ETV Bharat / bharat

হাৰিয়ানাত স্কুল বাছ দুৰ্ঘটনাগ্ৰস্ত, ৭ গৰাকী শিক্ষাৰ্থীৰ মৃত্যু - Haryana School Bus Accident - HARYANA SCHOOL BUS ACCIDENT

Haryana School Bus Accident: হাৰিয়ানা জিলাৰ মহেন্দ্ৰগড় জিলাত এখন ব্যক্তিগত বিদ্যালয়ৰ স্কুল বাছ দুৰ্ঘটনাত পতিত হয় । ফলত ৭ গৰাকী শিক্ষাৰ্থী নিহত হোৱাৰ বিপৰীতে বহু আহত হয় । ঈদৰ দিনা চৰকাৰী বন্ধৰ পিচতো বিদ্যালয় খোলা আছিল ।বিদ্যালয় প্ৰশাসনক শিক্ষামন্ত্ৰীৰ সকীয়নি ।

Haryana School Bus Accident
হাৰিয়ানাত স্কুল বাছ দুৰ্ঘটনাগ্ৰস্ত
author img

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 2:23 PM IST

নেশ্যনেল ডেস্ক,১১ এপ্ৰিল : পবিত্ৰ ঈদ-উল-ফিটৰক লৈ দেশজুৰি ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । তাৰ মাজতে হাৰিয়ানাৰ মহেন্দ্ৰগড় জিলাত শোকাৱহ পথ দুৰ্ঘটনা । পুৱাই দুৰ্ঘটনাত পতিত হয় এখন স্কুল বাছ । স্কুল বাছখনৰ দুৰ্ঘটনাটোত ৭ গৰাকী শিক্ষাৰ্থীয়ে মৃত্যুক আঁকোৱালি লয় । আনহাতে এই দুৰ্ঘটনাটোত বহু শিক্ষাৰ্থী আহত হয় । মহেন্দ্ৰগড় জিলাৰ কানিনা মহকুমাৰ উনহানি গাঁৱৰ সমীপত জিএলপিএছ কানিনা স্কুলৰ এই বাছখন দুৰ্ঘটনাত পতিত হয় ।

মহেন্দ্ৰগড় বাছ দুৰ্ঘটনা সন্দৰ্ভত শিক্ষা মন্ত্ৰী সীমা ত্ৰিখাই শোকপ্ৰকাশ কৰে । শিক্ষা মন্ত্ৰীগৰাকীৰ মতে এই দুৰ্ঘটনাৰ দোষীক ৰেহাই দিয়া নহ'ব । ই অতি দুখজনক ঘটনা বুলিও তেওঁ উল্লেখ কৰে য'ত ৭ গৰাকীকৈ নিষ্পাপ শিশুৱে মৃত্যুক আকোৱালি ল'বলগীয়া হৈছে । শিক্ষা মন্ত্ৰীগৰাকীৰ মতে তেওঁ ইতিমধ্যে বিষয়াসকলক ঘটনাস্থলীত উপস্থিত হ'বলৈ কৈছে । তেওঁ নিজেও ঘটনাস্থলীত উপস্থিত হৈছে । তেওঁৰ মতে চৰকাৰী বন্ধত বিদ্যালয় খোলাটো আইনৰ উলংঘন । তেওঁ উল্লেখ কৰা মতে বিদ্যালয় প্ৰশাসনৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ'ব । বাছখনৰো পৰীক্ষা কৰা হ'ব ।

সূত্ৰৰ মতে জিএল পাব্লিক স্কুল নামৰ ব্যক্তিগত বিদ্যালয়খনৰ প্ৰায় ৩৫ ৰ পৰা ৪০ গৰাকী শিক্ষাৰ্থী বাছখনেৰে যাত্ৰা কৰি আছিল । আজি চৰকাৰী বন্ধ স্বত্বেও বিদ্যালয়খন খোলা আছিল । সূত্ৰৰ মতে বাছখনে যাত্ৰা কৰাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই এডাল গছত খুন্দা মাৰে । ফলত বাছখন বাগৰি পৰে ।

দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ এটা ঘটনাস্থলীত উপস্থিত হয় । আহত ছাত্ৰ-ছাত্ৰীসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । অৱশ্যে দুৰ্ঘটনাটোৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।

কিছুমানে সন্দেহ কৰা মতে দুৰ্ঘটনাটোৰ সময়ত বাছ চালকজনে সুৰাপান কৰি আছিল । ইতিমধ্যে চালকজনৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে । প্ৰতিবেদনৰ পিচতহে চালকজনে সুৰাপান কৰিছিল নে নাই ক'ব পৰা যাব । দুৰ্ঘটনাটোৰ পিচতে সমগ্ৰ ৰাজ্যখনত শোকৰ ছাঁ পৰিছে ।

লগতে পঢ়ক :পূজাথলীত মৌ-মাখিৰ আতংক, বিধায়ক-প্ৰাক্তন বিধায়কসহ কেইবাজনকো দংশিলে মৌৱে - Honey Bee Sting

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.