ETV Bharat / bharat

সীতাৰমণে কংগ্ৰেছৰ ইস্তাহাৰৰ পাত আওৰাইছে : চিদাম্বৰম - India Budget 2024 - INDIA BUDGET 2024

Congress React on Budget 2024 : কংগ্ৰেছৰ ইস্তাহাৰ সমিতিৰ অধ্যক্ষ পি চিদাম্বৰমে কয় যে বিত্ত মন্ত্ৰীয়ে 'কংগ্ৰেছৰ ইস্তাহাৰৰ আন কিছুমান ধাৰণাও কপি কৰিব পাৰিলেহেঁতেন' । অৱশ্যে তেওঁ এঞ্জেল টেক্স বাতিলৰ পদক্ষেপক আদৰণি জনায় ।

Congress React on Budget 2024
বাজেট সন্দৰ্ভত কংগ্ৰেছ নেতা চিদাম্বৰমৰ প্ৰতিক্ৰিয়া (ANI Photo)
author img

By ANI

Published : Jul 23, 2024, 4:41 PM IST

নিউজ ডেস্ক, ২৩ জুলাই : মঙলবাৰে সংসদত উত্থাপন কৰা কেন্দ্ৰীয় বাজেট ২০২৪-২৫ত বিত্ত মন্ত্ৰীয়ে 'সুযোগ হেৰুৱাইছে' বুলি উল্লেখ কৰি জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমে সমালোচনা কৰে । তেওঁ কয় যে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সাধাৰণ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ইস্তাহাৰত উল্লেখ কৰা নিযুক্তি সম্পৰ্কীয় ইনচেণ্টিভ (Employment-linked incentive, ELI) 'কাৰ্যত গ্ৰহণ' কৰিছে আৰু লগতে এপ্ৰেণ্টিছশ্বিপ আঁচনিও প্ৰৱৰ্তন কৰিছে ।

এক্সৰ এটা পোষ্টত প্ৰাক্তন বিত্ত মন্ত্ৰী চিদাম্বৰমে অৱশ্যে এঞ্জেল টেক্স বাতিলৰ পদক্ষেপক আদৰণি জনাই কয় যে কংগ্ৰেছে ইয়াৰ দাবী কৰি আহিছে আৰু কংগ্ৰেছৰ ইস্তাহাৰতো ইয়াৰ প্ৰস্তাৱ কৰিছিল ।

কংগ্ৰেছৰ ইস্তাহাৰ সমিতিৰ অধ্যক্ষ চিদাম্বৰমে কয় যে বিত্ত মন্ত্ৰীয়ে 'কংগ্ৰেছৰ ইস্তাহাৰৰ আন কিছুমান ধাৰণাও কপি কৰিব পাৰিলেহেঁতেন' । "মই জানি আনন্দিত যে মাননীয় বিত্ত মন্ত্ৰীয়ে নিৰ্বাচনৰ ফলাফলৰ পিচত ২০২৪ৰ লোকসভা নিৰ্বাচনৰ কংগ্ৰেছৰ ইস্তাহাৰ অধ্যয়ন কৰিছে । মই সুখী যে তেওঁ কংগ্ৰেছৰ ইস্তাহাৰৰ 30 পৃষ্ঠাত উল্লেখ কৰা নিযুক্তি সম্পৰ্কীয় ইনচেণ্টিভ (ই এল ই) প্ৰকৃততে গ্ৰহণ কৰিছে । মই সুখী যে তেওঁ কংগ্ৰেছৰ ইস্তাহাৰৰ ১১ পৃষ্ঠাত উল্লেখ কৰা প্ৰতিগৰাকী শিক্ষানবিশক ভাট্টাৰ সৈতে এপ্ৰেণ্টিছশ্বিপ আঁচনি প্ৰৱৰ্তন কৰিছে । মই ভাবোঁ যে যদি বিত্ত মন্ত্ৰীয়ে কংগ্ৰেছৰ ইস্তাহাৰত থকা আন কিছুমান ধাৰণাও যদি গ্ৰহণ কৰিলেহেঁতেন । মই থোৰতে ইয়াক সুযোগ হেৰুওৱা বুলি উল্লেখ কৰিম ।" চিদাম্বৰমে কয় ।

"বিত্ত মন্ত্ৰীয়ে এঞ্জেল টেক্স বাতিল কৰিব বুলি শুনি মই আনন্দিত হৈছিলোঁ । কংগ্ৰেছে বহু বছৰ ধৰি আৰু অতি শেহতীয়াকৈ কংগ্ৰেছৰ ইস্তাহাৰৰ ৩১ পৃষ্ঠাত ইয়াৰ বিলুপ্তিৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছে ।" তেওঁ লগতে কয় ।

আনহাতে, কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে নিযুক্তি আঁচনিখন 'কাৰ্যসূচীগত গেৰাণ্টিৰ সলনি শিৰোনাম দখল কৰিবলৈ প্ৰস্তুত কৰা হৈছে' ।

"বিত্ত মন্ত্ৰীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ন্যায় পাত্ৰ 2024-ৰ পৰা এটা পৃষ্ঠা গ্ৰহণ কৰিছে । ইয়াৰ ইণ্টাৰ্নশ্বিপ কাৰ্যসূচী স্পষ্টভাৱে কংগ্ৰেছৰ প্ৰস্তাৱিত এপ্ৰেণ্টিছশ্বিপ কাৰ্যসূচীৰ আৰ্হিত গ্ৰহণ কৰা হৈছে, যাক 'পেহলি নৌকৰি পক্কি' বুলি কোৱা হৈছিল ।" জয়ৰাম ৰমেশে এক্সৰ এটা পোষ্টত কয় ।

লগতে পঢ়ক :টেক্স স্লেব সন্দৰ্ভত বিত্তমন্ত্ৰীৰ ডাঙৰ ঘোষণা: ৩ লাখ টকা পৰ্যন্ত বাৰ্ষিক আয়ৰ ক্ষেত্ৰত কৰ ৰেহাই - India Budget 2024
লগতে পঢ়ক :নিযোগৰ সুযোগ বৃদ্ধিত গুৰুত্ব মোদী চৰকাৰৰ: 1 কোটি যুৱক-যুৱতীৰ বাবে বাজেটত বিশেষ ঘোষণা - India Budget 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.