ETV Bharat / bharat

ৰাজ্যিক মৰ্যদাৰে শেষ বিদায় দিয়া হ’ব ৰামোজী ৰাওক: অন্ধ্ৰত দুদিনীয়া শোক দিৱস - Ramoji Rao passes away

author img

By ETV Bharat Assamese Team

Published : Jun 8, 2024, 10:55 PM IST

Ramoji Rao Passes away: চেৰুকুৰি ৰামোজী ৰাওৰ মৃত্যুত শোকস্তব্ধ তেলুগু সমাজ ৷ মিডিয়া বাৰনগৰাকীক ৰাজ্যিক মৰ্যদাৰে শেষ বিদায় দিয়াৰ সিদ্ধান্ত তেলেংগানা চৰকাৰৰ ৷ ইফালে অন্ধ্ৰত দুদিনীয়াকৈ পালন কৰা হ’ব শোক দিৱস ৷ এই দুদিন ৰাজ্যখনত অৰ্ধনমিত থাকিব ৰাষ্ট্ৰীয় পতাকা ৷

Ramoji Rao Passes away
ৰাজ্যিক মৰ্যদাৰে শেষ বিদায় দিয়া হ’ব ৰামোজী ৰাওক (ETV BHARAT ASSAM)

নিউজ ডেস্ক, ৮ জুন: ইনাডু গ্ৰুপৰ অধ্যক্ষ, বিশিষ্ট উদ্যোগপতি তথা পদ্ম বিভূষণ সন্মানেৰে সন্মানিত চেৰুকুৰি ৰামোজী ৰাওৰ শেষকৃত্য ৰাজ্যিক মৰ্যদাৰে কৰা হ’ব ৷ তেলেংগানা চৰকাৰে গ্ৰহণ কৰে এই সিদ্ধান্ত । কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকৰ বাবে সম্প্ৰতি দিল্লীত থকা তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে দিল্লীৰ পৰাই ৰাজ্য চৰকাৰৰ মুখ্য সচিবক এই নিৰ্দেশ জাৰি কৰে । ইয়াৰ পাচতেই তেলেংগানা চৰকাৰৰ মুখ্য সচিবে ৰাংগাৰেড্ডী জিলাৰ আয়ুক্ত আৰু চাইবেৰাবাদৰ আয়ুক্তক ইয়াৰ সমগ্ৰ দিশ পৰ্যবেক্ষণ কৰাৰ নিৰ্দেশ দিয়ে ৷

লগতে পঢ়ক: উভতি নহাৰ বাটেৰে গ’ললৈ ৰামোজী ফিল্ম চিটীৰ জন্মদাতা, শোকসন্তপ্ত দাক্ষিণাত্য - life history of Ramoji Rao

ইফালে অন্ধ্ৰ প্ৰদেশ চৰকাৰে ৯ জুন আৰু ১০ জুনত শোক দিন হিচাপে ঘোষণা কৰিছে । চৰকাৰে লগত উক্ত দুটা দিনত ৰাজ্যজুৰি ৰামোজী ৰাওৰ মৃত্যুত শোক প্ৰকাশৰ চিনস্বৰূপে ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰোৱা বাবেও নিৰ্দেশ দিয়ে । ইয়াৰ লগতে অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ প্ৰতিনিধি হিচাপে তিনিজন জ্যেষ্ঠ বিষয়া ক্ৰমে আৰ পি ছিছ’দিয়া, ছাইপ্ৰসাদ আৰু ৰজত ভাৰ্গৱে ৰামোজী ৰাওৰ শেষকৃত্য অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক: মাৰ্গদৰ্শী : উন্নত ভৱিষ্যৎ সন্ধানীৰ বাবে আশাৰ কিৰণ ৰামোজী ৰাও - Ramoji Rao passes away

উল্লেখ্য যে, ৰামোজী গ্ৰুপ অৱ কোম্পানীৰ অধ্যক্ষ ৰামোজী ৰাওৱে শনিবাৰৰ পুৱা হায়দৰাবাদৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৷ ৰাওৱে শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগাত 5 জুনত তেওঁক হায়দৰাবাদৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু চিকিৎসাধীন অৱস্থাতে আজি পুৱা প্ৰায় 4:50 বজাত শেষ নিশ্বাস ত্যাগ কৰে ৷

লগতে পঢ়ক: ৰামোজী ৰাও : চিনেমেটিক দূৰদৰ্শিতা আৰু ঊষা কিৰণ মুভিজৰ সফলতা - Ramoji Rao Passes Away

ৰামোজী ৰাও আছিল ৰামোজী গ্ৰুপৰ প্ৰতিষ্ঠাপক মুৰব্বী, যাৰ নেতৃত্বত গঢ় লৈ উঠিছিল ৰামোজী ফিল্ম চিটী, যি বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্ৰ দৃশ্যগ্ৰহণস্থলী । মিডিয়া বেৰনগৰাকী ইনাডু বাতৰি কাকত, ই টিভি নেটৱৰ্ক, চলচ্চিত্ৰ প্ৰডাকচন কোম্পানী উষা কিৰণ মুভিজৰ দৰে বহু উল্লেখযোগ্য সংস্থাৰ কৰ্ণধাৰ আছিল । শাৰীৰিকভাৱে চিৰবিদায় মাগিলেও ৰাওৰ তেলুগু সমাজ জীৱনলৈ থকা অৱদানসমূহ চিৰদিন খোদিত হৈ থাকিব তেলুগু সংস্কৃতিৰ প্ৰাণস্পন্দনত ৷

লগতে পঢ়ক: ৰামোজী ৰাওক শেষ শ্ৰদ্ধা ৰাজনৈতিক নেতা আৰু টলিউডৰ চেলিব্ৰিটিৰ - Media Baron Ramoji Rao

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.