ETV Bharat / bharat

পথৰ কাষত প্ৰস্ৰাৱ কৰি থাকোঁতেই প্ৰাণ গ’ল এটি শিশুৰ - BOY DIED HIT BY A VEHICLE TIRE

author img

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 1:35 PM IST

ORR tire accident: খাদ্য গ্ৰহণ কৰিবলৈ ধাবালৈ যোৱা শিশুৰ মৃত্যু ৷ কোনো বাহনৰ পৰা খুলি অহা এটা চলন্ত টায়াৰে প্ৰাণ ল’লে শিশুটিৰ ৷ পঢ়ক সবিশেষ খবৰ...

BOY DIED HIT BY A VEHICLE TIRE
শিশুৰ মৃত্যু (ETV Bharat)

নেশ্যনেল ডেস্ক, 26 জুলাই: প্ৰস্ৰাৱ কৰি থকা অৱস্থাতে মৃত্যুক আঁকোৱালি ল’লে এটি শিশুৱে ৷ কোনো বাহনৰ পৰা খুলি অহা এটা চলন্ত টায়াৰে প্ৰাণ ল’লে শিশুটিৰ ৷ হায়দৰাবাদত সংঘটিত হৈছে এই ঘটনা ৷

সাধাৰণতে দেওবাৰৰ দিনটো বন্ধৰ দিন হিচাপে সকলোৱে অলপ ব্যতিক্ৰমীভাৱে উদযাপন কৰাৰ আগ্ৰহ প্ৰকাশ কৰে ৷ সেয়া লাগিলে বজাৰ-সমাৰে হওক বা শুই শুই দিনটো পাৰ কৰাটোৱে হওক ৷ বহুলোকে আকৌ এসাঁজ মন পছন্দৰ খাদ্য গ্ৰহণ কৰি দেওবাৰৰ অলসতা দূৰ কৰিব বিচাৰে ৷ তেনে এক উদ্দেশ্যৰেই এখন ধাবাত খাদ্য গ্ৰহণ কৰিবলৈ গৈ অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হয় এটা পৰিয়াল ৷

লগতে পঢ়ক: অমনোযোগিতা নে অৱহেলা ? পাৰ্চেলত নাহিল আচাৰ, ৰেস্তোৰাঁৰ মালিকে গ্ৰাহকক দিবলগীয়া হ’ল ৩৫,০২৫ টকা - Denign pickle for parcel meal

প্ৰাপ্ত তথ্য অনুসৰি, পেটেলগুড়া গাঁৱৰ সন্দীপ ৰেড্ডীয়ে দেওবাৰে নিশা পৰিয়ালৰ লোকসকলৰ সৈতে এখন বাহনত উঠি খাদ্য গ্ৰহণৰ উদ্দেশ্যে ঘৰৰ বাহিৰলৈ যায় ৷ ৰেড্ডীৰ পৰিয়ালটোৱে মুট্টাংগী নামৰ ধাবাখনত খাদ্য গ্ৰহণ কৰাৰ পিছত কিছুসময় কটাই ঘৰলৈ আহিবলৈ যো-জা কৰে ৷

কিন্তু সন্দীপ ৰেড্ডীৰ ছয় বছৰীয়া পুত্ৰই প্ৰস্ৰাৱ কৰিবলৈ বিচৰাত পথৰ কাষতে গাড়ী ৰখাই পৰিয়ালটোৱে ৷ শিশুটিয়ে পথৰ দাঁতিতে প্ৰস্ৰাৱ কৰি থকা অৱস্থাত কৰবাৰ বাহনৰ পৰা খুলি অহা এটা টায়াৰে শিশুটিক খুন্দা মাৰে ৷ এই আঘাত সহ্য কৰিব নোৱাৰি শিশুটি ঠাইতে ঢলি পৰে ৷

ততালিকে পৰিয়ালৰ লোকে শিশুটিক সমীপৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ নি ভৰ্তি কৰোৱায় ৷ চিকিৎসাধীন অৱস্থাতে বৃহস্পতিবাৰে সন্ধিয়া শিশুটিয়ে মৃত্যুক সাৱটি লয় ৷ চুলতানপুৰৰ আউটাৰ ৰিং ৰোডত সংঘটিত এই ঘটনাৰ সূত্ৰপাত ক’ৰ পৰা হৈছিল, সেয়া এতিয়াও পোহৰলৈ অহা নাই ৷

সম্প্ৰতি ঘটনাটোৰ সন্দৰ্ভত অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে ৷ প্ৰাথমিক তদন্তত সন্দেহ কৰা অনুসৰি, আউটাৰ ৰিং ৰোডত অৱস্থিত কোনো গাড়ীৰ কাৰখানা নাইবা কোনো চলন্ত গাড়ীৰ পৰা খুলি অহা টায়াৰে প্ৰাণ ল’লে শিশুটিৰ ৷

লগতে পঢ়ক: ধাৰাসাৰ বৰষুণৰ ফলত বিমান উৰণত বাধাৰ সন্মুখীন এয়াৰ ইণ্ডিয়া : ভাৰা ওভোতাই দিয়াৰ প্ৰতিশ্ৰুতি - HEAVY RAINS EFFECTED FLIGHT SERVICE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.