ETV Bharat / bharat

ৰাজস্থানত প্ৰকৃতিৰ কালৰূপ: প্ৰবল বৰষুণৰ ফলত সংঘটিত কেইবাটাও ঘটনাত নিহত ২৩ - RAIN IN RAJASTHAN

author img

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 11:53 AM IST

Updated : Aug 12, 2024, 12:45 PM IST

Rajasthan Weather report: ৰাজস্থানত অব্যাহত প্ৰবল বৃষ্টিপাত । নেৰানেপেৰা বৰষুণৰ ফলত বহু অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে । নৈত গা ধুবলৈ গৈ কেইবাগৰাকী লোকৰ সলিল সমাধি । ভূমিস্খলনৰ দৰে ঘটনাও ৰাজ্যখনত সংঘটিত হৈছে । ৰাজ্যখনৰ 7 খন জিলাত সোমবাৰৰ দিনটোত বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে ।

Rajasthan Weather report
ৰাজস্থানত ধাৰাসাৰ বৰষুণৰ ফলত ১৯ জনৰ মৃত্যু (ANI)

নেশ্যনেল ডেস্ক, ১২ আগষ্ট: বিগত 24 ঘণ্টাত ৰাজস্থানৰ বিভিন্ন প্ৰান্তত বৰষুণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । কৃত্ৰিম বান আৰু ভূমিস্খলন সম্পৰ্কীয় কেইবাটাও ঘটনাত ৰাজ্যখনত 23 গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে ।

ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সহকাৰী আৰক্ষী আয়ুক্ত(এচিপি) মুকেশ চৌধুৰীয়ে কয়, "জয়পুৰৰ কানোটা বান্ধত দেওবাৰে 6 জন যুৱকে গা ধুবলৈ গৈছিল । সেই সময়তে তেওঁলোকৰ 5 জন পানীত ডুব যায় । অৱশ্যে 6 জনৰ ভিতৰত এজনে নিজকে ৰক্ষা কৰিবলৈ সক্ষম হয় । পৰৱৰ্তী সময়ত যুৱককেইজনৰ মৃতদেহ উদ্ধাৰ কৰা হয় ।"

এছডিআৰএফ আৰু চিভিল ডিফেন্সৰ দলে মৃতদেহবোৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে জনোৱা মতে মৃত যুৱকসকলৰ ৩ জন শাস্ত্ৰী নগৰৰ বাসিন্দা, আনহাতে এজন দাদী কা ফাটকৰ আৰু এজন নাই কি থাদিৰ ।

একেটা পৰিয়ালৰ ৭ গৰাকীৰ সলিল সমাধি:

দেওবাৰে আন এক দুৰ্ঘটনাত ভৰতপুৰৰ এখন নদীত গা ধুই থকা অৱস্থাতে এটা পৰিয়ালৰ 7 গৰাকী সদস্য সন্ধানহীন হয় । সন্ধানহীন লোকসকলক বিচাৰি উলিওৱাৰ উদ্ধাৰ অভিযান চলি আছে । আৰক্ষীয়ে জনোৱা মতে শ্ৰীনগৰ গাঁৱৰ 8 জন যুৱকে ভৰতপুৰৰ বনগংগা নদীত গা ধুই আছিল । সেই সময়তে ইজনৰ পিচত আন এজন যুৱক পানীত ডুব যায় ।

৭ খন জিলাত বিদ্যালয় বন্ধ:

ৰাজস্থানত প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰাৰ লগে লগে মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই পৰিস্থিতিৰ বুজ ল'বলৈ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈছে । বৈঠকত 7 খন গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত জিলাৰ সকলো বিদ্যালয় সোমবাৰে বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে ।

লগতে পঢ়ক: বাঢ়নী পানীয়ে উটুৱাই নিলে বিবাহ যাত্ৰীৰ বাহন, 9 জনৰ মৃত্যু - PUNJAB FLOOD

কৃত্ৰিম বানত প্ৰভাৱিত অঞ্চলবোৰত পানী নিষ্কাশন কৰাৰ লগতে খোৱাপানী, খাদ্য আৰু ঔষধৰ দৰে মৌলিক সুবিধাৰ ব্যৱস্থা নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে । একেদৰে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত পানী আৰু বিদ্যুৎ যোগান অতি শীঘ্ৰে পুনৰুদ্ধাৰ কৰিবলৈও আহ্বান জনায় ।

অন্যান্য কেতবোৰ ঘটনা:

ঝুনঝুনুৰ মেহৰানা গাঁৱৰ এটা পুখুৰীত গা ধোৱাৰ সময়তে 3 জন লোকৰ সলিল সমাধি ঘটে । তেওঁলোক আটাইকেইজন চানলোড গাঁৱৰ বাসিন্দা আছিল । আৰক্ষীয়ে জনোৱা মতে, কাৰাউলীত দেওবাৰে ধাৰাসাৰ বৰষুণৰ ফলত এটা বাসগৃহ খহি পৰে আৰু এই ঘটনাত দুগৰাকী লোকৰ মৃত্যু হয় । আনহাতে দুগৰাকী আহত হয় । আন এক ঘটনাত নাৰ্চিং প্ৰতিষ্ঠানৰ এগৰাকী শিক্ষাৰ্থীৰ বানচৱাৰাৰ কেডিয়া সোঁতত পিছলি পৰি মৃত্যু হয় ।

সোমবাৰে পুৱা জয়পুৰকে ধৰি ৰাজ্যখনৰ পূব অংশত ধাৰাবাহিক বৰষুণ হোৱা দেখা গৈছে । জিলাখনৰ চাকচু চহৰত ধাৰাসাৰ বৰষুণৰ ফলত অঞ্চলটোৰ নদী আৰু নলাবোৰ ওফন্দি উঠিছে । ধুধ নদীত তীব্ৰ প্ৰবাহৰ বাবে চাকচু-কোটখাৱদা ৰাজ্যিক ঘাইপথৰ ওপৰেৰে পানী নিগৰিছে । বেছিভাগ বান্ধ আৰু পুখুৰী ওফন্দি উঠাৰ ফলত বন্ধ ভাঙি যোৱাৰ আশংকা কৰা হৈছে । বনজাৰা বস্তিৰ ৫০ টা ঘৰলৈ যোৱাৰ পথ বন্ধ কৰা হৈছিল।

বতৰ বিজ্ঞান বিভাগৰ আগজাননী:

বতৰ বিজ্ঞান বিভাগে পূৱ ৰাজস্থানৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণৰ আগজাননী দিছে । জয়পুৰ, ভৰতপুৰ, আজমীৰ আৰু কোটা বিভাগৰ কেইবাটাও স্থানত পৰৱৰ্তী ৫-৬ দিনলৈ মধ্যমীয়াৰ পৰা ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

হেল্পলাইন নম্বৰ মুকলি:

যদি আপুনি বৰষুণৰ সময়ত সমস্যাৰ সন্মুখীন হয়, আপুনি এই ফোন নম্বৰত যোগাযোগ কৰিব পাৰে:

জয়পুৰ কালেক্টৰেট: ০১৪১-২২০৪৪৭৫, ০১৪১-২২০৪৪৭৬ আৰু আৰক্ষী নিয়ন্ত্ৰণ-১০০, ১১২

আমিৰ বান নিয়ন্ত্ৰণ কক্ষ: ৮২৭৯১৭৯০৬০

ভি কে আই বান নিয়ন্ত্ৰণ কক্ষ: ৮৭৬৪৮৮০০৭০

মালৱীয় নগৰ বান নিয়ন্ত্ৰণ কক্ষ: ৮৭৬৪৮৮০০৩০

মানসৰোবৰ বান নিয়ন্ত্ৰণ কক্ষ: ৮৭৬৪৮৮০০৬০

বাণীপাৰ্ক বান নিয়ন্ত্ৰণ কক্ষ: ৮২৭৯১৭৯১৫০

লগতে পঢ়ক : বৰষুণে দিছে বিধি-পথালি: স্থগিত ৰখা হৈছে অমৰনাথ যাত্ৰা - HEAVY RAINFALL IN KASHMIR

Last Updated : Aug 12, 2024, 12:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.