ETV Bharat / bharat

ৰাজ্যপালৰ সাংবিধানিক অধিকাৰ খাৰিজৰ দাবী, উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল ৰাজভৱনৰ কৰ্মচাৰী - WEST BENGAL GOVERNOR

author img

By ANI

Published : Jul 4, 2024, 2:13 PM IST

Alligation against Bengal Governor : পশ্চিমবংগৰ ৰাজ্যপাল চি ভি আনন্দ বসুৰ বিৰুদ্ধে ৰাজভৱনৰ এগৰাকী অস্থায়ী কৰ্মচাৰীয়ে কিছু মাহৰ আগতে উত্থাপন কৰিছিল যৌন নিৰ্যাতনৰ অভিযোগ ৷ বিষয়টো সন্দৰ্ভত কলকাতা উচ্চ ন্যায়ালয়ে মহিলাগৰাকীয়ে কৰা আবেদন খাৰিজ কৰাৰ পিছতে ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ভুক্তভোগী ৷

WEST BENGAL GOVERNOR
ৰাজ্যপালৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ (ANI)

নিউজ ডেস্ক, 4 জুলাই: ৰাজ্যপালৰ বিৰুদ্ধে যৌন উৎপীড়নৰ গোচৰত এক নতুন মোৰ । পশ্চিমবংগৰ ৰাজ্যপাল চি ভি আনন্দ বসুৰ দ্বাৰা যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল ৰাজভৱনৰ এগৰাকী অস্থায়ী মহিলা কৰ্মচাৰীয়ে ৷

পিছে কলকাতা উচ্চ ন্যায়ালয়ে এই বিষয়টো সন্দৰ্ভত মহিলাগৰাকীয়ে কৰা আবেদন খাৰিজ কৰে ৷ সেয়ে বৰ্তমান মহিলাগৰাকীয়ে ন্যায় লাভৰ আশাত সংবিধানৰ 361 নং অনুচ্ছেদৰ অধীনত আদালতে দিয়া ৰায়ক প্ৰত্যাহ্বান জনাই কাষ চাপিছে উচ্চতম ন্যায়ালয়ৰ ৷

লগতে পঢ়ক: ৰাজ্যপালৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ ৰাজভৱনৰ কৰ্মীৰ - WEST BENGAL GOVERNOR

উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনখনত কোৱা হৈছে যে, ৰাজ্যপালে হওক বা ৰাষ্ট্ৰপতিয়ে, সাংবিধানিক সুৰক্ষা থাকিলে তেওঁলোকে কোনো শাস্তি লাভ নকৰে ৷ কিন্তু কোনোৱে আইনৰ ঊৰ্ধত নহয় । ৰাজভৱনৰ মহিলা কৰ্মচাৰীগৰাকীয়ে দাবী উত্থাপন কৰিছিল যে, সাংবিধানিক সুৰক্ষাকৱচৰ বাবে ৰাজ্যপালগৰাকীয়ে কিমান ৰেহাই পাব, তাৰ নিৰ্দেশনা প্ৰস্তুত কৰিব লাগে ।

আবেদনখনৰ আন এটা অংশত ৰাজ্যপালৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ বাবে মহিলাগৰাকীয়ে অপমানৰ সন্মুখীন হোৱা বুলিও উল্লেখ কৰিছে । যাৰ বাবে ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপে ভুক্তভোগী মহিলাগৰাকী ৷

সংবিধানৰ ৩৬১ নং অনুচ্ছেদটোৱে ৰাজ্যপালক সুৰক্ষা প্ৰদান কৰে । যাৰ বাবে পশ্চিমবংগৰ ৰাজ্যপালগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হোৱা স্বত্বেও এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই । ঘটনা সন্দৰ্ভত স্থানীয় লালবজাৰ আৰক্ষীয়ে ৰাজভৱনৰ কিছুসংখ্যক কৰ্মচাৰীক সোধ-পোছ কৰিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷

লগতে পঢ়ক: পশ্চিবংগৰ ৰাজভৱনৰ চিচিটিভি ফুটেজ মুকলি, কি আছে ভিডিঅ’ত ? - Raj Bhavan CCTV footage

আনহাতে, এই সমগ্ৰ কাণ্ডৰ সন্দৰ্ভত ৰাজপাল চিভি আনন্দ বসুৱে প্ৰকাশ নকৰিলে কোনো প্ৰতিক্ৰিয়া । ৰাজ্যপালগৰাকীয়ে প্ৰথমতে সুৰক্ষাৰ দোহাই দি ৰাজভৱনত প্ৰৱেশ নিষিদ্ধ কৰে কলকাতা আৰক্ষীৰ । অৱশ্যে আৰক্ষীয়ে আনুষ্ঠানিকভাৱে এই নিৰ্দেশনা নোপোৱাৰ বাবে ৰাজভৱনলৈ গৈ চলাইছিল তালাচী ।

কেৱল এয়াই নহয়, ৰাজভৱনৰ একাংশ কৰ্মচাৰীকো লালবজাৰ থানালৈ মাতি কৰিছিল সোধ-পোছ ৷ ইয়াৰ প্ৰত্যুত্তৰত বংগৰ সাংবিধানিক মুৰব্বীয়ে কলকাতা আৰক্ষীৰ আয়ুক্তক পদৰ পৰা আঁতৰাবলৈ উদ্যোগ গ্ৰহণ কৰে ৷ এনে এক পৰিৱেশৰ মাজতেই ভুক্তভোগীয়ে সম্প্ৰতি দ্বাৰস্থ হৈছে দেশৰ শীৰ্ষ আদালতৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.