৰ ঘটনা । ভাৰত-বাংলা সম্পৰ্কতো একেই হ'ব ।

ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ চিন্তাৰ বিষয় হৈ আছে যে বাংলাদেশত বৰ্ধিত অনিশ্চয়তাই সীমান্তৰ সিপাৰে প্ৰব্ৰজনকাৰীৰ এক নতুন ঢৌ কঢ়িয়াই আনিব পাৰে । এইটো ক্ষতিকাৰক হ'ব পাৰে, কিয়নো বহুতো সীমান্ত অঞ্চলত জনগাঁথনি প্ৰভাৱিত হয় । সীমান্ত তত্ত্বাৱধান কৰা বি এছ এফ সতৰ্ক হৈ থাকিব লাগিব ।

আন এটা চিন্তা হ'ল, সংখ্যালঘুসকলৰ ওপৰত আক্ৰমণ আৰু তেওঁলোকৰ উপাসনাস্থলীসমূহত জনতাৰ লক্ষ্য । তেওঁলোকক সুৰক্ষিত কৰাটো বাংলাদেশৰ নিৰাপত্তা ব্যৱস্থাৰ দায়িত্ব, যিটো বৰ্তমান তেওঁলোকৰ সেনা প্ৰধানৰ দ্বাৰা পৰিচালিত । ভাৰত চৰকাৰে সেইটো নিশ্চিত কৰাৰ বাবে ঢাকাত ইয়াৰ অভিযানৰ জৰিয়তে বাংলাদেশ সেনাৰ কাষ চাপিব লাগিব ।

যদিও গণতন্ত্ৰৰ আগতীয়া পুনৰুদ্ধাৰ আৰু নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে বিশ্বজনীন চাপ থাকিব, কিন্তু সেইটো ইমান ততাতৈয়াকৈও কৰা নহ'ব । প্ৰাথমিকতা হ'ব শান্তি-শৃংখলা স্থাপন কৰা, সুৰক্ষা ব্যৱস্থা পুনৰুদ্ধাৰ কৰা আৰু তাৰ পিচত পৰৱৰ্তী পৰিকল্পনা কৰা । এইটো এক বিশ্বজনীন নিয়ম আৰু বাংলাদেশৰ বাবেও একেই হ'ব ।

নৱনিৰ্বাচিত নেতাসকলে ঋণৰ ফান্দত ডুব নোযোৱাকৈ দেশৰ জনসাধাৰণৰ বাবে তেওঁলোকৰ অগ্ৰাধিকাৰ হ'ব লাগিব বিকাশ আৰু নিয়োগ সুযোগ সৃষ্টি ।

কিন্তু ৰাষ্ট্ৰবোৰে কেতিয়াবাহে অতীতৰ বিদ্বেষ বহন কৰে । ভাৰতে সদায় সমৰ্থন কৰিবলৈ আগ্ৰহী আৰু এইটো পৰিচিত কথা । ভাৰতে সদায় নিজৰ চুবুৰীয়া দেশৰ সৈতে সৌহাৰ্দ্যমূলক চৰকাৰ পৰিচালনা কৰি আহিছে । আশাকৰোঁ আগন্তুক দিনবোৰত বাংলাদেশৰ ক্ষেত্ৰতো একেই হ'ব । বৰ্তমান যিটো প্ৰয়োজন সেয়া হৈছে ধৈৰ্য আৰু নিপুণ কূটনীতি । আৰু ই হৈছে ভাৰতৰ দুৰ্গ ।

লগতে পঢ়ক :ভাৰতত প্ৰৱেশ কৰিবলৈ সীমান্তত ভিৰ শ শ বাংলাদেশীৰ : ভাইৰেল ভিডিঅ’ই বৃদ্ধি কৰিছে আশংকা - Bangladesh crisis

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.